ETV Bharat / sports

CWC 2023 : কেন উইলিয়ামছনৰ আঘাত; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিউজীলেণ্ডৰ নেতৃত্বত টম লেথাম

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:46 PM IST

বুধবাৰে পুনেত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত ক্ৰিকেট বিশ্বকাপত খেলিব নোৱাৰে নিউজীলেণ্ডৰ নিয়মীয়া অধিনায়ক কেন উইলিয়ামছনে । বুঢ়া আঙুলি ভঙাৰ বাবে উইলিয়ামছন দলৰ পৰা বাদ পৰিছে আৰু তেওঁৰ ঠাইত দলটোক নেতৃত্ব দিব টম লেথামে ।

কেন উইলিয়ামছনৰ আঘাত
CWC 2023

স্পৰ্টছ ডেস্ক, ১ নৱেম্বৰ : আইচিচি ক্ৰিকেট বিশ্বকাপ, ২০২৩-ত বুধবাৰৰ এক গুৰুত্বপূৰ্ণ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলত উপলব্ধ নহয় নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন । পূৰ্বতে পোৱা আঘাতৰ পৰা আৰোগ্য লাভ কৰিলেও নিউজীলেণ্ডৰ নিয়মীয়া অধিনায়কগৰাকী পুনৰ আঘাতৰ সমস্যাত ভুগিবলগা হয় । তেওঁৰ বুঢ়া আঙুলি ভঙাৰ বাবে বুধবাৰে পুণেত অনুষ্ঠিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত দলৰ পৰা বাহিৰ হৈছে ।

  • Kane Williamson has been ruled out of Wednesday’s match against @ProteasMenCSA.

    Williamson has batted in the nets the last two days but has been ruled out of a return to match action tomorrow.

    He will be assessed again ahead of the side’s next match against @TheRealPCB. #CWC23 pic.twitter.com/c8TIJRe7cT

    — BLACKCAPS (@BLACKCAPS) October 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত লিগামেণ্টত গুৰুতৰ আঘাতৰ সন্মুখীন হোৱা ৩৩ বছৰীয়া উইলিয়ামছনে চলিত ক্ৰিকেট বিশ্বকাপৰ প্ৰথম দুখন মেচত খেলিব পৰা নাছিল । অৱশ্যে পিছত আৰোগ্য লাভ কৰাত বাংলাদেশৰ বিৰুদ্ধে মেচখনত দলক নেতৃত্ব প্ৰদান কৰে ।

কিন্তু বাংলাদেশৰ বিৰুদ্ধে মেচৰ সময়ত ফিল্ডাৰৰ থ্ৰ'ৱে উইলিয়ামছনক আঘাত কৰে । ফলত তেওঁ বুঢ়া আঙুলিত আঘাত পায় আৰু পৰৱৰ্তী সময়ত বাকী থকা মেচবোৰৰ পৰা দলৰ পৰা বাহিৰ হয় ।

মঙলবাৰে নিশা নিউজীলেণ্ড ক্ৰিকেটে এক্সৰ এটা পোষ্টৰ জৰিয়তে জনায় যে কেন উইলিয়ামছনক আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বুধবাৰৰ মেচৰ পৰা বাহিৰ কৰা হৈছে ।

নিউজীলেণ্ড ক্ৰিকেটে জনাইছে, "উইলিয়ামছনে বিগত দুদিন ধৰি নেটত বেটিং কৰিছে, কিন্তু কাইলৈ মেচত তেওঁ উপলব্ধ নহ'ব ।" নিউজীলেণ্ড ক্ৰিকেটে লগতে কয় যে নিয়মীয়া কিৱি অধিনায়কগৰাকীৰ আঘাতৰ সমীক্ষা পাকিস্তানৰ বিৰুদ্ধে দলটোৰ পৰৱৰ্তী মেচৰ পূৰ্বে কৰা হ'ব ।

উল্লেখ্য যে কেন উইলিয়ামছনৰ অনুপস্থিতি সত্ত্বেও নিউজীলেণ্ডে ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ দিশে আগবাঢ়িছে । অৱশ্যে একেধাৰে জয়ৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰাৰ পিছত দলটো ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুটাকৈ পৰাজয়ৰ সন্মুখীন হ'বলগা হয় ।

বুধবাৰৰ মেচখন মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আৰু অনুৰাগীসকলে মেচখনত যথেষ্ট ৰাণ সংগ্ৰহ হোৱাৰ আশা কৰিছে । আনহাতে, যদিও নিউজীলেণ্ডে জয়ৰ ধাৰালৈ উভতি আহিবলৈ চেষ্টা কৰিব, কিন্তু তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কঠোৰ পৰীক্ষাৰ সন্মুখীন হ'ব ।

উল্লেখ্য যে বৰ্তমান ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ পিছতে নিউজীলেণ্ড পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে ।

লগতে পঢ়ক :World Cup 2023: ইডেনত পাকিস্তানৰ হাতত 7 উইকেটত পৰাস্ত বাংলাদেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.