ETV Bharat / entertainment

New Assamese film Black N white: ধূসৰ বৰণীয়া জীৱনৰ কাহিনীলৈ আহি আছে Black N white

author img

By

Published : Feb 15, 2023, 6:25 PM IST

Updated : Feb 16, 2023, 9:02 AM IST

যোৰহাট, 15 ফেব্ৰুৱাৰী : ডক্তৰ বেজবৰুৱা 2 ৰ অপাৰ সফলতাৰ পিচত এতিয়া আহি আছে আন এখন নতুন অসমীয়া ছবি ব্লেক এণ্ড হোৱাইট ৷ জোৰদাৰ গতিত প্ৰচাৰ চলিছে আগন্তুক অসমীয়া ছবি  ব্লেক এণ্ড হোৱাইটৰ ৷ ছবিখনৰ দলটো প্ৰথমো উপস্থিত হয় যোৰহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত ৷ 24 ফেব্ৰুৱাৰীত ছবি গৃহলৈ আহি আছে ৰবি শৰ্মা অভিনীত ব্লেক এণ্ড হোৱাইট ।

মংগলবাৰে যোৰহাটৰ কেইবাখনো শিক্ষানুষ্ঠানত ছবিখনৰ প্ৰচাৰ চলালে Black N white টীমটোৱে (promotion of new assamese film Black N white ) । অহা 24 ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ৰবি শৰ্মা অভিনীত ছবিখনৰ বাবে অসমবাসীয়ে বহু আগ্ৰহেৰে বাট চাই আছে ( new assamese film Black N white ) ৷ ক’লা বগাৰ মাজত ধূসৰ ৰঙৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত হৈছে ছবিখন ৷ ৰাজনীতিৰ পৰা চাছপেন্স সকলো উপাদান উপভোগ কৰিবলৈ পাব দৰ্শকে ছবিখনত ৷ মংগলবাৰে যোৰহাটৰ বিভিন্ন ঠাইৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান ক্ৰিচেণ্ট একাডেমী, জে বি কলেজ আদিত টীম ব্লেক এণ্ড হোৱাইটৰ ক'লা কুশলী সকলৰ এটা দল উপস্থিত হৈ শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে ৷

ৰোমাঞ্চ, এক্সনেৰে ভৰপূৰ উক্ত বোলছবি খন উপভোগ কৰিবলৈ ৰবি শৰ্মা সহিতে চিনেমা খনৰ সকলো কলা-কুশলীয়ে সকলোকে আহবান জনায় (Black N white ) । অসমীয়া বোলছবিৰ উদ্যোগটিক উৎসাহিত কৰি বিশ্ব দৰবাৰত অধিক জিলিকাই তুলিব পৰা কৰিবলৈ সকলোকে আহ্বান জনায় তেওঁলোকে । ছাত্ৰ-ছাত্ৰী সকলেও প্ৰিয় অভিনেতা ৰবি শৰ্মাক ওচৰত পাই আনন্দত আত্মহাৰা হৈ পৰে (film Black N white  cast) । ছবিখনৰ দলটোৱে সকলোৰে পৰা ভাল সঁহাৰি লাভ কৰে বুলি জানিবলৈ দিয়ে ৷

উক্ত চিনামখন প্ৰচাৰ অভিযানত উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী, অসমীয়া বোলছবিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে লাগি থকা সমীৰ ৰয় , বলীউডৰ চাউণ্ড ইঞ্জিনিয়াৰ গৌতম চক্ৰৱৰ্তী, ক্ৰিচেণ্ট একাডেমীৰ সঞ্চালক জিতা বৰুৱা আৰু শান্তনু বৰুৱা । সকলোকে অসমীয়া বোলছবি চাবলৈ আমন্ত্ৰণ জনায় ক্ৰিচেণ্ট একাডেমীৰ সঞ্চালক জিতা বৰুৱাই  ৷

উল্লেখ্য যে মৃতপ্ৰায় অসমীয়া ছবি জগত উদ্যোগটো ক্ৰমন্বায়ে উন্নতিৰ শিখৰলৈ গতি কৰিছে ৷ পূৰ্বৰ গৰিমা এতিয়া অসমীয়া ছবিয়ে ঘুৰাই আনিবলৈ সক্ষম হৈছে । সেয়েহে এতিয়া এখন পিচত আন এখন সুন্দৰ নিখুঁত ছবি চলচিত্ৰ প্ৰেমী ৰাইজলৈ নিৰ্মাতা সকলে আগবঢ়াই দিছে । ৰাইজেও উপভোগ কৰিবলৈ লৈছে অসমীয়া চিনেমা ৷

লগতে পঢ়ক : Complaint against Akshay Kumar:দেশৰ মানচিত্ৰক অপমান কৰাৰ অভিযোগ অভিনেতা অক্ষয় কুমাৰৰ বিৰুদ্ধে

Black N white
ব্লেক এণ্ড হোৱাইটৰ প্ৰচাৰ

Last Updated : Feb 16, 2023, 9:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.