ETV Bharat / state

পত্নীৰ কোম্পানীৰ ভূমি কেলেংকাৰী, অস্বস্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা !

author img

By

Published : Dec 21, 2021, 6:52 PM IST

Updated : Dec 21, 2021, 7:48 PM IST

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে প্ৰকাশিত ভূমি কেলেংকাৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো খলকনি তোলাৰ পিছত বিষয়টো মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ‌‌চৰম অস্বস্তিৰ কাৰণ হৈ পৰিছে(Land grabbing allegation against CM Himanta's family) । এনে সময়তে অনুষ্ঠিত বিধানসভাৰ চাৰিদিনীয়া শীতকালীন অধিৱেশনে অধিক বিপদত পেলাইছে মুখ্যমন্ত্ৰীগৰাকীক ।‌

গুৱাহাটী, ২১ ডিচেম্বৰ: ৰাজ্যৰ ৰাজনীতিক কাৰ্যতঃ গৰম কৰি তোলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী সন্দৰ্ভত চলা ব্যাপক চৰ্চাই অস্বস্তিত পেলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা চৰকাৰক(Alleged land scam links to CM Himant's family) । সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই এই ভূমি কেলেংকাৰীৰ কথাক লৈ সদন উত্তপ্ত হৈ পৰাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অস্বস্তি বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই অধিৱেশন এৰাই চলা পৰিলক্ষিত হৈছে । সোমবাৰে অধিৱেশনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ দলীয় সতীৰ্থসকলক লগত লৈ হঠাতে ব্যস্ত হৈ পৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক লৈ । এই বিধায়কগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰা‌ নাছিল বা‌ বিজেপিতো যোগ দিয়া নাছিল, কিন্তু সোমবাৰে হঠাতে অৰ্থহীনভাৱে ব্যস্ত পৰিছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ।

সচেতন নাগৰিকে সন্দেহ কৰিছিল যে, বিধানসভাৰ মজিয়াত চলা পত্নীৰ ভূমি কেলেংকাৰী কেন্দ্ৰিক আলোচনা এৰাই চলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছিল এই কৌশল । এই কাৰ্যত সহযোগ কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো । উল্লেখ্য যে, যোৱা ৭ ডিচেম্বৰৰ দিনা দি ৱায়াৰ আৰু স্থানীয় পৰ্টেল ক্ৰছ কাৰেন্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ভূমি কেলেংকাৰী কেন্দ্ৰিক এক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰে(Land grabbing allegation against Riniki Bhuyan Sarma) । এই কথা গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও পিছৰ পৰ্যায়ত চলা ব্যাপক চৰ্চাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো স্থান পোৱাত পৰিস্থিতি জটিল হৈ পৰিছিল ।

এই ভূমি কেলেংকাৰীৰ বিষয়তে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই নতুন দিল্লীত সংবাদমেল সম্বোধন কৰাৰ‌ পিছতে দেশৰ প্ৰতিটো প্ৰান্তলৈ মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীৰ কথা বিয়পি পৰে ।

আনহাতে, সোমবাৰে বিধানসভাৰ মজিয়াত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উল্লেখিত ভূমি কেলেংকাৰীৰ তথ্য দাঙি ধৰি কয় যে, অসম চৰকাৰৰ ভূমি নীতি ১৯৮৯, নতুন ভূমি নীতি ২০২০ আৰু ১৯৫৬ চনৰ চিলিং আইনে কাৰ নামত ভূমি আৱন্টন দিব লাগে সেই কথা স্পষ্ট কৰি থৈছে । কিন্তু ইয়াৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰু বি‌ এছ ৰিয়েল্টৰছৰ নামত ২৯ বিঘা ৯ লেচা ভূমি আইন বিৰূদ্ধভাৱে হস্তান্তৰিত কৰা‌ হৈছিল । উল্লেখযোগ্য যে, এই বিষয়টোক লৈ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে, অধ্যক্ষই সভা স্থগিত ৰাখিবলৈ বাধ্য হয় । মন কৰিবলগীয়া যে, আজিও এই ভূমি কেলেংকাৰীৰ বিষয়তে আলোচনা হোৱাৰ কথা‌ আছিল । এনে পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে পুৱাই নতুন দিল্লী অভিমুখে যাত্ৰা কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে প্ৰকাশিত ভূমি কেলেংকাৰীৰ বিপৰীতে তদন্তৰ দাবী যিমানে সৰৱ হৈ উঠিছে সিমানেই বিষয়টো এৰাই চলিছে শাসকীয় দল বিজেপিয়ে । এই সন্দৰ্ভত মতামত দিয়াৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতাক অনুৰোধ জনোৱা হৈছিল যদিও আটাইকেইজনে বিষয়টো কৌশলেৰে এৰাই চলে । এই কথাই প্ৰমাণ কৰিছে যে ভূমি কেলেংকাৰীক লৈ কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, অস্বস্তিত পৰিছে শাসকীয় দলটোৰ নেতৃত্বও ।

লগতে পঢ়ক:Akhil Gogoi Opposes Assam Govt : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ ইতিহাসৰ সবাটোকৈ ঋণগ্ৰস্ত চৰকাৰ !

Last Updated :Dec 21, 2021, 7:48 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.