ETV Bharat / state

DC conference : জিলা উপায়ুক্ত সন্মিলনৰ আজিৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : May 16, 2023, 11:26 AM IST

তিনিচুকীয়াত তিনিদিনীয়াকৈ আয়োজিত পঞ্চম সংখ্যক জিলা উপায়ুক্ত সন্মিলনৰ আজি দ্বিতীয় দিন ৷ দ্বিতীয় দিনটোত তিনিচুকীয়াৰ গেলাপুখুৰীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM will be in DC conference) ৷

5th Deputy commissioners conference
5ম সংখ্যক জিলা উপায়ুক্ত সন্মিলনৰ আজি দ্বিতীয় দিন

তিনিচুকীয়া, 16 মে’ : তিনিচুকীয়া জিলাত আৰম্ভ হৈছে তিনিদিনীয়াকৈ পঞ্চম সংখ্যক জিলা উপায়ুক্তৰ সন্মিলন ৷ এই জিলা উপায়ুক্তৰ সন্মিলনত সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী জিলা উপায়ুক্তৰ লগতে প্ৰত্যেকখন বৈঠকত এজনকৈ অতিৰিক্ত মুখ্য সচিব উপস্থিত থাকে ৷ ইতিমধ্যে সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জিলা উপায়ুক্তসকলৰ মুঠ পাঁচখন বৈঠক অনুষ্ঠিত হৈ যায় (5th Deputy commissioners conference) ৷

জিলা উপায়ুক্তৰ সন্মিলন মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে তিনিচুকীয়াৰ গেলাপুখুৰীত নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰটো উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিচতে ৰাজ্যৰ 31 খন জিলা উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত হ’ব পঞ্চম জিলা উপায়ুক্ত সন্মিলন ৷ ইতিমধ্যে কনভেনচন চেন্টাৰটোত বহুসংখ্যক জিলা উপায়ুক্ত উপস্থিত হোৱাৰ লগতে উপস্থিত হৈছেহি কেইবাগৰাকীও কেবিনেট মন্ত্ৰী (Assam CM will be in DC conference) ৷

উল্লেখ্য যে, সন্মিলনৰ প্ৰথম দিন অৰ্থাৎ সোমবাৰৰ দিনা পাঁচটাকৈ স্থানত অনুষ্ঠিত হৈছে বৈঠক ৷ ডিব্ৰুগড় জিলাৰ তিনিটা স্থানত অনুষ্ঠিত হৈছে জিলা উপায়ুক্তৰ বৈঠক ৷ জলসম্পদ বিভাগৰ সভা কক্ষত অনুষ্ঠিত হৈছে চিৰাং, কোকৰাঝাৰ, বাক্সা, তামুলপুৰ, ওদালগুৰি, ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠক । জলসম্পদ বিভাগৰ অতিথিশালাত অনুষ্ঠিত বৈঠকত মন্ত্ৰী বিমল বড়াৰ লগতে উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সমল আৰু অভিভাৱক সচিবসকল (DC conference at Dibrugarh) ৷

আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় অতিথিশালাত নগাঁও, মৰিগাঁও আৰু দৰং জিলাৰ উপায়ুক্তসকলৰ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত পৰ্যালোচক হিচাবে মন্ত্ৰী অজন্তা নেওগৰ লগতে উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদসহ অন্যান্য অভিভাৱক সচিবসকল (Minister Ajanta Neog) ৷

জিলা উপায়ুক্তৰ সন্মিলনত বিশেষকৈ জিলাসমূহৰ বিভিন্ন বিভাগৰ উন্নয়ন তথা আন্তঃগাথঁনি সন্দৰ্ভত পৰ্যালোচনা কৰা হয় (5th Deputy commissioners' conference begins) ৷

লগতে পঢ়ক : SI Junmoni Rabha: শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.