ETV Bharat / state

Assam Flood 2022: বৰ্নাত্যৰ একাউন্টত ৯৫,১০০ টকাৰ পৰিৱৰ্তে সোমাল ১ টকা চৰকাৰী সাহায্য

author img

By

Published : Mar 3, 2023, 9:36 PM IST

বৰমূৰীয়াৰ দম্ভালি মৰা প্ৰতিশ্ৰুতিয়ে অতিষ্ঠ কৰিছে ৰাজ্যৰ বানপীড়িতসকলক ৷ ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া ৯৫,১০০ টকাৰ পৰিৱৰ্তে আমাৰ একাউন্টত সোমাল মাত্র ১ টকা চৰকাৰী সাহায্য - এক সংবাদমেল পাতি ক্ষোভ উজাৰে বজালীৰ ভৱানীপুৰৰ মেধিকুছি আৰু নগাঁৱৰ ৰহাৰ বানত ক্ষতিগ্রস্ত লোকসকলে (Flood victims press meet)

Flood victims complaints against Assam govt
বৰ্নাত্যৰ একাউন্টত ৯৫,১০০ টকাৰ পৰিৱৰ্তে সোমাল মাত্র ১ টকা চৰকাৰী সাহায্য

বৰ্নাত্যৰ একাউন্টত ৯৫,১০০ টকাৰ পৰিৱৰ্তে সোমাল ১ টকা চৰকাৰী সাহায্য

গুৱাহাটী, ৩ মাৰ্চ : "আমাৰ ঘৰ-বাৰী সকলো বানে নোহোৱা কৰিলে । কিন্তু আমি চৰকাৰৰ পৰা একো নাপালো । ৰিলীফ মেনুৱেল অনুসৰি ঘৰ ভাঙিলে, পাবলগীয়া প্ৰাপ্য ৯৫,১০০ টকাও আমি নাপালো, তাৰ পৰিৱৰ্তে আমাৰ একাউন্টত সোমাল মাত্র ১ টকাকৈ। মন্ত্রী ৰণজিৎ কুমাৰ দাসে ৬ মাহলৈ ৰেচন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ পিছত এবাৰো খবৰ নল’লে। আজি ৭ মাহ হৈ গ’ল। স্থানীয় বিধায়ক ফনী তালুকদাৰ আৰু শশীকান্ত দাসৰ কোনো খবৰ নাই (Assam Flood 2022)। এয়াই হ'ল থলুৱা লোকৰ অসমত দুৰৱস্থা । ৰহা অঞ্চলত বাচন বৰ্তন , কাপোৰ-কানি কিনাৰ কাৰণে প্ৰাপ্য ৩৮০০ টকাও আমাক দিয়া নহ'ল। গতিকে আজি বাধ্য হৈ আমাৰ দুখৰ কথা ৰাইজক জনাবলৈ এই সংবাদ মেলৰ আয়োজন কৰিব লগা হ'ল" - শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল পাতি আক্ষেপ কৰে বজালীৰ ভৱানীপুৰৰ মেধিকুছি আৰু নগাঁৱৰ ৰহাৰ বানত ক্ষতিগ্রস্ত লোকসকলে (Flood victims press meet)।

বান ক্ষতিগ্রস্তৰ পুনৰ সংস্থাপন দাবী সমিতি আৰু কৃষক মহাসভা, অসমৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলখনত বান ক্ষতিগ্ৰস্ত লোকসকলে অভিযোগ উত্থাপন কৰে যে, আমাৰ গাঁওসমূহ উৎপাদনশীল গাঁও আছিল । গাঁৱৰ কৃষিজীৱি ৰাইজে এই মাটিসমূহক কেন্দ্ৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছিল। ধান উৎপাদনৰ উপৰিও ঘৰে ঘৰে লাও, জিকা, ভোল ,তামোল, পান উৎপাদন হৈছিল ।

কিন্তু ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ভূটানৰ নিৰ্মীয়মান নদীবান্ধৰ পানী আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ এৰি দিয়া পানীয়ে বানৰ সৃষ্টি কৰি আমাৰ গাঁওসমূহক চিৰদিনৰ কাৰণে ধ্বংস কৰিলে । খেতি পথাৰৰ বিস্তীৰ্ণ এলেকা বালিয়ে পুতি পেলোৱাৰ ফলত আমি এতিয়া খেতি পথাৰত একো কাম কৰিব নোৱাৰো । এতিয়া আমাৰ ঘৰ,শৌচালয় নাই। বিগত জুন মাহৰ পৰা আমি ঘৰহীনভাবে জীয়াই থাকিব লগা হৈছে। অথচ আমি ইয়াৰে থলুৱা লোক ।

উল্লেখযোগ্য যে বজালীৰ ভৱানীপুৰৰ মেধিকুছি গাঁৱৰ প্ৰায় 20টা পৰিয়ালৰ পকী ঘৰ পৰ্যন্ত পানীৰ সোঁতত ভাঙি গৈছিল। সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত সৰ্বোচ্চ হেৰুৱাসকলক উপযুক্ত সাহায্য প্ৰদানৰ কথা কৈছিল যদিও মাত্ৰ ৯ টা পৰিয়ালেহে এক লাখ টকাকৈ লাভ কৰিৰলে । তাৰ বাহিৰে বাকী পৰিয়ালবোৰে চৰকাৰী সাহায্য পাবলৈ সক্ষম হোৱা নাই । বিগত আগষ্ট মাহত বান ক্ষতিগ্ৰস্ত ১৬টা পৰিয়ালক বজালী জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰশাসনে আয়োজন কৰা বান সাহায্য প্ৰদান অনুষ্ঠানলৈ মাতি ৯৫১০০‌ টকাৰ চেক প্ৰদান কৰা হ'ব বুলি কোৱা হৈছিল ।

কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত সিদিনা মেধিকুছিৰ কেইজনমান লোকক ৯৫১০০ টকাৰ প্ৰতীকি চেক প্ৰদান কৰি বান সাহায্য বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকতা কৰিছিল। কিন্তু সেই চেক বিতৰণৰ কাৰ্যসূচী আনুষ্ঠানিকতাতেই সীমাবদ্ধ হৈ থাকিল। প্ৰতীকি চেক প্ৰদান কৰি কোৱা হৈছিল যে সিদিনা ১২ বজাৰ ভিতৰত সকলোৰে একাউণ্টত ৯৫১০০ টকাকৈ সোমাৱাই দিয়া হ'ব । ৯৫১০০ টকাৰ বিপৰীতে সোমাল মাত্ৰ ১ টকাহে । তদুপৰি ৬ মাহলৈ খাদ্য-সামগ্ৰী যোগান ধৰিম বুলি দম্ভালি মৰা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মিছা মাতিছিল।

তাৰ পিচত মন্ত্রী ৰঞ্জিত কুমাৰ দাসক দেখাই নোপোৱা হ'ল সেই অঞ্চলসমূহত। কেৱল মাত্ৰ ৩৮০০ টকা প্ৰদান কৰিয়েই ইয়াতেই সকলো দ্বায়িত্ব সামৰিছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে । আনহাতে ৰহা অঞ্চলৰ ৰহা, দেউবালি, জাকৰুৱা, দিঘলীয়াটি, পেটবঢ়া, দিঘলদৰী, কাকতিগাঁও আদি গাঁওত বানপানীৰ সময়ত কাপোৰ-কানি, বাচন-বৰ্তন কিনিবলৈ ৰিলীফ মেনুৱেল অনুসৰি পাবলগীয়া ৩৮০০ টকাটোও বহু পৰিয়ালে নাপালে। লগতে ঘৰ ভাঙিলে পাবলগীয়া ৯৫,১০০ টকাৰ পৰাটোও বহু পৰিয়াল বঞ্চিত হৈ আছে। সেয়েহে সংবাদ মেল যোগে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য দিবলৈ চৰকাৰক দাবী উত্থাপন কৰে।

পুনৰ বানপানী অহাৰ সময় আহিছে, আগৰ ঘৰ ভঙাৰ সাহায্যৰ পইচায়ে চৰকাৰে দিব পৰা নাই, গতিকে আমাৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক কি হ’ব পাৰে ? এইদৰে তেওঁলোকে ক্ষোভ উজাৰে। লগতে ক্ষোভ প্ৰকাশ কৰি কয় যে, অলাগতিয়াল কামত চৰকাৰে পইচা খৰছ কৰে, কিন্তু অসমীয়া মানুহৰ গাঁওসমূহেই যদি বাচি নাথাকে তেন্তে সেইবোৰ কামত পইচা খৰচ কৰি কি লাভ। কাইলৈ যদি ঠাই অভাৱত আমি চৰকাৰী মাটি দখল কৰো তেন্তে হিমন্ত বিশ্ব চৰকাৰেই আমাৰ ঘৰৰ ওপৰত বুলডোজাৰ, জেচিবি চলাব।

গতিকে আমি দাবী জনাও যে বান ক্ষতিগ্রস্তক চৰকাৰী মাটি ব্যবহাৰৰ বাবে বিশেষ চৰকাৰী নীতি গ্রহণ কৰিব লাগে। লগতে যদি প্ৰয়োজন হয়, তেন্তে ভৱিষ্যতে প্ৰাপ্যৰ বাবে গণতান্ত্রিক আন্দোলনৰ পথো ল’ব লাগিব বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰে (Flood victims complaints against Assam govt) ৷

লগতে পঢ়ক: 6 crores seized from BJP MLAs son house : বিজেপি নেতাৰ পুত্ৰৰ ঘৰত ওলাল কোটি কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.