ETV Bharat / state

গুৱাহাটীত আৰক্ষীৰ জালত Munna Bhai MBBS

author img

By

Published : Jun 12, 2021, 10:28 PM IST

বৃহস্পতিবাৰে মালিগাঁৱত এজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হোৱাৰ খবৰ নৌমাৰ যাওঁতেই শুকুৰবাৰে নিশা ফটাশিল আমবাৰী আৰক্ষীৰ জালত পৰিছে অমৃত কুমাৰ সেনগুপ্তা নামৰ আন এজন ভুৱা চিকিৎসক ।

গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ আন এজন ভুৱা চিকিৎসক
গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ আন এজন ভুৱা চিকিৎসক

গুৱাহাটী, ১২ জুন : ৰাজ্যত এফালে যদি চিকিৎসক নিগ্ৰহৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ জালত ভুৱা চিকিৎসক (fake doctor) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ভুৱা চিকিৎসক । ভগৱানৰূপী চিকিৎসকৰ পেশাত কলংক সনা এনে ভুৱা চিকিৎসকৰ তত্বৱধানত আস্থা আৰু বিশ্বাস ৰখা প্ৰতিজন সচেতন লোক এতিয়া শংকিত হৈ পৰিছে ।

গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ আন এজন ভুৱা চিকিৎসক

তাৰমাজতে বৃহস্পতিবাৰে মালিগাঁৱত এজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হোৱাৰ খবৰ নৌমাৰ যাওঁতেই শুকুৰবাৰে নিশা ফটাশিল আমবাৰী আৰক্ষীৰ জালত পৰিছে অমৃত কুমাৰ সেনগুপ্তা নামৰ আন এজন ভুৱা চিকিৎসক । নিজকে হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক বুলি চিনাকি দিছিল ধৃত অমৃতে ।

গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ আন এজন ভুৱা চিকিৎসক

শেহতীয়াকৈ জ্যোতিকুচিৰ মালতী সেন মেম'ৰিয়েল হাস্পতালত কৰ্মৰত হৈ আছিল ভুৱা চিকিৎসকজন । ইপিনে গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা ফটাশিল আমবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুন্নাভাই এমবিবিএছ(Munna Bhai MBBS) ৰূপী অমৃত কুমাৰ সেনগুপ্তাক ।

সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা ধৃত অমৃতে আৰক্ষীৰ সন্মুখত চিকিৎসকৰ কোনো নথি পত্ৰ দেখুৱাব পৰা নাই । আনহাতে, তেওঁৰ লগতে এগৰাকী যুৱতীকো আটক কৰিছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, পূৰ্বেও শিৱসাগৰত অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অমৃত কুমাৰ সেনগুপ্তা ।


লগতে পঢ়কঃ নাৰেংগীত লাইনচ্যুত মালবাহী ৰে'ল: যোগাযোগ ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.