ETV Bharat / state

গুৱাহাটীৰ জি এছ ৰোডত উত্তাল পৰিৱেশ

author img

By

Published : Dec 11, 2019, 3:12 PM IST

Updated : Dec 11, 2019, 3:33 PM IST

জি এছ ৰোডত উত্তাল পৰিৱেশ
জি এছ ৰোডত উত্তাল পৰিৱেশ

এক যুদ্ধকালীন পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘটনাস্থলীত ৷ প্ৰতিবাদকাৰীলৈ উদ্দেশ্যি আৰক্ষীৰ লাঠীচালনা, প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ আৰক্ষীৰ ৷ আহত কেইবাগৰাকীও প্ৰতিবাদকাৰী ৷

জি এছ ৰোড, 11 ডিচেম্বৰ : কেবৰ বিৰুদ্ধে গুৱাহাটীৰ জি এছ ৰোডত উত্তাল পৰিৱেশ ৷ কিছু সময় পূৰ্বে ঘটনাস্থলীত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে প্ৰতিবাদকাৰীলৈ উদ্দেশ্যি লাঠীচালনা কৰে ৷ এক যুদ্ধকালীন পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘটনাস্থলীত ৷

জনতা ভৱনৰ সমীপতো উত্তপ্ত পৰিস্থিতি

কেবৰ বিৰুদ্ধে অধিক উত্তাল হৈ পৰিছে প্ৰতিবাদকাৰী সকল ৷ কেব তথা চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত ৷ সৰ্বানন্দ সোণোৱালক মিছলীয়া আখ্যা একাংশৰ ৷

সৰ্বানন্দ সোণোৱালক মিছলীয়া আখ্যা একাংশৰ

ইফালে জি এছ ৰোডৰ বিল্ডিঙৰ সন্মুখত আৰক্ষীৰ লাঠী চালনা একাংশ প্ৰতিবাদকাৰীৰ ওপৰত ৷ লাঠী চালনাৰে প্ৰতিবাদকাৰী সকলক খেদি পঠিওৱাৰ চেষ্টা আৰক্ষীৰ ৷ আঘাতপ্ৰাপ্ত এগৰাকী মহিলা প্ৰতিবাদকাৰী ৷ ঘটনাস্থলীত তীব্ৰ উত্তেজনা ৷

কেবৰ বিৰুদ্ধে গুৱাহাটীৰ জি এছ ৰোডত উত্তাল পৰিৱেশ

জনতা ভৱনৰ সমীপতো উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত ৷ প্ৰতিবাদকাৰীলৈ উদ্দেশ্যি প্ৰয়োগ কৰা কন্দুৱা গেছ পুনৰাই আৰক্ষীলৈ বুলি প্ৰয়োগ প্ৰতিবাদকাৰীৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলীচালনা আৰক্ষীৰ ৷

লাঠী চালনাৰে প্ৰতিবাদকাৰী সকলক খেদি পঠিওৱাৰ চেষ্টা

লগতে পঢ়ক: মহিলা প্ৰতিবাদকাৰীক টনা আজুৰাঃ বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে গোচৰ

Last Updated :Dec 11, 2019, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.