ETV Bharat / state

ইছলাম আৰু খ্ৰীষ্টান দুই বিদেশী শক্তিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ পৰম্পৰা আৰম্ভ হৈছে: সত্যৰঞ্জন বৰা

author img

By

Published : Jul 5, 2022, 7:45 PM IST

Right wing leader Satya Ranjan Borah
ইছলাম আৰু খ্ৰীষ্টান দুই বিদেশী শক্তিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ পৰম্পৰা আৰম্ভ হৈছে: সত্যৰঞ্জন বৰা

সংবাদমেল সম্বোধন কৰি পুনৰ বিস্ফোৰক মন্তব্য আগবঢ়ালে সত্যৰঞ্জন বৰাই ৷ ইছলাম আৰু খ্ৰীষ্টানক দুই বিদেশী শক্তি আখ্যা দিয়ে বৰাই ৷ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা ST লোকসকলৰ জনজাতীয় মৰ্যদা কৰ্তনৰো দাবী জনায় হিন্দুত্ববাদী নেতাগৰাকীয়ে (Islam and Christianity-Satya Ranjan Boras explosive remarks) ৷

গুৱাহাটী, ৫ জুলাই: গুৱাহাটী প্ৰেছ ক্লাৱত কুটুম্ব সুৰক্ষা পৰিষদ(kutumba suraksha parishad) আৰু অল বাথৌ মহাসভাৰ(All Bathou Mahasabha) সংবাদমেল । বাথৌ ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লুকাছ বসুমতাৰীক লগত লৈ সংবাদমেল সম্বোধন । সংবাদমেলত বহু বিস্ফোৰক অভিযোগ সত্যৰঞ্জন বৰা আৰু বাথৌ মহাসভাৰ (Islam and Christianity-Satya Ranjan Boras explosive remarks) ।

কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই কয় যে খ্ৰীষ্টান ধৰ্মৰ অবাধ প্ৰচাৰে ভাবুকি মাতি আনিছে বাথৌসকলৰ প্ৰতি । খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা ST লোকসকলৰ জনজাতীয় মৰ্যদা কৰ্তনৰ কৰিবলৈ চৰকাৰক আহ্বান জনাই বৰাই কয় যে ইছলাম আৰু খ্ৰীষ্টান দুই বিদেশী শক্তিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ পৰম্পৰা আজিৰ পৰা আৰম্ভ হৈছে । মুছলমানে যিদৰে ডিঙিত গামোচা লৈ অসমীয়া হোৱাৰ ভাও ধৰে খ্ৰীষ্টানে ঢোল, খোল লৈ গায়ন বায়ন হোৱাৰ ভাও ধৰিলে নহ’ব ।

ইছলাম আৰু খ্ৰীষ্টান দুই বিদেশী শক্তিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ পৰম্পৰা আৰম্ভ হৈছে: সত্যৰঞ্জন বৰা

ইফালে নিৰ্বাচনত বড়োভূমিৰ বাথৌ সনাতন ধৰ্মী লোকৰ মাজৰ পৰা প্ৰাৰ্থী নিদিলে প্ৰতিটো ৰাজনৈতিক দলে ভুগিব লাগিব বুলি সত্যৰঞ্জন বৰাই মন্তব্য কৰে । লগতে তেও কয়, ‘‘ইতিমধ্যে বড়োভূমিৰ প্ৰায় ৩০ হাজাৰৰো অধিক লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে । বাথৌসকলক অশিক্ষিত লোক হিচাপে গণ্য কৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰিছে । ধনৰ লোভ দেখুৱাই সহজ-সৰল মনৰ লোকক ধৰ্মান্তৰিত কৰিছে খ্ৰীষ্টান মিছনাৰীয়ে'’৷

উল্লেখ্য যে বাক্সা বাছবাৰীৰ নিবাসী লুকাছ বসুমতাৰীৰ পিতৃ-মাতৃয়ে ২০০০ চনতে বাথৌ ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল (converted from Bathoism to Christianity)। তেওঁ পুণৰ ব’হাগৰ পৰা বাথৌ ধৰ্মলৈ ঘূৰি অহাত খ্ৰীষ্টান মিছনাৰীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে । লুকাছ বসুমতাৰীৰ ঘৰলৈ খ্ৰীষ্টান ধৰ্মৰ লোক গ’লে বা মাতিলে ৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদমেলত লুকাছ বসুমতাৰীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: Edgbaston Test racism : বৰ্ণবাদৰ বলি ভাৰতীয় অনুৰাগী, আৰম্ভ হৈছে তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.