ETV Bharat / state

Guwahati Double Murder Case : মাতৃ-পুত্ৰৰ মৃতদেহ বিচাৰি আৰক্ষী থানাত পৰিয়ালৰ সদস্য

author img

By

Published : Mar 1, 2023, 11:22 AM IST

ghy murder
ghy murder

শংকৰী দে' আৰু অসমৰজ্য়োতি দে'ৰ অন্তিম সংস্কাৰৰ অনুমতি বিচাৰি নুনমাটি আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ লোক । আৰক্ষীয়ে দুয়োৰে উদ্ধাৰ হোৱা শৰীৰ অৱশিষ্ট প্ৰদান কৰিলে নিৰ্দিষ্ট নীতি-নিয়ম মতে অন্তিম সংস্কাৰ কৰিব বিচাৰে পৰিয়াল তথা আত্মীয়ই । উল্লেখ্য, গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ ভুক্তভোগী হৈছে মাতৃ-পুত্ৰ শংকৰী দে' আৰু অমৰজ্যোতি দে' (Guwahati double murder case) ।

মাতৃ-পুত্ৰৰ মৃতদেহ বিচাৰি আৰক্ষী থানাত পৰিয়ালৰ সদস্য

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : ৰাজ্যত এতিয়াও চৰ্চাৰ ওৰ পৰা নাই বন্দনা কলিতা ডাবল মাৰ্ডাৰ কাণ্ডৰ (Guwahati sensational double murder case) । তাৰ মাজতে শংকৰী দে' আৰু অমৰজ্যোতি দে'ৰ মৃতদেহ সৎকাৰৰ বাবে নুনমাটি আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ সদস্য (guwahati husband mother in law murder case) । আৰক্ষীয়ে মাতৃ-পুত্ৰৰ মৃতদেহৰ অৱশিষ্ট অংশ প্ৰদান কৰিলে সৎকাৰ কৰিব অমৰজ্যোতি দে' আৰু শংকৰী দে'ৰ পৰিয়ালৰ সদস্য সুবিৰ দে'য়ে । ইয়াৰ বাবে মঙলবাৰে নুনমাটি আৰক্ষী থানাত মৃতদেহ বিচাৰি উপস্থিত হয় শংকৰী দে'ৰ ভতিজাক সুবিৰ দে' ।

উল্লেখ্য, সুবিৰ দে'ৰ পিতৃ জীয়াই থকাৰ সময়তে বন্দনা কলিতাৰ সৈতে সুবিৰৰ পৰিয়ালৰ অহা-যোৱা আছিল । কিন্তু পিতৃৰ মৃত্যুৰ পিছৰ পৰা বন্দনা কলিতাৰ সৈতে সুবিৰৰ পৰিয়ালৰ অহা-যোৱা বন্ধ হৈ পৰে (Bandana Kalita double murder case) । আনহাতে, শংকৰী দে'ৰ ঘৰত বন্দনা কলিতা পৰিচাৰিকা হিচাপে থকাটো সুবিৰ দে' জ্ঞাত নহয় বুলি জনায় । প্ৰথম অৱস্থাত যিগৰাকী ছোৱালী পৰিচাৰিকা হিচাপে আছিল সেইগৰাকী বন্দনা কলিতা নহয় বুলিও তেওঁ প্ৰকাশ কৰে ।

আনহাতে, পৰৱৰ্তী সময়ত যদি বন্দনা কলিতা তেওঁলোকৰ ঘৰত পৰিচাৰিকা হিচাপে আছিল সেই কথাটো সুবিৰ দে'ৰ জ্ঞাত নহয় বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সুবিৰ দে'য়ে । উল্লেখ্য যে বিগত বৰ্ষৰ ২৬ জুলাইত শাহুৱেক শংকৰী দে' আৰু ১৭ আগষ্টত স্বামী অমৰজ্যোতি দে'ক নৃশংসভাৱে হত্যা কৰিছিল বন্দনা কলিতা আৰু দুই সহযোগীয়ে । কেৱল হত্যা কৰিয়েই ক্ষান্ত নাথাকি মৃতদেহ দুটা টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ৰ ডাউকী পথত । ইয়াৰ পিছতে বিগত বৰ্ষৰ ২৯ আগষ্টত বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে' আৰু শাহুৱেক শংকৰী দে' নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰে ।

কিন্তু আৰক্ষীয়ে সন্ধানহীন হোৱা লোক দুজনৰ কোনো সন্ধান উলিয়াব পৰা নাছিল । আনহাতে, বিগত বৰ্ষৰে ২১ নৱেম্বৰত শংকৰী দে'ৰ ভতিজাক নিৰ্মল্য দে'য়ে নুনমাটি থানাত আন এখন এজাহাৰ দাখিল শংকৰী দে'ৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিয়াই নিয়াৰ কথা উল্লেখ কৰিছিল । ইপিনে ঘটনা সংঘটিত হোৱাৰ ৭ মাহ পিছত নিজক বচাবলৈ চতুৰ বন্দনাই ১৪ ফেব্ৰুৱাৰীত মহানগৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি স্বামী আৰু শাহুৱেকৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত নুনমাটি থানাই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে । ইয়াৰ পিছতে অনুসন্ধান আৰম্ভ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । ইপিনে বন্দনা কলিতা আৰু দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীৰ জেৰাত ন ন তথ্য পোহৰলৈ আহি‍ছে । সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে ধৃত তিনি অভিযুক্ত ।

লগতে পঢ়ক :ATM card fraudsters arrested: ধুবুৰীৰ গৌৰীপুৰত দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.