ETV Bharat / state

চাকৰি: ১ লাখ ৪৩ টা চৰকাৰী পদৰ তালিকা সাজু দিছপুৰত

author img

By

Published : Jul 21, 2021, 10:09 PM IST

অসম চৰকাৰৰ চাকৰি ওলাইছে ৷ ইতিমধ্যে ১ লাখ ৪৩ টা চৰকাৰী পদত চাৰি দিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ কোনোটো বিভাগত কিমান পদ খালী আছে ? জানিবলৈ সবিশেষ পঢ়ক...

List of 1.43 lakh assam government posts ready
১ লাখ ৪৩ টা চৰকাৰী পদৰ তালিকা সাজু দিছপুৰত

গুৱাহাটী, ২১ জুলাই: দিছপুৰত চৰকাৰ গঠন কৰাৰ পিছতেই তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চলিত বৰ্ষতেই এক লাখ চৰকাৰী পদত নতুন নিযুক্তি দিয়া হ'ব । সেই অনুসৰি বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত এখন উচ্চ ক্ষমতা সম্পন্ন কমিটিও মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিল এই এক লাখ নতুন পদত নিযুক্তিৰ বিষয়টো আগবঢ়াই নিবলৈ । শেহতীয়াকৈ ৰাজ্য চৰকাৰে সাজু কৰিছে নতুনকৈ নিযুক্তি দিবলগীয়া ১ লাখ ৪৩ টা পদৰ তালিকা ।

এই পদসমূহৰ ভিতৰত অন্তৰ্ভূক্ত হৈ আছে বৰ্তমান খালী হৈ থকা পদৰ উপৰি নতুনকৈ সৃষ্টি কৰিবলগীয়া পদ । শেহতীয়াকৈ বিধানসভাত দাখিল কৰা বাজেটতো বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই কথা । সেই অনুসৰি ৪৯ টা চৰকাৰী বিভাগত দিয়া হব এই ১ লাখ ৪৩ টা পদত নিযুক্তি ।

ইয়াৰ ভিতৰত আছে ভূমি সংৰক্ষণ বিভাগত ৬৬৬ টা খালী পদ আৰু ৫২৬ টা নতুন পদ, লোক নিৰ্মাণ বিভাগত ১,৩০৮ টা খালী পদ আৰু ১,০২৭ টা নতুন পদ, সাধাৰণ প্ৰশাসন বিভাগত ৮৩০ টা খালী পদ আৰু ৮৩০ টা নতুন পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২,১৩৭ টা খালী পদ আৰু ২,১৩৮ টা নতুন পদ, পশুপালন বিভাগত ২,১৫২ টা খালী পদ আৰু ৭,১১৮ টা নতুন পদ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ৭১২ টা খালী পদ আৰু ৬৭৬ টা নতুন পদ ৷

শিক্ষা বিভাগত ৫০,৪৬৫ টা খালী পদ আৰু ২৮,১৬২ টা নতুন পদ, জলসিঞ্চন বিভাগত ২,২৫৩ টা খালী পদ আৰু ৯৪০ টা নতুন পদ, সচিবালয় প্ৰশাসন বিভাগত ৭১৯ টা খালী পদ আৰু ৬০৬ টা নতুন পদ, পৰিবহন বিভাগত ১,০০১ টা খালী পদ আৰু ১,০০১ টা নতুন পদ, বন আৰু পৰিবেশ বিভাগত ২,৯১৮ টা খালী পদ আৰু ১,৩৭৯ টা নতুন পদ ৷

একেদৰে কৃষি বিভাগত ৪৫৯ টা খালী পদ আৰু ৬৮৭ টা নতুন পদ, পৰ্যটন বিভাগত ৯৬২ টা খালী পদ আৰু ১৪৪ টা নতুন পদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৯,৩৫৩ টা খালী পদ আৰু ৯,৩৫৩ টা নতুন পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগত ১,০০৫ টা খালী পদ আৰু ৫২৬ টা নতুন পদ, সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৫৬১ টা খালী পদ আৰু ৫৬১ টা নতুন পদ ৷

ৰাজহ বিভাগত ১,১৩৯ টা খালী পদ আৰু ৯৬৫ টা নতুন পদ, খনি আৰু খনিজাত সামগ্ৰী বিভাগত ৯৮৮ টা খালী পদ আৰু ৩৯১ টা নতুন পদ, দক্ষতা বিকাশ বিভাগত ৮৭৬ টা খালী পদ আৰু ৫৩৯ টা নতুন পদ, শক্তি বিভাগত ৪৮ টা খালী পদ আৰু ৫,৭৬৯ টা নতুন পদ, গৃহ আৰু ৰাজনৈতিক বিভাগত ২০,২৪৮ টা খালী পদ আৰু ১৮,০৯৬ টা নতুন পদ ৷

লোক নিৰ্মাণ(পথ) বিভাগত ১,৩০৮ টা খালী পদ আৰু ১,৯৬৩ টা নতুন পদৰ লগতে অসম আৰক্ষীৰ ১০ টা নতুন বেটালিয়ন গঠন কৰি ১০ হাজাৰ নতুন পদত নিযুক্তি দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ।

লগতে পঢ়ক: মৰাণত উকা হৈ ৰ'ল সকলো ঈদগাহ ময়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.