ETV Bharat / state

Nilmani Phookans health condition deteriorates: অনুৰাগীৰ প্ৰাৰ্থনা: শীঘ্ৰে আৰোগ্য হৈ উঠক প্ৰিয় কবি

author img

By

Published : Jan 18, 2023, 8:24 PM IST

Updated : Jan 18, 2023, 10:48 PM IST

মঙলবাৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কাব্যঋষি তথা জ্ঞানপীঠ বঁটা বিজয়ী নীলমনি ফুকন ৷ বুধবাৰে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীক ৷ যশস্বী কবিগৰাকীৰ অসুস্থততাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে অনুৰাগীসকলক ৷

Nilomoni Phookan Ill
গুৰুতৰভাৱে অসুস্থ কাব্যঋষি নীলমনি ফুকন

নিউজ ডেস্ক/গুৱাহাটী, 18 জানুৱাৰী: গুৰুতৰভাৱে অসুস্থ কাব্যঋষি নীলমনি ফুকন(Nilmani Phookan Ill) ৷ মঙলবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে কাব্যঋষিগৰাকীৰ ৷ বুধবাৰে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নিজা বাসগৃহৰ পৰা গুৱাহাটীৰ সঞ্জীৱনী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে জ্ঞানপীঠ বিজয়ী নীলমনি ফুকনক(Jnanpith awardee Nilmani Phookan) ৷

Nilomoni Phookan Ill
জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত কাব্যঋষি

উল্লেখ্য যে, বিগত বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছে যশস্বী কবিগৰাকী ৷ প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে দূপৰীয়া 2 মান বজাৰ পৰা হঠাৎ অধিক অসুস্থ হৈ পৰে কাব্যঋষিগৰাকী(Nilmani Phookan health condition deteriorates) ৷ ইয়াৰ পিচতেই কবিগৰাকীৰ জ্যেষ্ঠ চিকিৎসক পুত্ৰ জ্যোতিৰ্ময় ফুকনৰ নেতৃত্বত সঞ্জীৱনী হাস্পতালৰ চিকিৎসক ডাঃ প্ৰীতম কুমাৰ বৰঠাকুৰকে ধৰি নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ দলে অব্যাহত ৰাখিছিল চিকিৎসা ৷

আনহাতে, বৰ্তমানলৈকে কবিগৰাকীৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই বুলিও জানিব পৰা গৈছে ৷ বিশেষজ্ঞ চিকিৎসকৰো পৰামৰ্শ লৈছিল পৰিয়ালৰ লোকে ৷ লগতে ICUত থকা সকলো ব্যৱস্থা কৰা হৈছিল নিজা বাসগৃহতে ৷ মঙলবাৰৰ পৰা কৃত্ৰিম অক্সিজেন প্ৰদান কৰি থকা হৈছিল কবিগৰাকীক(Nilmani Phookan under going treatment) ৷ যশস্বী কবি, কাব্যঋষি নীলমনি ফুকনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ খবৰ লাভৰ পিচতেই এতিয়া উদ্বিগ্ন হৈ পৰিছে অনুৰাগীসকল ৷ সকলোৱে কবিগৰাকী পুনৰ সুস্থ হৈ উঠাৰ বাবে জনাইছে প্ৰাৰ্থনা ৷

স্মৰ্তব্য যে, 2022 বৰ্ষৰ 11 এপ্ৰিলত কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছিল ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান "জ্ঞানপীঠ" (Jnanpith award to Nilmani Phookan) ৷ জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান নতুন দিল্লীৰ বিজ্ঞান ভৱনতে অনুষ্ঠিত হয় যদিও কেৱল কাব্যঋষিগৰাকীৰ অসুস্থতাৰ বাবেই 2022 বৰ্ষত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছিল জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান ৷

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত(Rabindra Bhavan Guwahati) অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত কাব্যঋষিগৰাকীৰ হাতত জ্ঞানপীঠ বঁটা তুলি দিছিল ভাৰতীয় জ্ঞানপীঠ অকাডেমীৰ বাচনি সমিতিৰ অধ্যক্ষ ড৹ প্ৰতিভা ৰয়ে ৷ সুদীৰ্ঘ 22 বছৰৰ অন্তত অসমীয়া সাহিত্যলৈ আহিছিল এই জ্ঞানপীঠ বঁটা ৷ আনহাতে, যশস্বী কবিগৰাকীলৈ 2019 বৰ্ষৰ 19 আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল সন্মানীয় 'ডি লীট' সন্মান ৷

লগতে পঢ়ক: Arnamai Murder Case: আৰক্ষীক তীব্ৰ সমালোচনা প্ৰাক্তন আইজিপি ভায়লেট বৰুৱাৰ

Last Updated :Jan 18, 2023, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.