ETV Bharat / state

সেউজ ন্যায়াধিকৰণৰ‌ ভয়ংকৰ তথ্য, ৰাজ্যৰ ভূ-গর্ভৰ পানীত মাত্ৰাধিক আৰ্ছেনিক-ফ্ল'ৰাইড

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 3:02 PM IST

green tribunals alarming data
সেউজ ন্যায়াধিকৰণৰ‌ ভয়ংকৰ তথ্য

Arsenic and Fluoride in Water: ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বিস্ফোৰক তথ্য ৷ ৰাজ্যখনৰ ২১ খন জিলাৰ ভূ-গর্ভস্থ পানীত মাত্ৰাধিক আৰ্ছেনিক ৷ ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৷

গুৱাহাটী, ২৮ ডিচেম্বৰ : পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয় ৷ কিন্তু অসমত কিমান শতাংশ লোকে বিশুদ্ধ খোৱাপানী সেৱন কৰে ! অসমৰ ভূ-গৰ্ভত থকা পানী কিমান বিষাক্ত বা মানুহৰ বাবে কিমান ক্ষতিকাৰক সেই সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ ৰাজ্যখনৰ ২১ খন জিলাৰ ভূ-গর্ভস্থ পানীত মাত্ৰাধিক আৰ্ছেনিক আছে ৷ লগতে ১৭ খন জিলাৰ ভূ-গর্ভৰ পানীত মাত্রাধিক পৰিমাণৰ ফ্ল'ৰাইড থকাৰ তথ্য পোহৰলৈ আহিছে ।‌ অসমৰ বাবে এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৷ সমগ্ৰ বিষটোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৷

green tribunals alarming data
সেউজ ন্যায়াধিকৰণৰ‌ ভয়ংকৰ তথ্য

উল্লেখ্য যে, দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত ভূ-গৰ্ভৰ পানীত মাত্রাধিক আৰ্ছেনিক আৰু ফ্ল'ৰাইডৰ উপস্থিতিৰ বিষয়ে এখন ৰাষ্ট্ৰীয় কাকতত প্রকাশিত এটা বাতৰিৰ ভিত্তিত সেউজ ন্যায়াধিকৰণৰ নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ শুনানী যোৱা বুধবাৰে গ্ৰহণ কৰি সেউজ ন্যায়াধিকৰণে ৰাজ্যৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে । এমাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ ৰাজ্যৰ মুখ্য সচিবক আদেশ দিয়া হৈছে । সেউজ ন্যায়াধিকৰণে ১৫ ফেব্ৰুৱাৰীত আবেদনখনৰ পুনৰ শুনানি গ্ৰহণ কৰিব ।‌

শুনানিত সেউজ ন্যায়াধিকৰণৰ বিচাৰপীঠে অসমৰ লগতে মণিপুৰকে ধৰি আন ২৩ খন ৰাজ্যৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে । এই আবেদনৰ পূৰ্বৰ শুনানিত ন্যায়াধিকৰণে বিষয়টো সন্দৰ্ভত কেন্দ্রীয় ভূ-জল পৰিষদৰ পৰাও প্রতিবেদন বিচাৰিছিল । সেই মর্মে ৰাজ্যভিত্তিক তালিকা সন্নিৱিষ্ট কৰি পৰিষদে বিতং প্রতিবেদন দাখিল কৰে ।

কেন্দ্ৰীয় ভূ-জল পৰিষদৰ প্ৰতিবেদনৰ তথ্য মতে, অসমৰ ২১ খন জিলা ক্রমে বাক্সা, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰৰ ভূ-গৰ্ভৰ পানীত মাত্রাধিক পৰিমাণৰ (প্রতি লিটাৰত ০.০১ মিলিগ্রামতকৈ বেছি) আৰ্চেনিক আছে। আঠখন জিলা ক্রমে গোলাঘাট, যোৰহাট, লখিমপুৰ, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰৰ ভূ-গৰ্ভৰ পানীত সর্বাধিক আৰ্ছেনিক থকা স্থান (হটস্পট)সমূহৰ ভিতৰত ৰখা হৈছে ।

আনহাতে, অসমৰ ১৭ খন জিলা বঙাইগাঁও, কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হাইলাকান্দি, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও, গোলাঘাট, কৰিমগঞ্জ, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, মৰিগাঁও আৰু দৰঙত ভূ-গৰ্ভৰ পানীত মাত্রাধিক (প্রতি লিটাৰত ১.৫ মিলিগ্রামতকৈ বেছি) ফ্ল'ৰাইড আছে ।

লগতে পঢ়ক : বৰাগাঁৱত ৰহস্যজনক ঘটনা: সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু, মৃত্যুৰে যুঁজিছে পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.