ETV Bharat / state

6 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত 36 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

author img

By

Published : Jan 20, 2021, 10:31 PM IST

6 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পূৰ্ণ ৷ 6 ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব 36 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা ৷ গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত হ'ব 36 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা ৷
36th national junior athletics championship
36th national junior athletics championship

গুৱাহাটী 20 জানুৱাৰী: 6 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত 5 দিনীয়াকৈ 36 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা অনুস্থিত হ'ব ৷ জানিব পৰা মতে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ দেশৰ প্ৰায় 2 হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত 14 বছৰ, 16 বছৰ, 18 বছৰ আৰু 20 বছৰ অনুৰ্ধ লৰা-ছোৱালীৰ 105 টা ইভেন্ট অনুস্থিত হ'ব ৷

6 ফেব্ৰুৱাৰীৰ আবেলি 4 বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিব‌ ৷ প্ৰতিযোগিতাৰ পূৰ্বে সা-সজুলি, কাৰিকৰী দিশ আৰু খেলপথাৰ পৰ্যবেক্ষণৰ বাবে বুধবাৰে পৰ্যবেক্ষক হিচাপে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ শম্ভু দাস বন্দোপাধ্যায় গুৱাহাটীত উপস্থিত হয় ৷ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰি বন্দোপাধ্যায়ে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিযোগিতাৰ সফলতা কামনা কৰে ৷

পৰ্যবেক্ষকগৰাকীৰ লগত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, সম্পাদক অশোক ভৰালী, যু্টীয়া সম্পাদক নিপন দাস, কাৰিকৰী চেয়াৰমেন দিগন্ত শইকীয়াৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

লগতে পঢ়ক: গুৱাহাটীত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.