ETV Bharat / state

দীপাৱলীত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত

author img

By

Published : Nov 7, 2021, 1:57 PM IST

দীপাৱলীৰ সময়ত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত হয় ৷ কেইবাটাও অগ্নিকাণ্ড ফটকা, মাটিৰ চাকি, বৈদ্যুতিক বিজুতিৰ পৰা সংঘটিত হোৱাৰ উপৰিও বহুকেইটা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই বুলি অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰে ৷

দীপাৱলীত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত
দীপাৱলীত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী,৭ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ(ম) জিলাত কেইবাটাও সৰু-বৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ দীপাৱলীৰ দুটা দিনত অৰ্থাৎ ৪-৫ নৱেম্বৰত কামৰূপ(ম) জিলাত মুঠ ১৪ টা অগ্নিকাণ্ড সংঘটিত হৈছে ৷

অগ্নিনিৰ্বাপক বাহিনীৰ পৰা পোৱা তথ্য অনুসৰি, ৪ নৱেম্বৰত মহানগৰীৰ গুৱাহাটী ৰে’ল ষ্টেচনৰ কালী মন্দিৰৰ সমীপত, বেলতলা তিনিআলিৰ সৌৰভ নগৰ, ওদালবাক্ৰা, টকৌবাৰী আৰু ফাঁচী বজাৰকে ধৰি মুঠ ৫ টা স্থানত অগ্নিকাণ্ড সংঘটিত হয় ৷

আনহাতে, ৫ নৱেম্বৰত ৰিহাবাৰী, চি এম ৰেচিডেঞ্চ, ফটাশিলৰ জি এম চি কলনী, ছাত্ৰীবাৰী, আমিনগাঁও, বশিষ্ঠ, শান্তিপুৰ, ফাঁচী বজাৰৰ জি এম চি মাৰ্কেট, পাণ্ডুকে ধৰি মুঠ ৯ টা অগ্নিকাণ্ড সংঘটিত হৈছে ৷

কেইবাটাও অগ্নিকাণ্ড ফটকা, মাটিৰ চাকি, বৈদ্যুতিক বিজুতিৰ পৰা সংঘটিত হোৱাৰ উপৰিও বহুকেইটা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই বুলি অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰে ৷

উল্লেখ্য যে, দীপাৱলীৰ সময়চোৱাত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয় ৷

লগতে চাওক: সৃষ্টিৰ পদক্ষেপ : মানস অভয়াৰণ্যলৈ প্ৰেৰণ দীপাৱলীত ব্যৱহৃত কলগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.