ETV Bharat / state

Spy in ULFA I Camp: নিজৰ নামটো কিয় সাঙোৰ খালে সেই কথা নাজানে পাৰ্থ সাৰথি মহন্তই

author img

By

Published : Apr 26, 2022, 8:39 PM IST

Spy in ULFA I Camp
নিজৰ নামটো কিয় সাঙোৰ খালে সেই কথা নাজানে পাৰ্থ সাৰথি মহন্তই

একাধিক স্পৰ্শকাতৰ বিষয়ত সাংবাদিকৰে মুখামুখি হয় গুৱাহাটী মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্তৰ পাৰ্থ সাৰথি মহন্ত ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এটি শিশু সন্ধানহীন হোৱা সন্দৰ্ভত আৰক্ষী আয়ুক্তগৰাকীয়ে তদন্ত চলাই থকাৰ কথা প্ৰকাশ কৰে ৷ আনহাতে আলফা(স্বা)ত আৰক্ষীৰ গুপ্তচৰ(Spy in ULFA I Camp) হিচাপে এজন যুৱকক নিয়োগ কৰাৰ বিষয়টোত তেওঁৰ নাম সাঙোৰ খাই পৰা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

গুৱাহাটী, ২৬ এপ্ৰিল: অসম আৰক্ষীৰ গুপ্তচৰ হিচাপে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা)ত যোগদান কৰি(Spy in ULFA I Camp) আলফা(স্বা)ৰ হাতত ধৰা পৰি বন্দী হৈছে সঞ্জীৱ শৰ্মা নামৰ এজন যুৱক ৷ আলফাৰ পৰা প্ৰেৰণ কৰা এটা ভিডিঅ’ত আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই পঠোৱা বুলি বিস্ফোৰক মন্তব্য কৰে যুৱকজনে ৷

এই সন্দৰ্ভত যুটীয়া আয়ুক্তগৰাকীয়ে কয়, ‘‘কিয় মোৰ নামটো ল’লে মই নাজানো । মই হৈছোঁ গুৱাহাটীৰ আৰক্ষী বিষয়া । বিষয়টোৰ লগত কেৱল মহানগৰ আৰক্ষী জড়িত নহয় । আমি বিভিন্ন সময়ত বিভিন্ন মানুহৰ সৈতে কাম কৰো । হয়তো কামৰূপত থাকোতে লগ পাবও পাৰো কিন্তু মোৰ মনত নাই । কিয় কেৱল মোৰ নাম ল’লে সেইটো কৰ্তৃপক্ষই তদন্ত কৰিব’’ ।

আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এটি শিশু সন্ধানহীন(Baby missing from GMCH) হোৱা ঘটনাৰ লগত সাঙোৰ খাই পৰিছে শুৱালকুছিৰ এগৰাকী নাৰ্চৰ নাম ।

নিজৰ নামটো কিয় সাঙোৰ খালে সেই কথা নাজানে পাৰ্থ সাৰথি মহন্তই

শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ANM হিচাপে কৰ্মৰত নাৰ্চগৰাকী যোৱা ২১ মে'ৰ পৰা ২৫ মে'লৈকে ব্যক্তিগত অসুবিধা দেখুৱাই ছুটিৰ আবেদন কৰিছিল । সেই ছুটি অনুমোদন দিছিল চিকিৎসালয় কৰ্তৃপক্ষই । ইতিমধ্যে ছুটিৰ সময় উকলি যোৱাৰ পাছতো নাৰ্চগৰাকীয়ে চিকিৎসালয়ত কৰ্মৰত যোগাদান কৰা নাই বুলি বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে ।

ইফালে শিশুটিৰ সন্ধানত চেন্নাইৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে । এই বিষয় সন্দৰ্ভত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তৰ পাৰ্থ সাৰথি মহন্তই (JCP Partha Sarathi Mahanta) সংবাদ মাধ্যমৰ আগত কয়, ‘‘সমগ্ৰ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ । কণমাণিটিৰ ভৱিষ্যতৰ কথা আছে । আমি সকলো দিশ পৰ্যালোচনা কৰি আছো ।’’ আওপকীয়াকৈ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে চেন্নাই আৰক্ষীৰ সহায় লোৱাৰ কথা স্বীকাৰ কৰে ।

লগতে পঢ়ক: আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.