ETV Bharat / state

এতিয়াৰে পৰা বিদ্যুতৰ বিল পৰিশোধ নকৰিলে কৰ্মচাৰীয়ে নাপাব দৰমহা

author img

By

Published : Jun 19, 2021, 9:19 PM IST

Important Guidelines of APDCL Authorities
এতিয়াৰ বিদ্যুৰ বিল পৰিশোধ কৰিলে চৰকাৰী কৰ্মচাৰীয়ে নাপাব দৰমহা

এটি ডাঙৰ খবৰ ! এপিডিচিএল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে এপিডিচিএল কৰ্তৃপক্ষই প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি জুন মাহৰ দৰমহা পাবলৈ হ'লে 30 জুনৰ ভিতৰত পৰিশোধ কৰিব লাগিব বিদ্যুতৰ বিল ৷

গুৱাহাটী, ১৯ জুন : এপিডিচিএলক লোকচানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে হাতত লৈছে এক অভিনৱ পন্থা । এই পন্থাৰ প্ৰথম টাৰ্গেট কৰি লোৱা হৈছে চৰকাৰী কৰ্মচাৰীসকলক । উল্লেখ্য যে, এপিডিচিএলৰ বৃহৎ লোকচানৰ বিষয়টোক লৈ স্বয়ং মুখ্যমন্ত্ৰীয়ে উদ্বিগ্ন হৈ পৰাৰ লগতে নিজে ইয়াত হস্তক্ষেপ কৰে ৷

ইয়াৰ পাচতে শনিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে এপিডিচিএল কৰ্তৃপক্ষই ৷ চলিত জুন মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে দৰমহা লাভৰ পূৰ্বে দাখিল কৰিব লাগিব নিয়মীয়া বিজুলী বিল পৰিশোধৰ নথি । অন্যথা সেই নথি অবিহনে কোনো চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰিব দৰমহা ।

Important Guidelines of APDCL Authorities
এতিয়াৰ বিদ্যুৰ বিল পৰিশোধ কৰিলে চৰকাৰী কৰ্মচাৰীয়ে নাপাব দৰমহা

উল্লেখ্য যে, এপিডিচিএলৰ পৰিচালন সঞ্চালকে আজি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত আৰু সচিবলৈ এই সম্পৰ্কীয় জাননী প্ৰেৰণ কৰিছে । অহা মাহৰ দৰমহা পাবলৈ হ'লে ৩০ জুনৰ ভিতৰত বিদ্যুত বিল পৰিশোধ কৰিবলৈ আহ্ৱান জনোৱা হৈছে জাননীখনত ।

লগতে পঢ়ক: ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.