ETV Bharat / state

Guwahati North-Guwahati bridge: নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ নহ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং

author img

By

Published : Feb 18, 2022, 7:05 PM IST

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিমাৰ্ণৰ কাম যথেষ্ট লেহেমীয়া গতিৰে চলি আছে (Guwahati North-Guwahati connecting bridge Construction is at a slow pace)। যাৰ বাবে নিৰ্দ্ধাৰিত সময়ত দলংখন নিৰ্মাণ সম্পূৰ্ণ নোহোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে ৷

Guwahati North Guwahati bridge
নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ নহ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং

গুৱাহাটী, 18 জানুৱাৰী: গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিমাৰ্ণৰ কাম যথেষ্ট লেহেমীয়া গতিৰে চলি আছে (Guwahati North-Guwahati connecting bridge Construction is at a slow pace)। যাৰবাবে নিৰ্দ্ধাৰিত সময়ত দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে । উল্লেখ্য যে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । ২০২০ চনৰ পৰা দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । ২০২৩ চনৰ ভিতৰত উত্তৰ গুৱাহাটী ৰাইজৰ বহু আকাংক্ষিত দলংখন নিৰ্মাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । কিন্তু দুই বছৰৰ অধিক সময়ত দলংখনৰ নিৰ্মাণৰ ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে । গতিকে অহা দুই বছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণৰ বাকী ৫০ শতাংশ কাম সম্পূৰ্ণ হ'ব । গতিকে ২০২৪ চনতহে নিৰ্মাণ হ'ব । ইয়াৰ পৰা দেখা যায় যে, ২০২৩ চনত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সম্ভাৱনা নাই । তথাপি গড়কাপ্টানী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভুদেৱ শৰ্মাই ২০২৩ চনতে গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলং নিমাৰ্ণৰ কাম সম্পূৰ্ণ হ'ব বুলি দাবী কৰিছে । তেওঁ জনায় যে, দলংখনৰ নিৰ্মাণৰ কাম বৰ্তমানলৈ ৫০ শতাংশ সম্পূৰ্ণ হৈছে । ব্ৰক্ষ্মপুত্ৰ নদীত দলঙৰ খুঁটা বহুৱাৰ পৰা আৰম্ভ কৰি দলংখনৰ সংযোগী পথ নিৰ্মাণৰ কাম সমান্তৰালভাবে চলি আছে ।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ ওপৰত নিমাৰ্ণ কৰি থকা দলংখনৰ বাবে ব্ৰিকছৰ নিউ ডেভেল’পমেন্ট বেংক চমুকৈ এন ডি বিয়ে(New Development Bank) ২০০০ কোটি টকাৰ ঋণ দিছে৷ দলংখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে৷ দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ মাত্ৰ ৭ মিনিটৰ বাট হ’ব । গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখন ছয় লেনযুক্তকৈ নিমাৰ্ণ কৰা হ’ব৷ দলংখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিমাৰ্ণ কৰা হ’ব ৷ ডি পি আৰ মতে, এ টি ৰোড আৰু এম জি ৰোডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণৰ কৰি থকা হৈছে। উত্তৰ গুৱাহাটীৰ পৰা আহি দলংখনে এ টি ৰোডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ পইন্টত স্পৰ্শ কৰিব ৷ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টতৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু বিপৰীতে উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেস্কৰ পইন্টলৈ আহিব পাৰিব ৷ দুয়োটা দলংপথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব ৷ দলংখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী ‘ৱাই’ ৰ দৰে নিৰ্মাণ কৰা হ’ব৷ দলংখনৰ দক্ষিণ দিশত অৰ্থাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত এটা আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ সম্মূখত আন এটা ৰ’টাৰী নিৰ্মাণ কৰা হ’ব৷ দুয়োটা ৰ’টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ কৰা হ’ব ৷

উল্লেখ্য যে, গুৱাহাটীৰ পৰা যোৱা দলংখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ ৩৯০ মিটাৰ তলেৰে যাব ৷ তাৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ছয়লেনযুক্ত ৰাস্তা নিমাৰ্ণ কৰা হ’ব ৷ উত্তৰ গুৱাহাটীৰ ৰেল আলিৰ ওপৰেৰে যাবলগা ৰাস্তাটোত দুটা ৰোড অভাৰ ব্ৰীজ চমুকৈ আৰ অ’ বি নিৰ্মাণ কৰা হ’ব ৷ আনহাতে কলেজ নগৰ আৰু গৌৰীপুৰত দুটা ৰ’টাৰী নিৰ্মাণ কৰা হ’ব ৷

মনকৰিবলগীয়া যে, যোৱা ২০২০ চনৰ পৰা বৰ্তমানলৈকে দুই বছৰৰ অধিক সময়ত মূল দলংখনৰ নদীত খুঁটা বহুৱাৰ কামে সম্পূৰ্ণ হোৱা নাই । আকৌ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ সম্মূখত ৰ’টাৰী নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই । আকৌ দুয়োটা ৰ’টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ কৰাৰ কাম নামমাত্ৰ আৰম্ভ হৈছে । যাৰ বাবে নিৰ্ধাৰিত সময়ত দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই ।

লগতে পঢ়ক: নতুন বছৰৰ দুটা মাহ সম্পূৰ্ণ নহওতেই চৰকাৰখনে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.