ETV Bharat / state

উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী

author img

By

Published : Nov 3, 2021, 5:57 PM IST

উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী
উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী

উপ নিৰ্বাচনত বহু ভোটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী ৷ যাৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিলে ইভিএমৰ ন’টা বুটাম ৷ ন’টাত ভোট দিলে ৭,৬৩৬ গৰাকীয়ে ৷ অৰ্থাৎ 1.30 শতাংশ ভোটাৰে পচন্দৰ প্ৰাৰ্থী নাপাই ন’টাত ভোট দিলে ৷ তামুলপুৰত সৰ্বাধিক ২,৯০৬ জন ভোটাৰে ন’টাত দিলে ভোট ৷

গুৱাহাটী, 3 নৱেম্বৰ : ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে চমকপ্ৰদ সাফল্য অৰ্জন কৰি একপ্ৰকাৰ অভিলেখ গঢ়িলে ৷ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা তিনিখনৰ তিনিখনতে আৰু মিত্ৰদল ইউপিপিএল দলে দুয়োখনতে বিজয়ধ্বজা উৰুৱালে ৷ কিন্তু এই উপ নিৰ্বাচনতো বহু ভোটাৰে নাপালে নিজৰ পচন্দৰ প্ৰাৰ্থী ৷ যাৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিলে ইভিএমৰ 'ন’টা' বুটাম ৷

উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী
উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী

উপ নিৰ্বাচনত জয়ী প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান যথেষ্ট বেছি আছিল ৷ মুঠতে বিজেপি মিত্ৰজোঁটে প্ৰতিটো সমষ্টিতে বিৰোধীক ধূলিসাৎ কৰি দিলে ৷ যিমান ভোট লাভ কৰি প্ৰার্থীকেইজন জয়ী হৈছে বা মুঠতে যিমান ভোট পৰিছিল, তাৰ তুলনাত ন’টাৰ ভোটৰ সংখ্যা বহু বেছি নহয় ৷ কিন্তু একেবাৰে নগণ্যও নহয় ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এজনো প্ৰার্থীক পছন্দ নকৰা তথা যোগ্য বুলি নভবা সচেতন ভোটাৰে ইভিএমৰ জৰিয়তে ন’টাত বুটাম টিপি তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিছে ৷ ন’টাত সৰ্বাধিক ভোট দিছে তামুলপুৰ সমষ্টিৰ ভোটাৰে ৷ ইয়াৰ বিপৰীতে সৰ্বনিম্ন ভোট পৰিছে থাওৰা সমষ্টিত ৷

উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী
বাঢ়িছে ন’টা ভোটৰ সংখ্যা

তামুলপুৰত ২,৯০৬ জন ভোটাৰে ন’টাৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ থাওৰাত ৭২৬ জন ভোটাৰে ন’টা ব্যৱহাৰ কৰে ৷ সেইদৰে গোঁসাইগাঁও সমষ্টিত ১,৩৬৯ জনে, ভৱানীপুৰ সমষ্টিত ১,১২০ জনে আৰু মৰিয়নী সমষ্টিত ১,৫১৫ জন ভোটাৰে ন’টাত ভোট দি ভোটাধিকাৰ সাব্যস্ত কৰে ৷ পাঁচটা সমষ্টিত মুঠতে ন’টাত ভোট দিয়া ভোটাৰৰ সংখ্যা হ’ল ৭,৬৩৬ জন ৷ অৰ্থাৎ ১.৩০ শতাংশ ভোটাৰে পচন্দৰ প্ৰাৰ্থী নাপাই ন’টাত ভোট দিলে ৷

উল্লেখ্য যে, পাঁচটা সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৯৬,৪৫৬ গৰাকী ৷ ইয়াৰে ৫,৮৭,৫৪৮ গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল ৷ পাঁচটা সমষ্টিত ভোটদ‍ানৰ হাৰ আছিল ৭৩.৭৭ শতাংশ ৷ ২০২১ চনৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ২,১৯,৫৭৮ গৰাকী ভোটাৰে ন’টা ব্যৱহাৰ কৰে ৷ সেইদৰে ২০১৬ ৰ নিৰ্বাচনত ১,৮৯,০৬৫ গৰাকী ভোটাৰে ন’টাৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷ ক্ৰমাৎ যেন বৃদ্ধি পাব ধৰিছে ন’টাত ভোট দিয়াৰ সংখ্যা ৷

লগতে চাওক: দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.