ETV Bharat / state

National Education Policy: শীঘ্ৰেই গুৱাহাটী বিশ্ববিদ্যালয়ত NEP-২০২০ আধাৰিত পাঠ্যক্ৰম

author img

By

Published : May 16, 2023, 7:34 PM IST

National Education Policy
গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব এনইপি-২০২০ আধাৰিত পাঠ্যক্ৰম

২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি পাঠ্যক্ৰম ৰূপায়ণ কৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয়ৰ এফ.ৱাই.ইউ.জি.পি.য়ে দুটা প্ৰকাৰৰ ডিগ্ৰী আগবঢ়াব (Four Year Undergraduate Programme)। ৪ বছৰীয়া স্নাতক কাৰ্যসূচীৰ সফল ৰূপায়ণ সম্পৰ্কীয় বিষয়বোৰ আলোচনাৰ বাবে ২২ মে'ত অনুষ্ঠিত হ'ব বৈঠক ।

গুৱাহাটী, ১৬ মে': অহা আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি চমুকৈ এনইপি-২০২০ আধাৰিত পাঠ্যক্ৰম ৰূপায়ণ কৰিবলৈ সাজু হৈছে গুৱাহাটী বিশ্ববিদ্যালয় । ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো অনুমোদিত মহাবিদ্যালয়ত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম (জি ইউ-এফ ৱাই ইউ জি পি) ৰূপায়ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ (GU gears up to implement NEP based curriculum)।

জি.ইউ.-এফ.ৱাই.ইউ.জি.পি.য়ে দুটা প্ৰকাৰৰ ডিগ্ৰী আগবঢ়াব (Four Year Undergraduate Programme)। ইয়াৰ ভিতৰত এটা শাখাভিত্তিত স্নাতক ডিগ্ৰী আৰু আনটো ক্ষেত্ৰভিত্তিত স্নাতক ডিগ্ৰী । গুৱাহাটী বিশ্ববিদ্যালয়ে ৩৯ টা শাখাত স্নাতক ডিগ্ৰী আৰু বৃত্তিমূলক অধ্যয়নত স্নাতক ডিগ্ৰীসহ ২৮ টা স্বতন্ত্ৰ ডিগ্ৰী আগবঢ়াব ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ অনুসৰি ৪ বছৰীয়া স্নাতক কাৰ্যসূচীৰ বাবে পাঠ্যক্ৰমৰ অনুমোদন সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন সমিতি/মঞ্চ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অধ্যক্ষতাত শৈক্ষিক পৰিষদতো আলোচনা কৰা হৈছিল ৷ য'ত বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিশ্ববিদ্যালয়ৰ অনুমোদিত মহাবিদ্যালয়সমূহৰ অধ্যক্ষ তথা শিক্ষকসকলৰ প্ৰতিনিধিও উপস্থিত আছিল ।

অহা ২২ মে'ত ৪ বছৰীয়া স্নাতক কাৰ্যসূচীৰ সফল ৰূপায়ণ সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ বিশ্ববিদ্যালয়খনৰ অধীনৰ প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এফ.ৱাই.ইউ.জি.পি.ৰ অনুমোদিত নিয়মাৱলীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, NEP ২০২০- অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ সকলো অনুমোদিত মহাবিদ্যালয়ত একাধিক প্ৰবিষ্ট/প্ৰস্থানৰ সুবিধাৰে মেজৰ নাইবা মেজৰ নোহোৱাকৈ চাৰ্টিফিকেট বা ডিপ্লমা বা ডিগ্ৰী বা ডিগ্ৰী (মেজৰ) বা বিভিন্ন স্তৰত গৱেষণাৰ সৈতে ডিগ্ৰী (মেজৰ) লাভৰ সুবিধা থাকিব (GU FYUGP)।

মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে, বিশ্ববিদ্যালখনে ২০২৩ চনৰ আগষ্টৰ পৰা ইয়াৰ জালুকবাৰীস্থিত চৌহদত এফ.ৱাই.ইউ.জি.পি. আৰম্ভ কৰিবলৈ সাজু হৈছে ৷ NEP সুবিধা কেন্দ্ৰ হিচাপে নামকৰণ কৰা এটা নতুন ভৱনত এফ.ৱাই.ইউ.জি.পি.ৰ নতুন গোটসমূহৰ শ্ৰেণী আৰম্ভ কৰিবলৈ সাজু হৈছে গুৱাহাটী বিশ্ববিদ্যালয় ।

আশা কৰা হৈছে যে, বিশ্ববিদ্যালয়খনে ইয়াৰ চৌহদত সৰ্বাধিক ২০০ গৰাকী শিক্ষাৰ্থীৰে কলা, সৰ্বাধিক ২০০ গৰাকী শিক্ষাৰ্থীৰে বিজ্ঞান, সৰ্বাধিক ৩০ গৰাকী শিক্ষাৰ্থীৰে প্ৰায়োগিক বিজ্ঞান আৰু সৰ্বাধিক ৭০ গৰাকী শিক্ষাৰ্থীৰে ইণ্টিগ্ৰেটেড বি. কম শাখাত এফ.ৱাই.ইউ.জি.পি. আৰম্ভ কৰিব ।

এফ.ৱাই.ইউ.জি.পি. পাঠ্যক্ৰমৰ গাঁথনি আৰু বিৱৰণৰ সকলো তথ্য অনলাইনযোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ এক সমৰ্পিত এন.ই.পি. প’ৰ্টেল https://nep.gauhati.ac.in ৰ জৰিয়তে উপলব্ধ হ'ব (GU NEP portal)। প’ৰ্টেলটোত প্ৰতিক্ৰিয়া প্ৰণালীৰ এটা ব্যৱস্থাও আছে য'ত শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ লাভ কৰিব ।

লগতে পঢ়ক:DC conference : জিলা উপায়ুক্ত সন্মিলনৰ আজিৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.