ETV Bharat / state

শ্ৰমিক আইনৰ সংশোধনৰ বিৰোধিতা ভাৰতীয় মজদুৰ সংঘৰ

author img

By

Published : May 21, 2020, 5:09 PM IST

শ্ৰমিক আইনৰ সংশোধনী ঘটাই কেতবোৰ নতুন নীতি-নিয়ম প্ৰৱৰ্তন কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই পৰিছে ভাৰতীয় মজদুৰ সংঘ৷চৰকাৰে অতি শীঘ্ৰে সিদ্ধান্ত সলনি নকৰিলে 30 মে'ৰ পৰা সমগ্ৰ দেশজুৰি মহাসংঘই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ভাৰতীয় মজদুৰ সংঘৰ৷

Indian Trade Union Confederation opposed labor Law
শ্ৰমিক আইনৰ সংশোধনৰ বিৰোধিতা ভাৰতীয় মজদুৰ সংঘৰ

গুৱাহাটী,21মে':শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক আইনৰ সংশোধনী ঘটাই কেতবোৰ নতুন নীতি-নিয়ম প্ৰৱৰ্তন কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই পৰিছে ভাৰতীয় মজদুৰ সংঘ ৷ চৰকাৰৰ এনে কাৰ্যৰ বিৰোধিতাৰে আজি এক ভিডিঅ'ৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰে অখিল ভাৰতীয় কনষ্ট্ৰাকচন মজদুৰ মহাসংঘৰ সম্পাদক তথা ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক উপ সভাপতি নিকচন ৰাজকোঁৱৰে৷উপ সভাপতি গৰাকীয়ে কয় যে, শ্ৰমিক আইনৰ নতুন নীতি-নিয়ম প্ৰৱৰ্তন হ'লে শ্ৰমিকসকলে নিজৰ প্ৰাপ্যৰ কাৰণে আন্দোলন কৰিব নোৱাৰাৰ লগতে যিকোনো সমস্যা হ'লে ন্যায়ালয়ৰো কাষ চাপিব নোৱাৰিব শ্ৰমিকসকল ৷ এনে ক্ষেত্ৰত শ্ৰমিক বিৰোধী চৰকাৰৰ হঠকাৰী সিদ্ধান্তসমূহ সলনি কৰিবলৈ দাবী জনাইছে ভাৰতীয় মজদুৰ সংঘই ৷ ইপিনে, চৰকাৰে অতি শীঘ্ৰে সিদ্ধান্ত সলনি নকৰিলে 30 মে'ৰ পৰা সমগ্ৰ দেশজুৰি মহাসংঘই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

শ্ৰমিক আইনৰ সংশোধনৰ বিৰোধিতা ভাৰতীয় মজদুৰ সংঘৰ

উল্লেখযোগ্য যে, ইতিমধ্যে এই সংক্ৰান্তত মজদুৰ সংঘই 18মে'ত দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি স্মাৰকপত্ৰও প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ17 মে' পৰ্যন্ত ভাৰতত নিবনুৱাৰ সংখ্যা 24 শতাংশঃ CMIE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.