ETV Bharat / state

Bachchu Kadu Controversial Remarks : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Mar 23, 2023, 6:40 PM IST

প্ৰসংগ মহাৰাষ্ট্ৰৰ বিধায়কৰ কুকুৰ বিতৰ্ক । কুকুৰ বিতৰ্ক সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ প্ৰতিক্ৰিয়া বিচাৰি পত্ৰ প্ৰেৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma letter to Eknath Shinde) । অৱশ্যে মুখ্যমন্ত্ৰীৰ পত্ৰৰ উত্তৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিধায়ক বাচ্চু কাডুৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে ৰাজহুৱা হোৱা নাই ।

Maharashtra CM
Maharashtra CM

গুৱাহাটী, ২৩ মাৰ্চ : কুকুৰৰ মাংসৰ বিতৰ্কক লৈ অসমৰ‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ (Maharashtra CM Eknath Shinde) । যোৱা ১৯ মাৰ্চত কুকুৰৰ মাংস বিতৰ্কক সন্দৰ্ভত অসমৰ‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ প্ৰেৰণ কৰিছিল এই পত্ৰখন (Himanta Biswa Sarma letter to Eknath Shinde) । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই পত্ৰখন ৰাজহুৱা কৰিছে ।

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মহাৰাষ্ট্ৰৰ বিধানসভাত মন্তব্য কৰিছিল (Bachchu Kadu controversial comments on Assam people) । গুৱাহাটীত ৰাজ আতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল, "অসমৰ মানুহে কুকুৰৰ মাংস খায় । মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক । অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ।"

কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলায় । লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Maharastra MLA Bachchu Kadu bizarre advice) । মন কৰিবলগীয়া যে অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথমদিনাই কুকুৰৰ প্ৰংসগই বিশেষ স্থান লাভ কৰিছিল । ৰাজ্যপালৰ ভাষণৰ মাজতে কুকুৰৰ প্ৰংসগক লৈ বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে । ইয়াকে লৈ সদনত এক হুলুস্থুলীয়া পৰিৱেশৰো সৃষ্টি হয় । বিৰোধীৰ উত্তাল প্ৰতিবাদত ৰাজ্যপালে ১৭ মিনিট ভাষণ দি ভাষণ আধাতে সামৰিবলৈ বাধ্য হৈছিল । আনহাতে, এই মন্তব্যৰ প্ৰতিবাদ জনাই বিৰোধীয়ে সদন আধাতে ত্যাগ কৰে ।

পিছত মুখ্যমন্ত্ৰীয়ে সদনত ঘোষণা কৰে যে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ পত্ৰ প্ৰেৰণ কৰিছে (Assam CM letter to Maharashtra CM) । যাৰবাবে যোৱা ১৯ মাৰ্চত অসমৰ‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একনাথ সিন্দেলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধায়ক বাচ্চু কাডুৱে মহাৰাষ্ট্ৰৰ বিধানসভাত কুকুৰৰ মাংস সন্দৰ্ভত অসমবাসীৰ প্ৰতি এক অপমানজনক মন্তব্য কৰিছে ।

এই ক্ষেত্ৰত বিধায়ক বাচ্চু কাডুৱে এই মন্তব্য উঠাই লোৱাৰ লগতে এক বিবৃতি প্ৰকাশ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্ৰৰ জৰিয়তে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় । মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ সম্পৰ্কত এতিয়ালৈকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু বিধায়ক বাচ্চু কাডুৱে কোনো মন্তব্য ৰাজহুৱা কৰা নাই ।

লগতে পঢ়ক :All India Vice Chancellors Conference at USTM: সন্মিলন উদ্বোধন কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.