ETV Bharat / state

দুটাতকৈ অধিক সন্তান থকা সকলে নাপাব চৰকাৰী চাকৰি

author img

By

Published : Oct 22, 2019, 6:17 AM IST

Updated : Oct 22, 2019, 1:36 PM IST

ৰাজ্যত ২৫ শতাংশকৈ বৃদ্ধি পাব বাছৰ ভাড়া

ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা বলৱৎ হ'ব গ্ৰহণ কৰা নতুন নীতিসমূহ ৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা ৷


গুৱাহাটী,21 অক্টোবৰ: ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ জনতাৰ ওপৰত পুনৰ ৰাম টাঙোন চৰকাৰৰ ৷ ৰাজ্যত ২৫ শতাংশকৈ বৃদ্ধি পাব বাছৰ ভাৰা ৷ সোমবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ আনহাতে বৈঠকত নতুন ভূমি নীতি গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ভূমিহীন খিলঞ্জীয়াক দিয়া হ'ব ৩ বিঘাকৈ মাটি ৷ ইফালে চৰকাৰী চাকৰিতো দুই সন্তান নীতি প্ৰয়োগৰ সিদ্ধান্ত ৷ দুটাতকৈ অধিক সন্তান থকা লোকে নাপায় চৰকাৰী চাকৰি লগতে কৰিব নোৱাৰিব চাকৰিৰ বাবে আৱেদন ৷ ২০২১ৰ ১ জানুৱাৰীৰ পৰা বলৱৎ হ'ব এই নিয়ম ৷

ৰাজ্যত ২৫ শতাংশকৈ বৃদ্ধি পাব বাছৰ ভাড়া

কেবিনেটৰ বৈঠকত গ্ৰামোন্নয়ন সন্দৰ্ভতো কেইবাটাও নতুন সিদ্ধান্ত লোৱা হয় ৷ ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিত প্ৰত্যেকগৰাকীক মাহে তিনিশ টকা কৈ দিয়া হব লগতে ১২৭৭ টা নতুন পদ খুলিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত । উল্লেখযোগ্য যে জাপানীজ এনকেফেলাইটিছ ৰোগ সামৰি ল'ব অটল অমৃত যোজনাত । ইয়াৰোপৰি অটল অমিত অভিযানে এতিয়াৰ পৰা সামৰিব 'আইচিইউ'(ICU) ত থকা ৰোগীক ৷ কেৱিনেট বৈঠকৰ পাছত গ্ৰহণ কৰা এই নতুন নীতি আৰু আঁচনীৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

Intro: # ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
জনতাৰ ওপৰত পুনৰ ৰাম টাঙোন চৰকাৰৰ
ৰাজ্যত ২৫ শতাংশকৈ বৃদ্ধি পাব বাছৰ ভাৰা
কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত
বৈঠকত নতুন ভূমি নীতি গ্ৰহণৰ সিদ্ধান্ত
ভূমিহীন খিলঞ্জীয়াক দিয়া হ'ব ৩ বিঘাকৈ ভূমি
চৰকাৰী চাকৰিতো দুই সন্তান নীতি প্ৰয়োগৰ সিদ্ধান্ত
দুটাতকৈ অধিক সন্তান থকা লোকে নাপায় চৰকাৰী চাকৰি
চাকৰিৰ বাবে আৱেদনো কৰিব নোৱাৰিব এইসকলে
২০২১ৰ ১ জানুৱাৰীৰ পৰা বলৱৎ হ'ব এই নিয়ম
#Cabinet

Body:বাছৰ ২৫% ভাড়া বৃদ্ধি।


ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিত প্ৰত্যেকগৰাকীক মাহে তিনিশ টকা কৈ দিয়া হব।

১২৭৭ টা নতুন পদ সৃষ্টি পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগত।

.নতুন ভূমি নীতি গ্ৰহণ। ভূমি হীন খিলঞ্জীয়া ক তিনি বিঘাকৈ মাটি দিয়া হ’ব।

Conclusion:জাপানীজ এনকেফ্লাইটিছ ৰোগ সামৰি লব অটল অমৃত যোজনাত।
# অটল অমিত অভিযানে এতিয়া ৰ পৰা সামৰিব ICU ত থকা ৰোগীক।
# দুটাতকৈ অধিক সন্তান থাকিলে আবেদন কৰিব নোৱাৰিব চৰকাৰী চাকৰিত
Last Updated :Oct 22, 2019, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.