ETV Bharat / state

সমাগত দিপাৱলী : মাটিৰ চাকি ক্ৰয় কৰাত ব্যস্ত মহানগৰবাসী

author img

By

Published : Nov 8, 2020, 8:35 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো পোহৰৰ উৎসৱ দিপাৱলীক আদৰিবলৈ সাজু মহানগৰবাসী ৷ অৱশ্য়ে কৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে মাটিৰ চাকিৰ বজাৰত নাই গ্ৰাহকৰ ভিৰ ৷

guwahati diwali market
সমাগত দিপাৱলী : মাটিৰ চাকি ক্ৰয় কৰাত ব্যস্ত মহানগৰবাসী

গুৱাহাটী,8 নৱেম্বৰ : সমাগত পোহৰৰ উৎসৱ দিপাৱলী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো পোহৰৰ উৎসৱটিক আদৰিবলৈ সাজু হৈছে ৰাইজ । সকলোৱে নিজৰ ঘৰৰ চৌপাশ পোহৰৰে আলোকিত কৰিবলৈ প্ৰস্তুতি চলাইছে । মহানগৰীৰ বজাৰত উপলব্ধ হৈছে নানা ধৰণৰ চাকি ।

লগতে মহানগৰীৰ অতিকৈ পুৰণি কামাখ্যা গেটৰ চাকিৰ বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । বিভিন্ন ধৰণৰ মাটিৰ চাকি 100 টকাৰ পৰা উপলব্ধ হৈছে এই বজাৰত ।

সমাগত দিপাৱলী : মাটিৰ চাকি ক্ৰয় কৰাত ব্যস্ত মহানগৰবাসী

ইফালে ক’ভিড-19য়ে এইবাৰ প্ৰভাৱিত কৰিছে দিপাৱলীৰ বজাৰত । পূৰ্বৰ দৰে বজাৰত গ্ৰাহকৰ ভিৰ নাই বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে । অতিমাৰী কৰ’ণাৰ বাবেই ৰাইজে এইবাৰ জাকজমকতাৰ পৰিৱৰ্তে নিয়মমাফিক ৰীতিৰে আয়োজন কৰিব দিপান্বিতা, যাৰ বাবে মাটিৰ চাকিৰ বজাৰত বিগত বৰ্ষৰ দৰে গ্ৰাহকৰ সংখ্যা পৰিলক্ষিত হোৱা নাই ।

উল্লেখ্য যে,প্ৰতি বছৰে থলুৱা শিল্পীৰ দ্বাৰা প্ৰস্তুত কৰা মাটিৰ চাকি বিক্ৰী হয় কামাখ্যা গেটৰ এইখন বজাৰত। মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা চাকি ক্ৰয় কৰিবলৈ গ্ৰাহক আহে কামাখ্যা গেটলৈ । কৰ’ণা মহামাৰীয়ে যেন এইবাৰ আন আন উৎসৱৰ লগতে দিপাৱলীৰ আনন্দ-উছাহতো ম্লান পেলাব ৷

লগতে পঢ়ক : বয়সেও হাৰ মনাব নোৱাৰা এগৰাকী ব্যক্তিৰ চমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.