ETV Bharat / state

IBSA World Games: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উজলিল অসমৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাস

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 5:43 PM IST

আই বি এছ এ (IBSA) বিশ্ব ক্ৰীড়াত স্বৰ্ণ পদক অৰ্জন ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ । ইংলেণ্ডৰ বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখন ৷ ভাৰতীয় দলটোত আছিল নগাঁৱৰ চিমু দাস ৷ চিমু দাসে ছেমি ফাইনেলত ৮৬ ৰাণৰ এটা অনবদ্য ইনিংছ খেলাৰ লগতে এটা উইকেট দখল কৰে ।

IBSA World Games
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উজলিল অসমৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাস

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উজলিল অসমৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাস

গুৱাহাটী, ২৭ জুলাই: ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলে আই বি এছ এ (IBSA) বিশ্ব ক্ৰীড়াত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে । ইংলেণ্ডৰ বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক ৯ উইকেটত হৰুৱাই এই ইতিহাস ৰচনা কৰে । আন্তঃৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰীড়া সংস্থাৰ বিশ্ব ক্ৰীড়া চমুকৈ আই বি এছ এ বিশ্ব ক্ৰীড়াত এইবাৰ প্ৰথমবাৰৰ বাবে দৃষ্টিহীনৰ ক্ৰিকেট অন্তৰ্ভূক্ত কৰা হৈছিল ।

আই বি এছ এ বিশ্ব ক্ৰীড়াত ইতিহাস ৰচনা কৰা ভাৰতীয় মহিলা দলটোত আছে এগৰাকী অসমৰ খেলুৱৈ । এই খেলুৱৈগৰাকী হৈছে নগাঁও জিলাৰ কঠিয়াতলীৰ কছাৰী গাঁৱৰ দৰিদ্ৰ ঘৰৰ জিয়ৰী চিমু দাস । দেউতাকে গর্ভাৱস্থাতে এৰি যোৱা চিমু দাসক মাতৃ অঞ্জু দাসে লোকৰ ঘৰত বন কৰি ডাঙৰ দীঘল কৰিছিল । চিমুৰ ভাতৃও বিশেষভাৱে সক্ষম ।

প্ৰতিযোগিতাখনত ভাৰত জয়ী হোৱাত তেওঁ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল । আই বি এছ এ বিশ্ব ক্ৰীড়াৰ মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত চিমু দাসে ৮৬ ৰাণৰ এটা অনবদ্য ইনিংছ খেলাৰ লগতে এটা উইকেট দখল কৰিছিল ।

ভাৰতৰ প্ৰথমটো দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ সদস্য হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল চিমু দাসে । ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে অলপতে নেপাল ভ্ৰমণ কৰিছিল । এই সন্দৰ্ভত চিমু দাসে কয়, "মই অসমৰ সুনাম কঢ়িয়াই আনিম, ভাল কাম কৰিম । মোক আশীৰ্বাদ দিয়াৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ ৷ লগতে আনাগত দিনবোৰত অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিলো ।’’

উল্লেখযোগ্য যে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি তথা ক্ৰিকেট এছ'চিয়েচন ফ’ৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়াৰ ৰাজ্যিক সমন্বয়ক ভৃগু বৰঠাকুৰে বিগত কেইবাবছৰ ধৰি চিমু দাসক সহায় সহযোগিতা আগবঢ়াই আহিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত দেশৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা এইগৰাকী দৃষ্টিহীন মহিলা ক্ৰিকেটাৰলৈ সহায় সহযোগ আগবঢ়াবলৈ ভৃগু বৰঠাকুৰে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ।

লগতে পঢ়ক: Asian Games 2023: এছিয়ান গেমছলৈ সাজু ৬৩৪ গৰাকী ভাৰতীয় খেলুৱৈৰ বৃহৎ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.