ETV Bharat / state

Assam film awards: ব্যতিক্ৰমী ৰূপত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন

author img

By

Published : Feb 18, 2023, 9:42 PM IST

Important meeting on Assam film awards by Minister Bimal Bora
মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনত বৈঠক

ৰাজ্যিক চলচ্চিত্ৰ বঁটা সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক (Minister Bimal Bora) । ১০ মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান । প্ৰদান কৰা হ’ব ২০১৮ আৰু ২০১৯ বৰ্ষৰ চলচ্চিত্ৰ বঁটা ।

গুৱাহাটী,১৮ ফেব্ৰুৱাৰী: সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত আজি অৰ্থাৎ শনিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক (Meeting chaired by Minister Bimal Bora at Janata Bhawan) ৷ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত জনতা ভৱনত অনুষ্ঠিত হয় এই বৈঠক ৷

প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' মুক্তি লাভৰ দিনটোতে অৰ্থাৎ অহা ১০ মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান । এই সন্দৰ্ভত আজিৰ বৈঠকত বিষদভাৱে আলোচনা কৰা হয় (Assam film award)।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে সাংস্কৃতিক সঞ্চালকালয় আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমে যুটীয়াভাৱে আয়োজন কৰিব লগা এই চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্ৰৰ বিভিন্ন শিতানত বিভিন্ন ব্যক্তিৰ নামত প্ৰদান কৰিব লগা বঁটা, জুৰি সকলৰ ব্যবস্থাপনা, প্ৰচাৰ, আয়োজনৰ বিভিন্ন দিশকে ধৰি বাজেট সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ।

লগতে পঢ়ক: New Assamese film Black N white: ধূসৰ বৰণীয়া জীৱনৰ কাহিনীলৈ আহি আছে Black N white

বৈঠকত সাংস্কৃতিক মন্ত্ৰী বড়াই (Minister Bimal Bora) বঁটা প্ৰদান অনুষ্ঠানটো যাতে গতানুগতিক নহৈ এক ব্যতিক্ৰমী অনুষ্ঠান হয় তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এক নিখুত পৰিকল্পনা যুগুতাই উলিয়াবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰী, অতিৰিক্ত সচিব মণিদীপা বৰকটকী, সাংস্কৃতিক সঞ্চালক মীনাক্ষী দাস নাথ, যুটীয়া সচিবদ্বয় দিনমনি দাস আৰু বিজয় লক্ষ্মী বৰুৱাকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত আছিল ।

উল্লেখ্য যে, ১৯৩৫ চনত মুক্তি লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি হৈছে জয়মতী (First Assamese film Joymoti) । অসমৰ 'সতী জয়মতী' নাটকৰ ওপৰত ভিত্তি কৰিয়েই জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল । এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে । ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনত আৰু ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে (Indian playwright Jyoti Prasad Agarwala)। ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত এই ছবিৰ মূল ছুটিং কৰা হৈছিল ।

লগতে পঢ়ক: Tallest Shiva statue in Nalbari: শিৱৰাত্ৰিৰ দিনাই নলবাৰীত উন্মোচন উত্তৰ-পূৱৰ সৰ্ববৃহৎ শিৱ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.