ETV Bharat / state

Murder For Extramarital Affair: পৰকীয়াৰ সন্দেহ, পত্নীৰ ডিঙি কাটি উটুৱাই দিলে স্বামীয়ে

author img

By

Published : Jan 5, 2023, 8:16 PM IST

এইবাৰ শিলিগুড়িত শ্রদ্ধাকাণ্ডৰ পুনৰাবৃত্তি ৷ পত্নীৰ শৰীৰৰ পৰা মূৰ পৃথক কৰি পুখুৰীত পেলাই দিলে স্বামীয়ে ৷ অৱশ্যে এয়া লাভ জিহাদৰ ঘটনা নহয় । ইয়াৰ নেপথ্যত আছে পৰকীয়াৰ সন্দেহ (Husband cuts wife for extramarital affair) ৷

murder
murder

নিউজ ডেস্ক, ৫ জানুৱাৰী : পৰকীয়াৰ সন্দেহৰ ফলত পত্নীৰ শৰীৰৰ পৰা শিৰ পৃথক কৰি পুখুৰীত পেলাই দিলে স্বামীয়ে (Husband cuts wife for extramarital affair) । শিলিগুড়িত গাৰ নোম শিয়ৰি উঠা এই ঘটনাত বহুতকে পুনৰ সোঁৱৰাই দিছে দিল্লীৰ শ্রদ্ধা হত্যাকাণ্ডৰ ছবি । আৰক্ষীৰ জেৰাত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰো কৰে অভিযুক্ত স্বামীয়ে (Husband accused in murder wife in Siliguri) ৷ ইয়াৰ পিছতেই ততাতৈয়াকৈ পুখুৰীত মৃতদেহ সন্ধানৰ কাম আৰম্ভ কৰে আৰক্ষীয়ে । মৃতদেহৰ সন্ধানত আৰম্ভ হয় তালাচী ৷ উক্ত ঘটনাত স্বাভাৱিকতে হতবাক হৈ পৰে আৰক্ষীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোক ।

আৰক্ষী সূত্রে জানিব পৰা মতে, মৃতকৰ নাম ৰেণুকা খাতুন (29 )। ৰেণুকাৰ স্বামী মহম্মদ আনছাৰুল পেছাত এজন ৰং মিস্ত্রী । আনহাতে, পত্নী ৰেণুকাই বিউটিচিয়ানৰ প্রশিক্ষণ লৈছিল বুলি পৰিয়ালৰ সূত্রে জানিব পৰা গৈছে ৷ মৃত ৰেণুকাৰ ঘৰ শিলিগুড়ি পৌৰ নিগমৰ অধীনৰ 42 নম্বৰ ৱার্ডৰ প্রকাশ নগৰত ।

ছবছৰমান পূৰ্বে 43 নম্বৰ ৱার্ডৰেই দাদাভাই কল'নিৰ বাসিন্দা আনছাৰুলৰ সৈতে তেওঁৰ বিয়া হয় ৷ তেওঁলোকৰ এটো সন্তানো আছে । এমাহমান পূৰ্বে ৰেণুকাই শিলিগুড়িৰ কলেজ পাৰাত বিউটিচিয়ান পাঠক্ৰমত নামভর্তি কৰাৰ পিছৰ পৰাই স্বামীৰ মনত পৰকীয়াৰ সন্দেহে বাহ লয় । তাৰ পিছত বিগত 24 ডিচেম্বৰত হঠাতে নিখোঁজ হৈ পৰে ৰেণুকা (Husband murdered wife for extramarital affair) ৷

ইফালে ৰেণুকা নিখোঁজ হোৱাৰ পিছত 25 ডিচেম্বৰত শিলিগুড়ি থানাত শহুৰেকৰ সৈতে গৈ থানাত নিখোঁজৰ অভিযোগ দাখিল কৰে আনছাৰুলে । তাৰ পিছতেই তদন্তত নামি পৰে শিলিগুড়ি থানাৰ আৰক্ষী । তদন্তত নমাৰ পিছত আনছাৰুলৰ ওপৰতেই প্ৰথম সন্দেহৰ দৃষ্টি যায় আৰক্ষীৰ ৷ তাৰ পিছত তেওঁক সোধা-পোছা আৰম্ভ কৰে আৰক্ষীয়ে ।

কিন্তু আনছাৰুলৰ বিসঙ্গতিপূর্ণ বক্তব্যৰ কাৰণে তেওঁক আৰক্ষীয়ে আটক কৰি জোৰা কৰিবলৈ আৰম্ভ কৰে ৷ অৱশেষত আৰক্ষীৰ জেৰাত নিজকে লুকুৱাই ৰাখিবলৈ নোৱাৰিলে আনছাৰুলে । আৰক্ষীৰ জেৰাত সকলো স্বাকীৰ কৰে আনছাৰুলে । জেৰাত আনছাৰুলে জনায় যে 24 ডিচেম্বৰৰ নিশা পত্নীক শিলিগুড়ি সংলগ্ন ফুলবাড়িৰ গোৱালটুলিৰ ভাঁজৰ ওচৰৰ এক নির্জন স্থানলৈ লৈ যায় আনছাৰুলে ৷ তাৰ পিছত ৰেণুকাক তাতেই তেওঁ হত্যা কৰে । তাৰ পিছত মৃতদেহ লুকুৱাবৰ বাবে শৰীৰৰ পৰা মূৰটো কাটি পেলায় ৷ তাৰ পিছত মৃতদেহ দুটা পৃথক বস্তাত ভৰাই পুখুৰীত পেলাই দিয়ে ।

ঘটনা সন্দৰ্ভত মৃতকৰ প্রতিবেশী মহম্মদ চুলেমানেও কয়, "ৰেণুকাক তেওঁৰ স্বামীয়েই হত্যা কৰা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে । 24 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তেওঁ । মৃতদেহৰ এতিয়াও সন্ধান পোৱা নাই । পুখুৰীটোত অনুসন্ধান চলি আছে ।"

লগতে পঢ়ক :Assam woman in Pakistan Jail: পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.