ETV Bharat / state

Assam Scholarship Scam: সংখ্যালঘু ছাত্ৰ জলপানি কেলেংকাৰী; ৰাজ্যজুৰি চলিব CBIৰ বৃহৎ অভিযান

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:28 PM IST

Updated : Sep 1, 2023, 6:35 AM IST

অসমত চলিব CBIৰ বৃহৎ অভিযান ৷ ৰাজ্যখনত সংঘটিত হোৱা ছাত্ৰ জলপানি কেলেংকাৰীৰ তদন্তৰ বাবে অভিযান চলাব চিবিআইয়ে ৷ ইয়াৰ বিৰুদ্ধে ইতিমধ্যেই গোচৰ ৰুজু কৰি সাজু হৈছে CBI ৷ জালত পৰিব পাৰে বৃহৎ প্ৰৱঞ্চক চক্ৰ ৷

Assam Scholarship Scam
Assam Scholarship Scam

গুৱাহাটী, ৩১ আগষ্ট: শীঘ্ৰেই অসমত চলিব ৰাজ্যখনৰ ইতিহাসৰ সৰ্ববৃহৎ চিবিআইৰ (CBI) অভিযান ৷ অসমৰ মুঠ ২২৫ খন কলেজ তথা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে চলিব কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIৰ ৷ ৰাজ্যখনৰ ২২৫ খন শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষকৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে সাজু হৈছে কেন্দ্রীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআই ।

সংখ্যালঘুৰ ছাত্ৰ জলপানি আঁচনিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ হৈছে ৰাজ্যত ৷ এই ঘটনাৰ তদন্তৰ দ্বায়িত্ব খোদ লৈছে চিবিআইয়ে ৷ ইতিমধ্যে অসম আৰক্ষীৰ চিআইডিয়ে এই সংখ্যালঘুৰ জলপানিৰ ধন আত্মসাৎ কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছিল ৷ এখন বা দুখন নহয় , এই কেলেংকাৰীৰে তথ্যসহ নাম সাঙুৰ খাই পৰিছে মুঠ ২২৫ খন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-অধ্যক্ষৰ ৷

যোৱা সোমবাৰে চিবিআইয়ে নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত দেশৰ বৃহৎ সংখ্যক শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে । দেশৰ সংখ্যালঘু ছাত্র বৃত্তিৰ নামত দেশত সংঘটিত বৃহৎ কেলেংকাৰিৰ সন্দৰ্ভত কেন্দ্রীয় সংখ্যালঘু মন্ত্ৰণালয়ৰ সচিবৰ অভিযোগৰ ভিত্তিত চিবিআইয়ে গোচৰটো পঞ্জীয়ন কৰিছে ।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘু ছাত্র বৃত্তিৰ নামত দেশৰ ১৮ খন ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ১৪৪.৩৩ কোটি টকাৰ কেলেংকাৰী হোৱাৰ তথ্য লাভ কৰিছে । এই ১৮ খন ৰাজ্যৰ ভিতৰত আছে অসমৰো বহু সংখ্যক বিদ্যালয়ৰ নাম ৷ এনে ছাত্র জলপানিৰ ধনৰ কেলেংকাৰিত জড়িত দেশৰ ৮৩০ খন শিক্ষানুষ্ঠানক চিবিআইয়ে তদন্তৰ আওতালৈ আনিব ৷

অসমতো ভুৱা ছাত্ৰ আৰু ভুৱা শিক্ষানুষ্ঠানৰ নামত দুষ্ট চক্ৰই কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য প্রাথমিক অনুসন্ধানত পোহৰলৈ আহিছে । অসম আৰক্ষীৰ চিআইডিয়ে এই প্ৰসংগত একাধিক গোচৰত চলাই আছে নিজৰ তদন্ত ৷ চিবিআইৰ তালিকাত সংখ্যালঘু ছাত্ৰ জলপানিৰ কেলেংকাৰিত জড়িত দেশৰ ৮৩০ খন শিক্ষানুষ্ঠানৰ ভিতৰত শীৰ্ষত আছে অসম ।

চিবিআয়ে অসমৰ ২২৫ খন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে । অসমৰ পাছতেই আছে ক্রমে কৰ্ণাটকৰ ১৬২ খন, উত্তৰ প্রদেশৰ ১৫৪ খন, ৰাজস্থানৰ ৯৯ খন, বিহাৰৰ ২৫ খন, মহাৰাষ্ট্ৰৰ ১৭ খন, পশ্চিম বংগৰ ১৪ খন, উত্তৰাখণ্ডৰ ১২ খন, তেলেংগানাৰ ১১ খন, ঝাৰখণ্ডৰ ৬ খন ।

চিবিআয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা 2021-22 বিত্তীয় বৰ্ষৰ ভিতৰত এই সংখ্যালঘু ছাত্ৰ জলপানিৰ কেলেংকাৰি সংঘটিত হৈছিল । বহু শিক্ষানুষ্ঠানৰ কোনো বাস্তৱিক অস্তিত্বই নাছিল ।

তাৰ ভিতৰত গুৱাহাটীৰ ফ্লেট আদিৰ আবাসিক ঠিকনা ব্যৱহাৰ কৰিও ভুৱা শিক্ষানুষ্ঠানৰ ভুৱা ছাত্ৰৰ নামত সংখ্যালঘু ছাত্ৰৰ জলপানিৰ ধন উলিওৱা হৈছিল ৷ একাংশ শিক্ষক আৰু দালালৰ এক সন্মিলিত চক্ৰই চলাইছিল এই লুণ্ঠন ৷ ২০১৭ৰ পৰা ২০২২বৰ্ষলৈ এই ৫ বছৰত দেশৰ প্ৰায় ৬৫ লাখ শিক্ষার্থীয়ে সংখ্যালঘু জলপানি লাভ কৰিছে যদিও ভুৱা ছাত্ৰৰ লগতে ভুৱা শিক্ষানুষ্ঠানৰ নামত বেংক কৰ্মচাৰীৰে লগ হৈ একাংশ শিক্ষক, মধ্যভুগী আৰু দালালে শ শ কোটি টকা লুণ্ঠন চলাইছিল ।

শেহতীয়াভাৱে চিবিআইয়ে এই গোচৰ পঞ্জীয়ন কৰাৰ পাছতেই তদন্তকাৰী বিষয়া ডিএছপি পি কে শ্রীবাস্তরে অচিৰেই অসমত বৃহৎ অভিযান চলাব বুলি চিবিআইৰ তথ্যত প্ৰকাশ । চিবিআইয়ে নিজৰ এজাহাৰত অভিযুক্তৰ তালিকাত কাৰো নাম উল্লেখ কৰা নাই ৷

কিন্তু চিবিআইয়ে বহু শৈক্ষিক প্ৰতিষ্ঠানৰ নডেল অফিচাৰ অৰ্থাৎ অধ্যক্ষ, ৰাজহুৱা খণ্ডৰ বেংকৰ বিষয়া-কৰ্মচাৰী, মধ্যভোগী দালালৰ লগতে জিলা আৰু ৰাজ্যিক নডেল বিষয়াকো অভিযুক্ত কৰি পদৱীসমূহ উল্লেখ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ উক্ত ছাত্ৰ বৃত্তি কেলেংকাৰিৰ সন্দৰ্ভত অসমৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰং আৰু নগাঁৱত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ।

২০১৯ বৰ্ষৰ পৰা অসমৰ কেইবাখনো জিলাত সংখ্যালঘুৰ জলপানিৰ ধনৰ এক দুষ্ট চক্ৰই লুণ্ঠন কৰি অহাৰ আন এক তথ্য পোহৰলৈ আহিছিল । ২০২০ চনতে নগাঁও আৰক্ষীয়ে এই প্ৰসংগত এক গোচৰ ৰুজু কৰিছিল । গোচৰ ৰুজু কৰি কলেজ অধ্যক্ষসহ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী ।

কেৱল সেয়ে নহয়, ইয়াৰ উপৰিও অসম আৰক্ষীৰ চিআইডিয়েও এটা গোচৰ ৰুজু কৰি সংখ্যালঘু ছাত্ৰৰ জলপানিৰ ধন লুণ্ঠনৰ কেলেংকাৰি সন্দৰ্ভত ৪৩জন লোকক গ্ৰেপ্তাৰ কৰিছিল । চিবিআইৰ তথ্য অনুসৰি ‘ঈশান উদয় জলপানি’ কেলেংকাৰি গোচৰত ইতিপূৰ্বে অসম আৰক্ষীয়ে বঙাইগাঁৱ জিলাৰ চাকলাস্থিত চি কে কলেজৰ অধ্যক্ষ শ্বহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল ।

এই কেলেংকাৰীৰ পৰ্যায় দেখিলে আপোনাৰো চকু কপালত উঠিব । আনকি সেই অধ্যক্ষগৰাকীয়ে নিজৰ গাড়ীচালক আৰু পত্নীকো শিক্ষার্থী সজাই সংখ্যালঘু ছাত্ৰ জলপানিৰ ধন লুণ্ঠন কৰিছিল ৷

তদুপৰি বৰপেটা জিলাৰ উত্তৰ বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ, জ্ঞানপ্রিয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ, হৰেন্দ্ৰ চিত্ৰা কলেজৰ অধ্যক্ষ, জনপ্রিয় (Janapriya) মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ, বঙাইগাঁৱৰ বি বি কলেজৰ অধ্যক্ষকে ধৰি বহু কেইগৰাকী অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছিল । এই অসাধু চক্ৰটোৱে ইমানেই কৌশলেৰে ধন আত্মসাৎ কৰিছিল যে ভুৱা বেংক একাউণ্ট নম্বৰ, ভুৱা আধাৰ কাৰ্ড আৰু কে ৱাই চি নথি প্ৰস্তুত কৰি জলপানিৰ প'ৰ্টেল আৰু ৱেবচাইটত অন্তৰ্ভুক্ত কৰি ধন সৰকাইছিল ৷ প্ৰথমাৱস্থাত কোনেও ইয়াৰ উমান পোৱা নাছিল ।

এতিয়া সমগ্ৰ দেশৰ ১৮ খন ৰাজ্যৰ লগতে কেলেংকাৰীৰ শীৰ্ষত থকা অসমৰ ২২৫ খন মহাবিদ্যালয়-বিদ্যালয়ৰ অধ্যক্ষ-শিক্ষক তথা একাংশ দালাল তথা বেংক কৰ্মচাৰীয়ে শীঘ্ৰেই মুখামুখী হ’ব লাগিব চিবিআইৰ তদন্তৰ ৷ গ্ৰেপ্তাৰ হ’ব পাৰে সংখ্যালঘুৰ ছাত্ৰ জলপানিৰ ধন লুণ্ঠনকাৰী অসমৰ শ শ কলেজ শিক্ষক-অধ্যক্ষ আৰু মধ্যভোগী ।

লগতে পঢ়ক: Ishan Uday Scam: ঈশান উদয় বৃত্তি কেলেংকাৰী: বৰপেটাত আকৌ জালত পৰিল মহাবিদ্যালয়ৰ অধ্যক্ষ

Last Updated : Sep 1, 2023, 6:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.