ETV Bharat / state

Assam Flood: ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি; জলমগ্ন বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:56 PM IST

Updated : Sep 1, 2023, 6:34 AM IST

Assam Flood
Assam Flood

ৰাজ্যত অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱ ৷ বিগত 24 ঘণ্টাত বানত পৰি পুনৰ এজন লোকৰ মৃত্যু হয় ৷ বানত পৰিছে কাজিৰক্ষা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চল ৷

গুৱাহাটী, 31 আগষ্ট: ৰাজ্যজুৰি বানৰ তাণ্ডৱ অব্যাহত আছে । ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই বৃহস্পতিবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে ৰাজ্যৰ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, বিশ্বনাথ, চিৰাং, গোলাঘাট, দৰং, ধুবুৰী, যোৰহাট, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ , কামৰূপ মহানগৰ, কামৰূপ, গোৱালপাৰা, আদি মুঠ ১৯ খন জিলা বানৰ কৱলত আছে ।

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ তথ্য অনুসৰি আজিলৈকে ৪ লাখৰো অধিক লোক বানত ক্ষতিগ্রস্ত হৈ আছে । যোৱা সোমবাৰে বানত শিৱসাগৰ জিলাৰ ডিমৌত এজন লোকৰ মৃত্যু হৈছিল । আজি পুনৰ গোলাঘাটত বানত এজন লোকে প্ৰাণ হেৰুৱায় । এতিয়ালৈকে চলিত বছৰৰ ৰাজ্যত বানত মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি হ'ল ।

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ তথ্য অনুসৰি, নিমাতীঘাত, গুৱাহাটী, ধুবুৰী আৰু গোৱালপাৰাত আদিত আজিও ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে । ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা তথ্য মতে বানত এতিয়াও ৰাজ্যৰ ৪৪ খন ৰাজহ চক্ৰৰ ৮৮৪ খন গাঁও বানৰ কৱলত আছে । বানত আজিৰ তাৰিখলৈকে ৰাজ্যত ২৩ হাজাৰো অধিক হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে । আকৌ ২ লাখৰো অধিক পশুধন বান‌ ক্ষতিগ্ৰস্ত হৈছে ।

ইপিনে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীর্ণ অঞ্চল পুনৰ প্লাৱিত কৰিছে । দ্বিতীয়টো বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ মুঠ ২২৩ টা বন শিবিৰৰ ভিতৰত এতিয়ালৈকে ৩৭টা বন শিবিৰ প্লাৱিত হৈছে যদিও আজিৰ দিনটোত বান পৰিস্থিতি কিছু উন্নত হৈছে ।

অঞ্চলটোৰ ২০খনৰো অধিক বিদ্যালয় বাঢ়নী পানীয়ে প্লাৱিত কৰিছে । অগৰাতলী বনাঞ্চলত সৰ্বাধিক ১৪টা, কঁহৰা আৰু বাগৰি বনাঞ্চলত পাঁচটাকৈ বন শিবিৰ জলমগ্ন হৈছে ।

আনহাতে বুঢ়াপাহাৰ বনাঞ্চলত দুটা, বোকাখাত বনাঞ্চলত তিনিটা আৰু বিশ্বনাথ বন সংমণ্ডলৰ অধীনত আঠটা চাং বন শিবিৰৰ তলেদি পানী বৈ আছে । উদ্যানখনত হোৱা দ্বিতীয়টো বানত তিনিটা গঁড়, পহু, ম’হকে ধৰি মুঠ ১১টা বন্যপ্রাণী মৃত্যুমুখত পৰিছে । এতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪০ শতাংশ বনাঞ্চল পানীত বুৰ গৈছে ।

লগতে পঢ়ক: Assam Scholarship Scam: সংখ্যালঘু ছাত্ৰ জলপানি কেলেংকাৰী; ৰাজ্যজুৰি চলিব CBIৰ বৃহৎ অভিযান

Last Updated :Sep 1, 2023, 6:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.