ETV Bharat / state

Heatwave hits Assam: ৰাজ্যত গ্ৰীষ্মৰ প্ৰকোপ ! 38 ডিগ্ৰী অতিক্ৰম কৰিছে পাৰাস্তম্ভই

author img

By

Published : Jun 2, 2023, 3:38 PM IST

Heatwave hits Assam
Heatwave hits Assam

দ্ৰুত জলবায়ু পৰিৱৰ্তনে (Climate change) প্ৰভাৱ পেলাইছে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাত ৷ সম্প্ৰতি উৎকট গৰমৰ ফলত ব্যাহত হৈ পৰিছে দৈনন্দিন জীৱন ৷ ৰাজ্যত ইমানেই গ্ৰীষ্মৰ প্ৰকোপ বৃদ্ধি পাইছে যে পাৰাস্তম্ভই অতিক্ৰম কৰিছে 38 ডিগ্ৰী চেলছিয়াছ ৷

গুৱাহাটী, 2 জুন: জুনৰ আৰম্ভণিতে উৎকট গৰমত দহিছে সমগ্ৰ ৰাজ্য ৷ বৰষুণৰ অভাৱত পুনৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে পাৰাস্তম্ভ । ৰাজ্যৰ কোনো কোনো অঞ্চলত সর্বাধিক তাপমান ৩৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে । উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন লুকা-ভাকুৱে স্বাভাৱিক জীৱনযাত্ৰা অধিক দুর্বিষহ কৰি তুলিছে (Heat waves rise in Assam) ।

অৱশ্যে জুনৰ পহিলা সপ্তাহটোত তাপমান সামান্য হ্রাস পোৱাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্রই অহা পাঁচ-ছদিন ৰাজ্যখনত বৃষ্টিপাত হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে । ফলত তাপমান ৩৪-৩৫ ডিগ্রী চেলছিয়াছলৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে । গোলকীয় উষ্ণতা বৃদ্ধিক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন যদিও প্রতি বছৰে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাটো সৰ্বসাধাৰণ ৰাইজৰ বাবে অতিশয় যন্ত্রণাদায়ক হৈ পৰিছে (Heat wave hits Assam)।

প্ৰখৰ ৰ’দত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটোৱেই সমস্যা হৈ পৰিছে । বিশেষকৈ স্কুলীয়া ছাত্র-ছাত্ৰীসকলৰ বাবে প্ৰচণ্ড গৰমত বিদ্যালয়লৈ অহা-যোৱা কৰা তথা পাঠ গ্ৰহণ কৰাটো কষ্টদায়ক হৈ পৰিছে । বিভিন্ন কাম-কাজত বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হোৱা লোকসকলৰ এখন্তেক হ’লেও জিৰণি লোৱাৰ বাবে বিশাল গছৰ ছাঁ একমাত্র আশ্রয়স্থল হৈ পৰিছে (Heat wave hits normal life in Assam) ।

উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ শীতল পানীয়, ডাব নাৰিকলৰ পানী, ফলৰ ৰস, কুঁহিয়াৰৰ ৰস পান কৰিবলগা হৈছে । গ্রীষ্ম দহন বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বিদ্যুতৰ সঘন লুকা-ভাকুৱে জীৱন-যাত্রা অধিক দুর্বিষহ কৰি তুলিছে । গ্রামাঞ্চলেই হওক বা চহৰাঞ্চলেও হওক, সকলোতে সঘনাই হৈ থকা লোড শ্বেডিঙত সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে ।

শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ কেইবাখনো জিলাত সর্বাধিক তাপমানে ৩৮ ডিগ্রী চেলচিয়াছ অতিক্ৰম কৰিছে । গুৱাহাটীকে ধৰি ৰাজ্যৰ আন কেইখনমান চহৰতো আজি পাৰাস্তম্ভ ৩৭ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে । শুকুৰবাৰে সৰ্বাধিক তাপমান গুৱাহাটীত ৩৭.৪ ডিগ্ৰী চেলছিয়াছ, গোৱালপাৰাত ৩৭.২ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৭.৫ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৩৭.২ ডিগ্ৰী চেলছিয়াছ আৰু তেজপুৰত ৩৭.৪ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে (Assam weather report) ।

আনহাতে, যোৰহাটত আজিৰ দিনটোত সর্বাধিক তাপমান আছিল ৩৬.৬ ডিগ্ৰী চেলছিয়াছ । গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি বাংলাদেশৰ পূব আৰু পার্শ্বৱর্তী অঞ্চলত সমুদ্রপৃষ্ঠৰ ৩.১ কিলোমিটাৰ ওপৰত ঘূর্ণীবতাহ বিৰাজমান হৈ আছে । ইয়াৰ ফলত অহা পাঁচ-ছদিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে (Guwahati weather update) ।

অহা ২৪ ঘন্টাত অসম, মেঘালয় আৰু মিজোৰামৰ কোনো কোনো অঞ্চলত প্রতি ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে । অহা ৮ জুনলৈ গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত মহানগৰখনৰ সর্বোচ্চ তাপমান ৩৪-৩৫ ডিগ্রী চেলছিয়াছলৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য, এই বছৰটোত এতিয়ালৈকে গুৱাহাটীৰ আটাইতকৈ গৰমৰ দিনটো আছিল যোৱা ১৬ এপ্রিল । সেই দিনটোত মহানগৰখনৰ সৰ্বাধিক তাপমান আছিল ৩৭.৭ ডিগ্রী চেলছিয়াছ । এই মাহত মহানগৰখনত ২৫৩.৬ মিঃ মিঃ বৰষুণ হ’ব লাগিছিল যদিও আজিলৈকে হোৱা মুঠ বৰষুণৰ পৰিমাণ হ’ল ১৪৮.৯ মিঃ মিঃ । অর্থাৎ মাহটোত ঘাটি বৰষুণৰ পৰিমাণ ৪১ শতাংশ ৷

লগতে পঢ়ক: Pradhan Mantri Krishi Sinchai Yojana : অসমত আধৰুৱা হৈ ৰৈছে প্ৰধানমন্ত্রী কৃষি সিঁচাই যোজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.