ETV Bharat / state

Maan Ki Baat; মন কী বাত অনুষ্ঠানে যুৱচামক উৎসাহিত কৰিছে; ৰাজ্যপাল কাটাৰীয়া

author img

By

Published : Apr 30, 2023, 9:29 PM IST

গুৱাহাটীৰ ৰাজভৱনত প্ৰধানমন্ত্ৰীৰ ‘‘মন কী বাত’’ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাতৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে । ৰাজ ভৱনত ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে শ্ৰৱণ কৰিলে প্ৰধানমন্ত্ৰীৰ ১০০ সংখ্যক ‘‘মন কী বাত’’ (100th episode of Maan Ki Baat)।

Kataria attended Maan Ki Baat program
মন কী বাত’’ৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পর্ক স্থাপন

গুৱাহাটী, ৩০ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠান শ্ৰৱণ কৰিলে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই (100th episode of Maan Ki Baat)। ৰাজ ভৱনত প্ৰধানমন্ত্ৰীৰ ‘‘মন কী বাত’’ উপভোগ কৰাৰ বাবে বিশেষ স্ক্ৰীণিঙৰ ব্যৱস্থা কৰা হয় । এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে ।

ৰাজ ভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীণিঙৰ আয়োজন কৰে । ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে (Governor Kataria attended Maan Ki Baat program)।

ৰাজ্যপাল কাটাৰীয়াই তেওঁৰ ভাষণত কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘‘মন কী বাত’’ৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পর্ক স্থাপন কৰিছে আৰু ই নতুন ভাৰতৰ বাবে জনসাধাৰণৰ মনৰ ব্যাপ্তি সলনি কৰাত এক ভূমিকা পালন কৰিছে । লগতে এই অনুষ্ঠানটোৱে জনসাধাৰণৰ লগতে সমাজৰ আচৰণগত পৰিৱৰ্তনো প্ৰতিফলিত কৰিছে (Maan Ki Baat at Raj Bhawan)।

ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে দেশৰ দূৰৱৰ্তী অঞ্চলত থকা লোকসকলৰ কাষ চাপিবলৈ ৰেডিঅ’ক যোগাযোগৰ মাধ্যম হিচাপে বাছনি কৰিছে । ‘‘মন কী বাত’’ ৰেডিঅ’ৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা হৈ পৰিছে বুলি ৰাজ্যপালগৰাকীয়ে কয় । ৰাজ্যপালগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ যুৱপ্ৰজন্মৰ সৈতে এক অনন্য সম্পর্ক স্থাপন কৰিছে আৰু তেওঁৰ ‘‘মন কী বাত’’ৰ জৰিয়তে যুৱচামক উৎসাহিত কৰিছে ।

ভাষণ প্ৰসংগত কাটাৰীয়াই কয় যে, ‘‘মন কী বাতে’’ স্বচ্ছ ভাৰত অভিযান, ক’ভিড টীকাকৰণ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ দৰে সামাজিক আন্দোলনত সমগ্ৰ দেশৰ সম্প্ৰদায়সমূহক অন্তর্ভুক্ত কৰি তথা তেওঁলোকক অনুপ্ৰেৰিত কৰি গণ আন্দোলনৰ এক কাৰ্যকৰী সঁজুলি হিচাপে আত্মপ্ৰকাশ কৰিছে ।

ৰাজ ভৱনত অনুষ্ঠিত এই বিশেষ স্ক্ৰীণিঙত অংশ গ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ড৹ নোমল মমিন, অসমৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূৱ অঞ্চলৰ সঞ্চালক প্ৰধান বি নাৰায়ণন, ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ।

লগতে পঢ়ক : 100th episode of Maan Ki Baat: মন কী বাতৰ 100 সংখ্যক খণ্ডৰ সাক্ষী হ’ল নলবাৰীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.