ETV Bharat / city

সৃষ্টিৰ পদক্ষেপ : মানাহ অভয়াৰণ্যলৈ প্ৰেৰণ দীপাৱলীত ব্যৱহৃত কলগছ

author img

By

Published : Nov 7, 2021, 1:13 PM IST

Updated : Nov 7, 2021, 2:07 PM IST

বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা সৃষ্টিৰ প্ৰশংসনীয় কাৰ্য । পোহৰৰ উৎসৱ দীপাৱলীত ব্যৱহাৰ হোৱা কলগছ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ ৷ বন্যহস্তীক খাদ্য় যোগান ধৰাৰ প্ৰয়াসেৰে এই পদক্ষেপ গ্ৰহণ সংস্থাটোৰ ।

Banana trees used in Diwali sent for wild elephants
বন্যহস্তীৰ বাবে প্ৰেৰণ দীপাৱলীত ব্যৱহাৰ হোৱা কলগছ

নলবাৰী, 7 নৱেম্বৰ : নলবাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা সৃষ্টিয়ে দীপাৱলীত ব্যৱহাৰ হোৱা কলগছসমূহ সংগ্ৰহ কৰি শনিবাৰে হাতীৰ খাদ্যৰ বাবে প্ৰেৰণ কৰে । স্বেচ্ছাসেৱী সংস্থাটোৱে বিগত দুদিন ধৰি নলবাৰী চহৰৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা কলগছসমূহ নলবাৰী পৌৰসভাৰ সহায়ত সংগ্ৰহ কৰি নলবাৰী মহাবিদ্যালয় খেলপথাৰত জমা কৰি ৰাখিছিল ৷

বন্যহস্তীৰ বাবে প্ৰেৰণ দীপাৱলীত ব্যৱহাৰ হোৱা কলগছ

স্বেচ্ছাসেৱী সংস্থাটোৱে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫,০০০ জোপা কলগছ সংগ্ৰহ কৰে ৷ সংস্থাটোৱে শনিবাৰে পাঁচখনকৈ গাড়ীত কলগছসমূহ বোজাই কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা হাতীৰ বাবে প্ৰেৰণ কৰে । ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ অভাৱত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত । এনে সময়ত স্বেচ্ছাসেৱী সংস্থা সৃষ্টিয়ে গ্ৰহণ কৰা এই পদক্ষেপে বন্যহস্তীৰ খাদ্যৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে ।

নলবাৰীৰ বেচৰকাৰী সংস্থাটোৱে বিগত বৰ্ষতো দীপাৱলীত ব্যৱহাৰ হোৱা কলগছসমূহ সংগ্ৰহ কৰি বন্যহস্তীৰ বাবে প্ৰেৰণ কৰিছিল । উক্ত সংস্থাটোৱে ইয়াৰ লগতে প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গছপুলি ৰোপণকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতিবাদস্বৰূপে বিজেপিত যোগদান

Last Updated : Nov 7, 2021, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.