ETV Bharat / state

Second class citizen controversy: অসম-অসমীয়াক চূড়ান্ত অপমান ধাৰাভাষ্যকাৰ অশোক মালহোত্ৰাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:12 PM IST

Second class citizen controversy
Former Indian cricketer Ashok Malhotra

ক্ৰিকেটৰ ধাৰাবিৱৰণীৰ মাজতে অসমীয়া মানুহক লৈ আপত্তিজনক মন্তব্য এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰৰ ৷ অসমীয়া মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিক আখ্যা দিলে অশোক মালহোত্ৰাই ৷ পৰৱৰ্তী সময়ত X ত পোষ্টযোগে ক্ষমা বিচাৰে ধাৰাভাষ্যকাৰগৰাকীয়ে ৷

অসমীয়াক চূড়ান্ত অপমান ধাৰাভাষ্যকাৰৰ

গুৱাহাটী, ১ নবেম্বৰ: প্ৰশংসাৰ মাজতে অসম তথা অসমীয়াক অপমান কৰিলে ক্ৰিকেটৰ এগৰাকী ধাৰাভাষ্যকাৰে । অসমীয়াসকল ভাৰতৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি ? স্বাভৱিকতে উত্থাপন হ'ব নলগা এটা প্ৰশ্ন উত্থাপন কৰি এগৰাকী ধাৰাভাষ্যকাৰে বিতৰ্কৰ সূচনা কৰিলে । অসমে এটা সময়ত ভাল ক্ৰিকেট নেখেলিলে বুলিয়েই কেনেদৰে অসমীয়া ছেকেণ্ড ক্লাছ নাগৰিক হ'ব পাৰে ? প্ৰশংসাৰ মাজেৰে অসমক কৰা অপমানক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

  • I apologise profusely if I have hurt Assam people’s sentiments with my comments during the Assam v Bengal game last evening. I am sorry. It was totally unintentional & was trying to speak about their progress. I regret it and give an unconditional apology.

    — Ashok Malhotra (@AshokMalhotra57) November 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে এদিনীয়া বিশ্বকাপৰ সমান্তৰালকৈ চলি আছে দেশৰ অন্যতম সন্মানীয় ঘৰুৱা ক্ৰিকেট টুৰ্ণামেন্ট ছৈয়দ মুস্তাক আলী ট্ৰফী । এই প্ৰতিযোগিতাখনক লৈ সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ । প্ৰতিযোগিতাখনত ইতিমধ্যেই অসমক নেতৃত্ব প্ৰদান কৰা ৰিয়ানে গঢ়িছে বিশ্ব অভিলেখ । টি-২০ ক্ৰিকেটত একেৰাহে ৭ টা অৰ্ধশতক অৰ্জনেৰে অভিলেখ গঢ়িছে ৰিয়ান পৰাগে । ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে অসমে ১৪ বছৰৰ মূৰত সন্মানীয় প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।

মঙলবাৰে প্ৰতিযোগিতাখনৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমে পশ্চিম বংগক ৮ উইকেটত পৰাস্ত কৰে । এই মেচখনতো ৰিয়ান পৰাগে মাত্ৰ ৩১টা বলত ৫০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । আনহাতে দুটাকৈ উইকেটো লাভ কৰে । বংগই প্ৰথমে বেটিং কৰি জয়ৰ বাবে বান্ধি দিয়া ১৩৮ ৰাণৰ লক্ষ্য ১৭.৪ অভাৰতে সম্পূৰ্ণ কৰে অসমে । অসম দলৰ বেটিং বিক্ৰমত মঙলবাৰে দিশহাৰা হৈ পৰিল বংগৰ বলাৰ । অসম দলৰ অধিনায়ক ৰিয়ান পৰাগে মাত্ৰ ৩১টা বলতে ৫০ ৰাণ কৰি বংগক ধৰাশায়ী কৰে ।

ৰিয়ান পৰাগৰ এই প্ৰদৰ্শনত দেশৰ ক্ৰিকেট বিশেষজ্ঞৰ লগতে অনুৰাগীসকল যথেষ্ট উফুল্লিত হৈ পৰিছে । কিন্তু অসমীয়া ক্ৰিকেটাৰৰ এই উত্থানক যেন সহজভাৱে ল’ব পৰা নাই একাংশ প্ৰাক্তন ক্ৰিকেটাৰে । মঙলবাৰৰ খেলখনত ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং অব্যাহত থকাৰ সময়ত মেচখনৰ এগৰাকী ধাৰাভাষ্যকাৰে অসম সন্দৰ্ভত অপমানসূচক মন্তব্য কৰা দেখা যায় ।

মেচখনত ৰিয়ান পৰাগে অৰ্ধশতক অৰ্জন কৰা সময়ত ধাৰাভাষ্যকাৰগৰাকীয়ে প্ৰশংসা কৰিবলৈ গৈ অসমীয়াসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি মন্তব্য কৰে । ধাৰাভাষ্যকাৰগৰাকীৰ এই মন্তব্যই অসম তথা অসমীয়াৰ প্ৰতি থকা তেওঁলোকৰ মানসিকতাকে সূচাইছে বুলি বিভিন্নজনে মতপোষণ কৰিছে ।

ইফালে অসমীয়াসকলক কৰা এই অপমানৰ পিছত অসমৰ বহু ক্ৰিকেট অনুৰাগীৰ লগতে সচেতন লোকে ধাৰাভাষ্যকাৰগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে । লগতে সেইগৰাকী ধাৰাভাষ্যকাৰক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবেও দাবী উত্থাপন হৈছে । জানিব পৰা মতে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ধাৰাভাষ্যকাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে বি চি চি আইৰ সচিব জয় শ্বাহলৈ মেইলযোগে পত্ৰ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে ৰিয়ান পৰাগে চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীত একেৰাহে বিহাৰ, চাৰ্ভিচেছ, ছিকিম, চণ্ডীগড়, হিমাচল প্ৰদেশ, কেৰালা আৰু পশ্চিমবংগৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ইতিহাস ৰচিছে । প্ৰতিযোগিতাখনত এই পৰ্যন্ত ৪৯০ ৰানেৰে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে ৰিয়ান পৰাগ । সমান্তৰালকৈ বলিঙতো তেওঁ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ১০ টাৰো অধিক উইকেট লাভ কৰিছে । বেটিং আৰু বলিং উভয়তে জিলিকি উঠা ৰিয়ান পৰাগৰ এই প্ৰদৰ্শনৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰাৰ সম্ভাৱনাও উজ্বল হৈ উঠিছে ।

অৱশ্যে এই বিতৰ্কৰ পিচতে X যোগে ক্ষমা বিচাৰিছে ধাৰাভাষ্যকাৰ অশোক মালহোত্ৰাই ৷ তেওঁ কয় যে মোৰ মন্তব্যই যদি অসমৰ লোকসকলক অন্তৰত আঘাত দিছে, তাৰ বাবে মই দুঃখিত ৷ এয়া আছিল অনাকাংক্ষিত ৷ এই মন্তব্যৰ বাবে মই অনুতপ্ত আৰু অসমৰ ৰাইজক ক্ষমা বিচাৰিছোঁ ৷

অশোক ওম প্ৰকাশ মালহোত্ৰা হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৷ তেওঁ এগৰাকী সোঁহতীয়া মিডল অৰ্ডাৰ বেটচমেন আৰু মেডিয়াম পেচ বলাৰ হিচাপে দায়িত্ব পালন কৰিছিল ৷ ১৯৮৫ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নচ ট্ৰফী বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল মালহোত্ৰা ৷ তেওঁ পৰৱৰ্তী সময়ত ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ নিৰ্বাচক তথা বংগ দলৰ প্ৰশিক্ষক আছিল ৷

লগতে পঢ়ক: CWC 2023 : কেন উইলিয়ামছনৰ আঘাত; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিউজীলেণ্ডৰ নেতৃত্বত টম লেথাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.