ETV Bharat / state

Tax collection increase: ৰাজ্যত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধিৰ বিপৰীতে উন্নয়নত স্থৱিৰতা

author img

By

Published : Jan 25, 2023, 7:18 PM IST

gst-collection-increase-in-assam
ৰাজ্যত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধিৰ বিপৰীতে উন্নয়নত স্থৱিৰতা

অসমৰপৰা প্রত্যক্ষ কৰ সংগ্ৰহ কৰাত অভিলেখ গঢ়িছে কেন্দ্ৰীয় চৰকাৰে (Assam create record in Tax collection)৷ শেহতীয়াকৈ অসমৰপৰা প্ৰায় ৬০০০ কোটি টকা প্রত্যক্ষ কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিছে।

গুৱাহাটী, 25 জানুৱাৰী: ৰাজ্যত শেহতীয়াকৈ কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে(Tax collection increase in Assam)। চৰকাৰে প্ৰতি বছৰে সংগ্ৰহ কৰা পৰোক্ষ কৰ আৰু প্ৰতক্ষ কৰ সমান্তৰালভাবে বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰপৰা প্রত্যক্ষ কৰ সংগ্ৰহ কৰাত অভিলেখ গঢ়িছে (Assam create record in Tax collection)। আনহাতে অসমত পৰোক্ষ কৰ জি এছ টি সংগহৰ পৰিমাণ পূৰ্বতকৈ বৃদ্ধি পাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰপৰা এহেজাৰ দুহেজাৰ কোটি টকাহে প্রত্যক্ষ কৰ সংগ্ৰহ কৰিছিল।

কিন্তু শেহতীয়াকৈ অসমৰপৰা প্ৰায় ৬০০০ কোটি টকা প্রত্যক্ষ কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিছে। ৰাজ্য চৰকাৰে ২০২২ চনত পৰিবহন আইন ভংগ কৰাসকলৰপৰাই ৭৫ কোটি টকা ৰাজ্যত অভিলেখ পৰিমাণৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ কৰিছে।অসমৰপৰা ২০২২ চনৰ ডিচেম্বৰ মাহত ১১৫০ কোটি টকা জি এছ টি সংগ্রহ হৈছিল। ২০২১ চনৰ ডিচেম্বৰ মাহত ১০১৫ কোটি টকাহে চৰকাৰে জি এছ টি সংগ্ৰহ কৰিছিল। সম্প্রতি বছৰি চৰকাৰক পৰোক্ষ কৰ জি এছ টি গড়ে ১২-১৪ হাজাৰ কোটি টকা আদায় দি আছে।

উল্লেখযোগ্য যে ৰাজ্যত পৰোক্ষ কৰ আৰু প্ৰত্যক্ষ কৰ বৃদ্ধি পাইছে যদিও ৰাজ্যৰ আন্তঃগাথনি উন্নয়নত বিশেষ গুৰুত্ব লাভ কৰা নাই। ৰাজ্যৰ যোৱা বছৰ দুটা বানত ক্ষতিগ্ৰস্ত ৰাস্তাঘাট, দলং আৰু মথাউৰি নিৰ্মাণৰ কাম হোৱা নাই। যোৱা বছৰ ছেপ্টেম্বৰত যোৱা বছৰ দুটা বানত ক্ষতিগ্ৰস্ত ৰাস্তাঘাট, দলং আৰু মথাউৰি নিৰ্মাণৰ কৰাৰ মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি এতিয়াও কাৰ্যকৰী হোৱা নাই।

ইপিনে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যিবোৰ উন্নয়নৰ কাম কৰি থকা বুলি ঢাক ঢোল বজাই আছে সেইবোৰ পূৰ্বতে নিৰ্ধাৰণ কৰা আঁচনি। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নয়ন, ফাচীবজাৰৰ পুৰনি জেলৰ মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ উন্নয়নৰ ঢাক ঢোল বজায় থকা দেখা যায় যদিও এই প্ৰকল্প কংগ্ৰেছ চৰকাৰৰ দিনতে অনুমোদিত প্ৰকল্প।

উল্লেখ্য যে ৰাইজে পৰোক্ষ কৰ হিচাপে নিয়মীয়াকৈ জি এছ টি আদায় দি আছে। প্রায় সকলো প্রয়োজনীয় সামগ্রী ক্ৰয় কৰা, বীমাৰ ধন জমা দিয়া, গাড়ীকে ধৰি ইলেক্ট্রনিক সামগ্রী ক্রয়, মটৰ চাইকেল ছাৰ্ভিচিং কৰাৰপৰা ৰড, চিমেণ্ট আদি মানুহৰ প্ৰয়োজনীয় সকলো দ্ৰব্যৰ বাবদ সাধাৰণ ৰাইজে জি এছ টি দিবলগীয়া হয়। এতিয়া পেকেটৰ মিঠাই, দৈ, গাখীৰ আদি সকলোৰে জি এছ টি আদায় দিব লাগে। জি এছ টিৰ সমান্তৰালকৈ পেট্র’ল-ডিজেলৰ কৰ, সম্পত্তি কৰ, বিদ্যুৎ ব্যৱহাৰৰ অতিৰিক্ত কৰকে ধৰি বিভিন্ন ধৰণৰ পৰোক্ষ কৰ আদায় দি আছে। নিয়মীয়াকৈ অসমৰপৰা বিভিন্ন ধৰণৰ পৰোক্ষ কৰ আদায় দি থকাৰ সময়তেই কেন্দ্ৰীয় চৰকাৰে অভিলেখ পৰিমাণৰ প্রত্যক্ষ কৰ সংগ্ৰহ কৰাটোৱে তাৎপর্য বহন কৰিছে ৷

বিত্ত মন্ত্রণালয়ৰ তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে অসমৰপৰা ২০২০-২১ চনত প্ৰত্যক্ষ কৰ ৪৫৫৫.৮৯ কোটি টকা সংগ্ৰহ কৰিছিল। কিন্তু ২০২১-২২ চনত ৫৬৮৮.৪৫ কোটি টকা সংগ্রহ হৈছে। ২০২২-২৩ চনত কেন্দ্ৰই অসমৰপৰা সংগ্ৰহ কৰা প্ৰত্যক্ষ কৰাৰ তথ্য কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) অহা ১ ফেব্ৰুৱাৰীত সংসদত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

অৱশ্যে বিত্ত মন্ত্রণালয়ৰ এটি সূত্ৰৰ মতে, ২০২১-২২ চনতকৈ ২০২২-২৩ চনত অসমৰপৰা প্ৰত্যক্ষ কৰ সংগ্ৰহ আৰু বাঢ়িব। সূত্ৰটোৰ মতে ২০২২-২৩ চনত প্ৰত্যক্ষকৰ সংগ্ৰহ ৭৫০০ কোটিৰো বেছি হ'ব পাৰে। কাৰণ, অসমত আয়কৰৰ ৰিটার্ন ফাইল কৰা লোকৰ সংখ্যা বহু বৃদ্ধি হৈছে।
কৰ বিভাগৰ সূত্ৰ এটাই কয় যে আয়কৰ ফাকি দিয়া লোকৰ সংখ্যা ক্রমে হ্ৰাস হ’বলৈ ধৰিছে। তেওঁ কয় যে ‘আয়কৰ ৰিটার্ন ফাইলাৰ'ৰ সংখ্যা বঢ়া বাবেও প্রত্যক্ষ কৰৰ সংগ্ৰহ বৃদ্ধি হৈছে। ৰাজ্যত ৩ কোটি ১৬ লাখ লোকৰ প্ৰায় ৮৫ শতাংশৰে পানকার্ড আছে। বিত্ত মন্ত্রণালয়ৰ তথ্য মতে, ২০১৫-১৬ চনত অসমত আয়কৰ ৰিটাৰ্ন ফাইলাৰৰ সংখ্যা ৪,৭০,৬৮১ আছিল। ইয়াৰ পাছত ক্ৰমে ২০১৬-১৭ চনত ৫,৬২,২৪৮গৰাকী, ২০১৭-১৮ চনত 5,৫৯,৬২১গৰাকী, ৭,৭৫,৩৯৯গৰাকীয়ে আই টি আৰ দাখিল কৰিছিল।

এই সংখ্যা বাঢ়ি গৈ ২০২১-২২ চনত ৯ লাখ ৩৫ হাজাৰ অতিক্ৰম কৰিছে। অসমৰ ৰাইজে সঠিক দিশত কৰ পৰিশোধ কৰি থকাৰ সময়ত আশা কৰা হৈছে চৰকাৰে ৰাইজৰ উন্নয়নত অধিক গুৰুত্ব দিব। এই দিশত কেন্দ্ৰ চৰকাৰে নিজৰ দায়িত্ব কিদৰে পালন কৰিব সেয়া সময়হে ক'ব।

লগতে পঢ়ক: 74th Republic Day Celebration : গণৰাজ্য দিৱসত ৯০১ গৰাকীলৈ আৰক্ষী পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.