ETV Bharat / state

Pradhan Mantri Krishi Sinchai Yojana : অসমত আধৰুৱা হৈ ৰৈছে প্ৰধানমন্ত্রী কৃষি সিঁচাই যোজনা

author img

By

Published : Jun 2, 2023, 2:20 PM IST

আঁচনিৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পৰ অনুমোদন নিদিলে কেন্দ্ৰই । এটা বছৰ ধৰি অনুমোদন নিদিয়াকৈ কেন্দ্ৰই পেলাই ৰাখিছে অসমৰ পৰা প্ৰেৰণ কৰা পি এম কে এছ ৱাইৰ দুটা পৰ্যায়ৰ প্ৰকল্পসমূহৰ প্ৰস্তাৱ (Pradhan Mantri Krishi Sinchai Yojana)। প্রথম দুটা পৰ্যায়ত ৫০০ কোটিকৈ ১০০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছিল । প্রথম পর্যায়ত ১৪ খন জিলাত আৰু দ্বিতীয় পর্যায়ত ৯ খন জিলাত কেইবাটাও সৰু সৰু জলসিঞ্চন প্রকল্প নির্মাণ কৰি উলিওৱা হয় ।

Pradhan Mantri Krishi Sinchai Yojana
কৃষকসকল উপকৃত হ'ব পৰা নাই

গুৱাহাটী, ২ জুন : কৃষিখণ্ডৰ বিকাশৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও বাস্তৱত কিন্তু কৃষকসকল উপকৃত হ'ব পৰা নাই । বহু সময়ত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে আঁচনিসমূহৰ সুফল লাভৰ পৰা বঞ্চিত হয় কৃষকসকল । তেনে এক কাৰণতে অসমত অসমাপ্ত হৈ ৰৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্রধানমন্ত্রী কৃষি সিঁচাই যোজনা (পি এম কে এছ বাই) নামৰ আঁচনিখন (Pradhan Mantri Krishi Sinchai Yojana)।

Pradhan Mantri Krishi Sinchai Yojana
চাহ বাগিচাত পানী যোগান

বিগত এটা বছৰ ধৰি অনুমোদন নিদিয়াকৈ কেন্দ্ৰই পেলাই ৰাখিছে অসমৰ পৰা প্ৰেৰণ কৰা পি এম কে এছ ৱাইৰ দুটা পৰ্যায়ৰ প্ৰকল্পসমূহৰ প্ৰস্তাৱ । ৰাজ্যখনত আঁচনিখনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ ৰূপায়ণ সম্পন্ন হোৱাৰ পাচত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পসমূহৰ বাবে জলসিঞ্চন বিভাগে কেন্দ্রলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । কিন্তু এমাহ-দুমাহ নহয়, প্রায় এটা বছৰ অতিক্ৰম কৰাৰ পাচতো তৃতীয় আৰু চতুর্থ পৰ্যায়ৰ প্ৰকল্পসমূহত অনুমোদন নিদিলে । যাৰ ফলত অসমত আঁচনিখন আধৰুৱা হৈ ৰৈছে ।

আঁচনিখনৰ ৰূপায়ণ কেতিয়ালৈ সম্পন্ন হ’ব সেই বিষয়ে জলসিঞ্চন বিভাগো জ্ঞাত নহয় । উল্লেখ্য যে, জলসিঞ্চনৰ পৰম্পৰাগতভাৱে চলি অহা ‘এ আই বি পি’ আঁচনিখন বন্ধ কৰি পি এম কে এছ ৱাই নামৰ নতুন আঁচনি এখন কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল।দেশৰ সকলো শ্ৰেণীৰ কৃষি ভূমিত পর্যাপ্ত পৰিমাণৰ পানী যোগান ধৰাৰ লক্ষ্যেৰে গ্ৰহণ কৰিছিল পি এম কে এছ বাই আঁচনিখন ।

Pradhan Mantri Krishi Sinchai Yojana
৯ খন জিলাত কেইবাটাও সৰু সৰু জলসিঞ্চন প্রকল্প নির্মাণ

২০১৪ চনত কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পাচত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন গ্ৰহণ কৰিছিল আৰু ২০১৫ চনৰ এক জুলাইত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকে আঁচনিখনত অনুমোদন জনাইছিল । অসমত আঁচনিখন ৰূপায়ণৰ বাবে ২০১৭ চনৰ ফেব্ৰুৱাৰীত ৰাজ্যিক পৰ্যায়ৰ অনুমোদন কমিটীয়ে অনুমোদন জনাইছিল আৰু তাৰ পাচতেই আঁচনিখনৰ ৰূপায়ণ আৰম্ভ হৈছিল ।

প্রথম দুটা পৰ্যায়ত ৫০০ কোটিকৈ ১০০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছিল আৰু সেই ধনেৰে প্রথম পর্যায়ত ১৪ খন জিলাত আৰু দ্বিতীয় পর্যায়ত ৯ খন জিলাত কেইবাটাও সৰু সৰু জলসিঞ্চন প্রকল্প নির্মাণ কৰি উলিওৱা হয় । এইপ্রকল্পসমূহৰ মাজত কিছু সংখ্যক আছিল বিদ্যুতচালিত জলসিঞ্চন প্রকল্প আৰু কিছু সংখ্যক আছিল সৌৰশক্তিচালিত প্রকল্প ।

প্রথম পৰ্যায়ৰ বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, ডিব্ৰুগড়, গোৱালপাৰা, যোৰহাট, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, দৰং, নগাঁও, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত কিছুসংখ্যক প্ৰকল্পৰ নিৰ্মাণ সম্পন্ন কৰা হয় । দ্বিতীয় পর্যায়ত বাক্সা, ধেমাজি, মৰিগাঁও, নলবাৰী, লখিমপুৰ, কাৰ্বি আংলং, কাছাৰ, কৰিমগঞ্জ আৰু তিনিচুকীয়া জিলাত নির্দিষ্ট সংখ্যক প্রকল্প নির্মাণ কৰা হয় ।

প্রথম পৰ্যায়ত ১৮,৫৭৭ গৰাকী কৃষকক উপকৃত কৰিব পৰাকৈ ১৯,১১৬ হেক্টৰ ভূমি সামৰি জলসিঞ্চন প্রকল্প নিৰ্মাণ কৰা হয় । দ্বিতীয় পৰ্যায়ৰ সামৰি লোৱা হয় ১৯,৬৬৪ হেক্টৰ কৃষি ভূমি । প্রথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহ নিৰ্মাণ চলি থকা অৱস্থাতেই জলসিঞ্চন বিভাগে তৃতীয় আৰু চতুর্থ পৰ্যায়ৰ প্ৰকল্পৰ প্ৰস্তাৱসমূহ প্ৰস্তুত কৰি অনুমোদনৰ বাবে কেন্দ্ৰৰ ওচৰত দাখিল কৰিছিল ।

Pradhan Mantri Krishi Sinchai Yojana
‘এ আই বি পি’ আঁচনিখন বন্ধ

কিন্তু প্রায় এটা বছৰ অতিবাহিত হোৱাৰ পাচতো সেই প্রস্তাবসমূহত কেন্দ্রই অনুমোদন নিদিলে । অর্থাৎ প্রথম আৰু দ্বিতীয় পৰ্যায়ৰ প্রকল্পসমূহৰ নিৰ্মাণ সম্পন্ন হোৱাৰ পাচত এতিয়া প্ৰকল্পৰ বাবে মাহৰ পাচত মাহ ধৰি জলসিঞ্চন বিভাগে অপেক্ষা কৰিও ব্যর্থ হ'ব লগা হৈছে ।

জানিব পৰা মতে, তৃতীয় পৰ্যায়ৰ প্ৰস্তাৱসমূহ আছিল চাহ বাগিচা অঞ্চলৰ । অর্থাৎ প্রথমবাৰৰ বাবে পি এম কে এছ বাই আঁচনিৰ অধীনত চাহ বাগিচাত পানী যোগান ধৰাৰ বাবে জলসিঞ্চন বিভাগে প্রস্তাৱ প্ৰস্তুত কৰিছিল । যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে অধিক আগ্ৰহেৰে অপেক্ষা কৰিছিল ।

Pradhan Mantri Krishi Sinchai Yojana
অসমৰ পৰা প্ৰেৰণ কৰা পি এম কে এছ ৱাইৰ দুটা পৰ্যায়ৰ প্ৰকল্পসমূহৰ প্ৰস্তাৱ

কিন্তু এতিয়া প্ৰকল্পৰ প্ৰস্তাৱেই কেন্দ্রই অনুমোদন নজনালে । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ অভিলাষী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কৃষকসকল ।

লগতে পঢ়ক : Assam CM in BJP office at Basistha; বাঁহেৰে AEC ত বাইঅ’ দেৱাল নিৰ্মাণ কৰা হ’ব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.