ETV Bharat / state

সমগ্ৰ অসমবাসীৰ আগত শংকৰজ্যোতি বৰুৱাই মূৰ দোঁৱাই ক্ষমা খুজিব লাগে: বিদ্যুৎ শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 3:45 PM IST

Updated : Nov 25, 2023, 4:01 PM IST

AASU Sanakarjyoti Baruah Vs KMSS Bidyut Saikia
শংকৰজ্যোতি বৰুৱাক কটাক্ষ বিদ্যুৎ শইকীয়াৰ

কা আন্দোলনক লৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱালৈ কৃষক মুক্তিৰ সাধাৰণ সম্পাদকৰ প্ৰশ্ন—“আপোনালোক কেইঘণ্টাৰ বাবে জে’ললৈ গ’ল ? কেইটা পুলিচৰ কোব খালে ? কেইটা পুলিচ কেছ লাগিল ? মানুহে দুবছৰ পৰ্যন্ত জে’ল খালে ৷ জীৱনলৈ ঘুণীয়া হ’ল ৷ এতিয়া আপুনি জাতিৰ কথা ক’বলৈ আহে ? কা বিশেষজ্ঞ হ’বলৈ আহে !”

শংকৰজ্যোতি বৰুৱাক কটাক্ষ বিদ্যুৎ শইকীয়াৰ

গুৱাহাটী, ২৫ নৱেম্বৰ : ‘শংকৰজ্যোতি বৰুৱাৰ চৰিত্ৰ চিটিবাছৰ পকেটমাৰৰ দৰে’, এইদৰে কৈ দ্বিতীয়বাৰলৈ আছুৰ সম্পাদক হোৱা শংকৰজ্যোতি বৰুৱাক পকেটমাৰৰ সৈতে ৰিজাই কঠোৰ ভাষাৰে সমালোচনা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ বিষয়- কা আন্দোলন ৷ আছুৱে পুনৰ কা আন্দোলন কৰিব বুলি সংগঠনটোৰ মৰিগাঁও অধিৱেশনৰ মাজতে ঘোষণা কৰিছিল ৷ তাৰ লগতে শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰিছিল যে, কা আন্দোলনৰ বিষয়টোত আছুৰ বাদে আন সকলোৱেই পাভলুটি মাৰিলে ৷ শংকৰজ্যোতি বৰুৱাৰ এই মন্তব্যত জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ৷

“চিটি বাছৰ পকেটমাৰৰ এটা চৰিত্ৰ থাকে । পকেটমাৰৰ দল এটা যেতিয়া বাছত উঠে, তেতিয়া কোনো এজন সাধাৰণ যাত্ৰীয়ে পকেটমাৰক ধৰে তেতিয়া গোটেই জাকটোৱে হূলস্থূল লগাই ওলোটাই সেই যাত্ৰীজনকে চোৰ সজাই দিয়ে । এই শংকৰজ্যোতি বৰুৱাৰ চৰিত্ৰটোও বাছৰ পকেটমাৰৰ নিচিনা ৷ কা আন্দোলন প্ৰসংগত আচলতে অসমবাসীৰ ওচৰত মূৰ দোঁৱাই ক্ষমা বিচাৰিব লাগে শংকৰজ্যোতি বৰুৱাই যে আমাৰ ভুল হ’ল”, এই বুলি মন্তব্য কৰে বিদ্যুৎ শইকীয়াই ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে লগতে মন্তব্য কৰে যে, “অসমৰ ৩ কোটিৰো অধিক মানুহক কোনেও মুৰ্খ সজাব নোৱাৰে ৷ কা আন্দোলনক ৰাজপথৰ পৰা কৌশলেৰে কোনে নি খেলপথাৰত নাচ-গানৰ কৰ্মশালালৈ পৰিণত কৰিলে অসমৰ ৰাইজে জানে ৷ এতিয়া পকেটমাৰৰ দৰেই শংকৰজ্যোতি বৰুৱাই আনক পাভলুটি মৰা বুলি ক’বলৈ আহিছে ৷ এতিয়া আনক চোৰ সজাব খোজে !”

আছুৰ নেতৃত্বৰ প্ৰতি লগতে কৃষক মুক্তিৰ সাধাৰণ সম্পাদকজনে প্ৰশ্ন কৰে, “আপোনালোক কেইঘণ্টাৰ বাবে জে’ললৈ গ’ল ? কেইটা পুলিচৰ কোব খালে ? কেইটা পুলিচ কেছ লাগিল ? মানুহে দুবছৰ পৰ্যন্ত জে’ল খালে ৷ জীৱনলৈ ঘুণীয়া হ’ল ৷ এতিয়া আপুনি জাতিৰ কথা ক’বলৈ আহে ? কা বিশেষজ্ঞ হ’বলৈ আহে !” সদ্য সমাপ্ত মৰিগাঁও অধিৱেশনত ড৹ সমুজ্জল ভট্টাচাৰ্যৰ স্থিতাৱস্থা বাহাল ৰাখি আছুৰ নতুন কমিটী নিৰ্বাচন কৰিছিলহে মাথো, তাৰ পিচতেই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পকেটমাৰৰ সৈতে ৰিজাই চোকা সমালোচনা কৃষক মুক্তিৰ ৷ হয়তো আছুৰ ইতিহাসত কেতিয়াও এনে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল সংগঠনটো ৷ এতিয়া শংকৰজ্যোতি বৰুবা নাইবা আছুৱে ইয়াৰ কি প্ৰত্যুত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : গঠন হ’ল আছুৰ কেন্দ্ৰীয় সমিতি; আছু জিন্দাবাদ ধ্বনিৰে মুখৰিত মৰিগাঁও

Last Updated :Nov 25, 2023, 4:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.