ETV Bharat / state

Happy Birth Day Ranjan Gogoi : ওপজা দিনত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ লৈ শুভকামনা

author img

By

Published : Nov 18, 2021, 1:59 PM IST

Ranjan Gogoi birthday
ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ ওপজা দিন

আজি দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ(Ranjan Gogoi)ৰ ওপজা দিন । ১৯৫৪ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত তেওঁৰ জন্ম হৈছিল । ২০১৮ চনৰ ৩ অক্টোবৰত তেওঁ দেশৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । ৰাম মন্দিৰ(Ram Mandir)ক লৈ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল এইগৰাকী অসম সন্তানে । বৰ্তমান তেওঁ ৰাজ্যসভাৰ সাংসদ ।

গুৱাহাটী, ১৮ নৱেম্বৰ : আজি তিনিগৰাকী সুযোগ্য অসম সন্তানৰ ওপজা দিন । তিনিওগৰাকী বিশিষ্ট ব্যক্তিয়েই নিজৰ কৰ্মৰাজিৰে অসমক গৌৰৱান্বিত কৰিছে । লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । আজি প্ৰখ্যাত বিজ্ঞানী ড৹ জিতেন্দ্ৰ নাথ গোস্বামী(Dr. Jitendra Nath Goswami), দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ(Ranjan Gogoi) আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ(Zubeen Garg)ৰ জন্মদিন ।

তিনিওগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে গুণমুগ্ধসকলে । ১৯৫৪ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে । ১৯৭৮ত তেওঁ এগৰাকী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়(Guwahati High Court)তে কৰ্মজীৱনৰ পাতনি মেলিছিল ৷ ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপতি হিচাপে নিযুক্তি লাভ কৰে ৷

Ranjan Gogoi birthday
ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ ওপজা দিন

ইয়াৰ পাচত ৰঞ্জন গগৈয়ে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ ২০১২ চনৰ ২৩ এপ্ৰিলত তেওঁক উচ্চতম ন্যায়ালয়ৰ বিচাৰক হিচাপে নিযুক্তি দিয়া হয় ৷

দেশৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অৱসৰ গ্ৰহণ কৰাৰ পাচত ২০১৮ চনৰ ৩ অক্টোবৰত তেওঁ দেশৰ মুখ্য ন্যায়াধীশ(Chief Justice of India)ৰ আসন অলংকৃত কৰে । ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে । ২০১৯ চনৰ ১৭ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে । অযোধ্যাৰ ৰাম মন্দিৰ(Ram Mandir)ক লৈ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল এইগৰাকী অসম সন্তানে ।

২০২০ চনৰ ১৬ মাৰ্চত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভালৈ মনোনীত কৰে । দৰাচলতে দেশৰ ৰাষ্ট্ৰপতিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজৰ কামৰ জৰিয়তে সুনাম অৰ্জন কৰা ১২ গৰাকী সদস্য ৰাজ্যসভালৈ মনোনীত কৰে । এই সদস্যসকলৰ মাজত স্থান পাইছে ৰঞ্জন গগৈয়ে । আজি তেওঁৰ ওপজা দিনত ই টিভি ভাৰতৰ তৰফৰ পৰাও জনালোঁ শুভকামনা ।

লগতে পঢ়ক : নলবাৰীৰ চাৰিদিনীয়াকৈ আয়োজন বৰভাগ গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.