ETV Bharat / state

গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

author img

By

Published : Jun 22, 2022, 6:23 PM IST

Updated : Jun 22, 2022, 6:37 PM IST

গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন (Foundation stone laying of oil India Limited office and skill development institute) ৷ এই আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Foundation stone laying of oil India Limited office and skill development institute
অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

গুৱাহাটী, ২২ জুন : মহানগৰীৰ বামুনীমৈদামত বুধবাৰে অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Foundation stone laying of oil India Limited office and skill development institute)। তেওঁ আধাৰশিলা স্থাপন কৰি কয় যে গুৱাহাটীত অইল ইণ্ডিয়াৰ এটা কাৰ্যালয়ৰ বহু দিনৰ পৰা প্ৰয়োজন আছিল । সেয়েহে চৰকাৰে কাৰ্যালয়টো নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আবন্টন দিছে ।

গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

কাৰ্যালয়টো আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানটো নিৰ্মাণ কৰোতে প্ৰায় ২০০ কোটি টকা ব্যয় হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, আজি এটা শুভ দিন । আজি সপোনক বাস্তৱত ৰূপ দিবলৈ লোৱা হৈছে । আধাৰশিলা স্থাপন অনুষ্ঠানতে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য পুঁজিলৈ ৫ কোটি টকাৰ চেক প্ৰদান কৰে ।

উল্লেখ্য যে, ১০ মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰোতে ৩ বছৰ সময়ৰ প্ৰয়োজন হ’ব । অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয় মহানগৰীৰ নাৰেংগীত থকাৰ লগতে বামুনীমৈদামত গুৱাহাটী কাৰ্যালয় স্থাপন কৰাৰ ফলত পৰিসৰ বৃদ্ধি পাব । তদুপৰি দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিলে যুৱক-যুৱতীসকলে বিভিন্ন ব্যৱসায়ত দক্ষতা বিকাশৰ বাবেও যথেষ্ট সুযোগ লাভ কৰিব ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

Last Updated :Jun 22, 2022, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.