ETV Bharat / state

১৩ কোটি টকা খৰচৰ পিছতো নিশা অন্ধকাৰত ডুব যায় গুৱাহাটী

author img

By

Published : Aug 22, 2022, 2:23 PM IST

Updated : Aug 22, 2022, 8:32 PM IST

উন্নয়ণৰ শ্লোগানেৰে স্মাৰ্ট চিটি গঢ়াৰ সংকল্প লোৱা চৰকাৰৰ উন্নয়ণ ফ্লপ শ্ব'ত পৰিণত(Many problems of Guwahati have not been solved)। কোটি কোটি টকা খৰচ কৰাৰ পাছতো নজ্বলে গুৱাহাটী মহানগৰীৰ ষ্ট্ৰীট লাইট(Even after spending crores of rupees street lights donot go on) । যাৰ ফলত সঘনে সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা ।

ghy street light problem
১৩ কোটি টকা খৰছৰ পিছতো নিশা অন্ধকাৰত ডুব যায় গুৱাহাটী

গুৱাহাটী, ২২ আগষ্ট: গুৱাহাটী মহানগৰখন উন্নয়ন আৰু সৰ্বাংগসুন্দৰ কৰি তোলাৰ দায়িত্ব আছে কেবাটাও চৰকাৰী বিভাগ । জি এম চি আৰু জি এম ডি এ আৰু গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড(Guwahati Smart City Limited)ৰ দৰে বিয়োগোম বিভাগ থাকিলেও কাৰ্য ক্ষেত্ৰত সকলো কাম চোৱাচিতা কৰাত ব্যৰ্থ হৈছে বিভাগকেইটা । দশক ধৰি কৃত্ৰিম বানপানীৰ কৱলৰ পৰা গুৱাহাটীক মুক্ত কৰা হ'ব বুলি প্ৰথমে প্ৰতিশ্ৰুতি দিছিল গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই; তাৰপিছতে আহিল সিদ্ধাৰ্ধ ভট্টাচাৰ্য । এতিয়া আহিছে অশোক সিংঘাল ।

বছৰ বছৰ ধৰি কেৱল মন্ত্ৰীহে সলনি হৈ আহিছে, সমাধান হোৱা নাই আশাৰ স্মাৰ্ট চিটি গুৱাহাটীৰ বহু জলন্ত সমস্যা(Many problems of Guwahati have not been solved) । গুৱাহাটী মহানগৰী পথ উপপথত বিজুলী বাতি সংযোগ কৰাৰ বাবদ কোটি কোটি টকা খৰচ কৰি থকা হৈছে যদিও মহানগৰীৰ বহু পথ উপপথ নিশা অন্ধকাৰময় হৈ থকাই দেখা যায়(Even after spending crores of rupees street lights donot go on) । পৰ্যাপ্ত পোহৰৰ অভাৱৰ বাবেই জুৰোডৰ চেট্ৰেল মাৰ্কেটৰ সমীপতে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা ।

পানজাৰৰ পৰা আঠগাও এ টি ৰোডলৈ একে অৱস্থা । চানমাৰী উৰণীয়া সেতুৰ সমীপতে তিনিটাকৈ বিশাল লাইটৰ পোষ্ট আছে যদিও নিশা অন্ধকাৰত ডুব যায় চানমাৰি । চানমাৰিৰ দৰেই একে অৱস্থা নিউ গুৱাহাটীতো । নিশা অন্ধকাৰত ডুব যায় নিউ গুৱাহাটী । থাকোতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছে যদিও সেয়া যেন কেৱল দেখুৱাবলৈহে । নতুনকৈ ডিভাইদাৰ মেৰামতিৰ গইনা লৈ ষ্ট্ৰীট লাইট সমূহ বন্ধ কৰি ৰখা হৈছে বুলি বিভাগীয় কতৃপৰ্ক্ষই দায়সৰা মন্তব্য কৰিব বিচাৰিলেও এয়া আচলতে হাস্যকৰ যুক্তি ।

উল্লেখ যে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত Project Jyoti আচঁনিৰ প্ৰথম পৰ্য্যায়ত ২০১৯ চনৰ পৰা ২০২২ চনলৈ ষ্ট্ৰীট লাইট স্থাপন কৰাৰ বাবদ মুঠ ১৩ কোটি ৭৩ লাখ ৭১ হাজাৰ টকা খৰচ কৰা হৈছে । ২০১৯-২০ চনত ১ কোটি ১৬ লাখ ৩১ হাজাৰ ৮০০ টকা, ২০২০-২০২১ চনত ৮ কোটি ১৪ লাখ ২২ হাজাৰ ৬০০ টকা, ২০২১-২০২২ চনত ৪কোটি ২৪ লাখ ৮০ হাজাৰ টকা, আৰু ২০২২-২০২৩ চনত ১৮ লাখ ৩৬ হাজাৰ ৬০০ টকা খৰচ কৰিছে ।

এই কাম কৰাৰ বাবে M/S DD enterprise ঠিকা দিয়া হৈছিল । ইফালে নতুনকৈ ২০২৩-২০২৪ চনৰ বাবে project Jyoti দ্বিতীয় পৰ্যায়ত বিজুলী বাতি স্থাপন কৰাৰ বাবে ১৪ কোটি টকা মোকলাই দিছে । ১০ হাজাৰ বিজুলী বাতি স্থাপন কৰা তথা প্ৰতিটো বিজুলী বাতি সংযোগৰ বাবদ ১৪ হাজাৰ টকাকৈ খৰছ কৰা হ'ব বুলি প্ৰকাশ পাইছিল এক তথ্য । কাম M/S universal electrical electronics এই কামৰ ঠিকা দিয়া হৈছিল ।

বিজুলি বাতিৰ খুটা M/S Neone , লাইটৰ বাবে M/S Bajaj ক আৰু তাৰৰ বাবে M/S polycab ঠিকা প্ৰদান কৰা হৈছিল । আকৌ মহানগৰীৰৰ প্ৰধান পথৰ বিজুলী বাতি সংযোগৰ বাবে ২৩.৩২ কোটি টকা মোকলাই দিছে । মহানগৰীত এনেদৰে বছৰ বছৰ ধৰি বিজুলী বাতি সংযোগৰ নামত কোটি কোটি টকা খৰচ কৰি থকাৰ পিছতো নিশা হ'লেই গুৱাহাটীৰ বহু পথ উপপথ অদ্ধকাৰত ডুব গৈ থকাতো ৰহস্যৰ কথা । অতি শীঘ্ৰে এই সমস্যাৰ সমাধান বিচাৰিছে মহানগৰবাসীয়ে ।

লগতে পঢ়ক: ভগৱানৰ নামত ব্যংগাত্মক ৰূপত নাট ৰচনাক লৈ সৰৱ বিশ্ব হিন্দু পৰিষদ

Last Updated :Aug 22, 2022, 8:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.