ETV Bharat / state

গুৱাহাটীত উপস্থিত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ

author img

By

Published : May 31, 2022, 9:03 PM IST

Sunil Gavaskar in Guwahati
গুৱাহাটীত উপস্থিত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ

গুৱাহাটীত উপস্থিত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ । টপচেম চিমেন্টৰ ব্ৰেড এম্বেচাদৰ হিচাপে উপস্থিত কিংবদন্তি ক্ৰিকেটাৰগৰাকী । হোটেল ৰেডিচন ব্লু'ত কোম্পানীটোৱে আয়োজন কৰা এক সংবাদমেলত অংশগ্ৰহণ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ (Sunil Gavaskar in Guwahati)।

গুৱাহাটী, ৩১ মে’: গুৱাহাটীত ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ । টপচেম চিমেন্টৰ ব্ৰেড এম্বেচাদৰ হিচাপে উপস্থিত কিংবদন্তি ক্ৰিকেটাৰগৰাকী (Brand ambassador of Topcem Cement) । হোটেল ৰেডিচন ব্লু'ত কোম্পানীটোৱে আয়োজন কৰা এক সংবাদমেলত অংশগ্ৰহণ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ।

টপচেম চিমেন্টে হাতত লোৱা 'সমৃদ্ধি আঁচনিৰ' শুভাৰম্ভ কৰে সুনীল গাভাস্কাৰে (Sunil Gavaskar in Guwahati)। আঁচনিৰ শুভাৰম্ভণিৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । তেওঁ কয় যে হাৰ্ডিক পাণ্ডিয়াই ভাৰতীয় ক্ৰিকেট দলত আনিছে নতুন সম্ভাৱনা । ৰোহিত শৰ্মাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হোৱাৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ হাৰ্ডিক । ৰিয়ান পৰাগ ভাল খেলুৱৈ, সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ বুলি মন্তব্য কৰে সুনীল গাভাস্কাৰে ।

গুৱাহাটীত উপস্থিত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ

টপচেম চিমেন্টে অসমত ক্ৰিকেটৰ প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰিলে অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । সংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে যদি মোক কোনোবাই সুযোগ দিয়ে তেনেহলে মই নিশ্চয় সেই কেম্পত যোগদান কৰিম । অসমৰ উঠি অহা ক্ৰিকেটাৰসকলে যাতে উচ্চ পৰ্যায়ৰ খেল খেলিব পাৰে তাৰ বাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

গাভাস্কাৰে কয় যে ঝাৰকাণ্ডৰ পৰা কোনো ক্ৰিকেটাৰ আহিব বুলি কেতিয়াবা কোনোবাই ভাবিছিল নে ? কিন্তু সেই স্থানৰ পৰা ওলাই আহিছে ধুনী, ঈশান কৃশানৰ দৰে ক্ৰিকেটাৰ । অসমৰ পৰাও ওলাব । ক্ৰিকেটাৰ হ'ব বিচৰাসকললৈ বিশেষ পৰামৰ্শও আগবঢ়ালে সুনীল গাভাস্কাৰে ।

খেলুৱৈসকলে অধিক ঘৰুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আহ্বান গাভাস্কাৰৰ ৷ তেতিয়াহে ভাৰতীয় দলত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে কিংবদন্তিগৰাকীয়ে । অসমত অধিক হাৰত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব লাগিব বুলিও উল্লেখ কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ ।

লগতে পঢ়ক: Amguri Solar Park Project: মুকলি হ’ল ৰাজ্যৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.