ETV Bharat / state

আঢ়ৈ মাহৰ অন্তত মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা

author img

By

Published : Jul 22, 2021, 3:59 PM IST

আঢ়ৈ মাহৰ অন্তত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে সেৱা পুনৰ আৰম্ভ ৷ কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে 6 মে'ৰ পৰা বন্ধ হৈ আছিল এই সেৱা ৷ 50 শতাংশ যাত্ৰীৰে চলিব এই সেৱা ৷ পূৰ্বৰ তুলনাত ভাড়া বৃদ্ধিৰ সিদ্ধান্ত ৷ দুয়োটা পথেৰে অহা-যোৱা কৰিলে পূৰ্বৰ 100 টকাৰ পৰিৱৰ্তে বৰ্তমান ভৰিব লাগিব 150 টকা ৷

Guwahati North Guwahati ropeway service resumed from Thursday
গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে সেৱা

নিউজ ডেস্ক, 22 জুলাই : প্ৰায় আঢ়ৈ মাহৰ অন্তত পুনৰ আৰম্ভ হ'ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে সেৱা ৷ ক'ভিড সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিগত 6 মে'ৰ পৰা উক্ত সেৱা বন্ধ হৈ আছিল ৷ সেৱা বন্ধ থকাৰ আঢ়ৈ মাহ পাচত অৰ্থাৎ 22 জুলাইৰ পৰা পুনৰ এই সেৱা আৰম্ভ কৰা হৈছে ৷

অৱশ্যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে সেৱা পুনৰ আৰম্ভ কৰা হৈছে যদিও মাত্ৰ 50 শতাংশ যাত্ৰীৰ সৈতে সেৱা অব্যাহত ৰখাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ সেয়েহে মাত্ৰ 50 শতাংশ যাত্ৰীৰ সৈতে চলিবলগীয়া এই সেৱাৰ বাবে ভাড়াৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ৷ উল্লেখ্য যে, পূৰ্বে দুয়োটা পথেৰে অহা-যোৱাৰ মূল্য আছিল 100 টকা ৷ বৰ্তমান সেই মূল্য 150 টকালৈ বৃদ্ধি কৰা হৈছে ৷

জিএমডিএ(Guwahati Metropolitan Development Authority)য়ে জাৰি কৰা এক জাননী অনুসৰি পুৱা 8 বজাৰ পৰা আবেলি 5.30 বজালৈ এই সেৱা আগবঢ়োৱা হ'ব ৷ ইয়াৰ সমান্তৰালকৈ ৰ'পৱেৰে যাতায়াত কৰা লোকসকলে ক'ভিড-19 প্ৰট'কল কঠোৰভাৱে মানি চলিব লাগিব ৷ অন্যথা এই যাত্ৰাৰ পৰা বঞ্চিত কৰা হ’ব ৷

লক্ষণীয়ভাৱে পূৰ্বে এটা পথেৰে এবাৰত যাত্ৰা কৰিলে যাত্ৰীসকলে 60 টকা ভাড়া ভৰিবলগীয়া হৈছিল ৷ বৰ্তমান সেই ভাড়া 100 টকালৈ বৃদ্ধি কৰা হৈছে ৷ অৱশ্যে শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলৰ ভাড়া একে থাকিব ৷ আকৌ ৰ'পৱে ব্যৱহাৰৰ বাবে সাপ্তাহিক মাচুল 2000 টকা নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে মাহিলী ভাড়া 6000 টকা নিৰ্ধাৰণ কৰা হৈছে ৷

বিশেষভাৱে সক্ষম যাত্ৰীসকলৰ বাবে এই সেৱা সম্পূৰ্ণ বিনামূলীয়া ৷ উল্লেখ্য যে, নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ প্ৰায় এবছৰ পাচত ৰ'পৱে সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল ৷ 2020 চনৰ 28 আগষ্টত যথেষ্ট ধুমধামেৰে তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত ভাৰতৰ ভিতৰতে দীৰ্ঘতম এই ৰ'পৱে সেৱা মুকলি কৰা হৈছিল ৷

মুঠ 56.08 কোটি টকাৰ এই ৰ'পৱে প্ৰকল্পটো 2006 চনত GMDA ক আৱণ্টন দিয়া হৈছিল ৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে 1.82 কিল’মিটাৰ দৈৰ্ঘৰ এই bi-cable jig-back ৰ'পৱে নিৰ্মাণ কৰা হৈছে ৷ 30 গৰাকী যাত্ৰীৰ সৈতে দুজন ক্ৰু সদস্য ৰাখিব পৰাকৈ এই ৰ'পৱেত দুটা কেবিন আছে ৷ অৱশ্যে বৰ্তমান ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে মাত্ৰ 15 জন যাত্ৰী কঢ়িওৱাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: পুণৰ ৰ'পৱে সেৱা মুকলি, নিষিদ্ধ সাংবাদিকৰ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.