ETV Bharat / state

Assam budget 2023 : ১৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে দাখিল‌ কৰিব অসমৰ বিত্তীয় বাজেট 2023

author img

By

Published : Mar 14, 2023, 10:04 PM IST

Assam budget 2023
প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ বাজেট অধিৱেশনৰ তৃতীয়টো দিনৰ কাৰ্যসূচী

প্ৰশ্নোত্তৰ শিতানেৰে মঙলবাৰে আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিনৰ কাৰ্যসূচী (Assam Assembly budget session 2023)৷ য’ত কেইবাখনো বিধায়ক‌ উত্থাপন হয় ৷ লগতে ৰাজ্যৰ বিভিন্ন বিভাগৰ কাম-কাজ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হয় ৷ ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্তীয় বাজেট দাখিল‌ কৰিব ৷

প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ বাজেট অধিৱেশনৰ তৃতীয়টো দিনৰ কাৰ্যসূচী

গুৱাহাটী, 14 মাৰ্চ : মঙলবাৰে আছিল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিন (Assam Assembly budget session 2023) ৷ বাজেট অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় প্ৰশ্নোত্তৰ শিতানেৰে । বিধানসভাত গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগ, শিশু আৰু মহিলা কল্যাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু যোগান অসমাৰিক বিভাগ, সাধাৰণ প্ৰশাসন বিভাগৰ আৰু বিত্ত বিভাগলৈ বিভিন্ন প্ৰশ্ন বিধায়কসকলৰ দ্বাৰা উত্থাপন কৰা হয় ।

এম জি এনৰেগাৰ কাম-কাজৰ সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতা দাঙি ধৰি সদনত বিৰোধীয়ে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । বিশেষকৈ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিভানসভাত এম জি এনৰেগাৰ কাম কাজৰ সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতা সন্দৰ্ভত বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ‌ সৃষ্টি কৰে ৷ যাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক বিধানসভাৰ অধিৱেশনৰ পৰা বহিষ্কাৰ কৰে ।

অৱশ্যে পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছৰ বিধায়নী দলৰ নেতা ৰকিবুল‌ হুছেইনৰ অনুৰোধত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণৰ অনুমতি দিয়ে । মন কৰিবলগীয়া যে, বিধানসভাত অখিল গগৈয়ে চৰকাৰৰ এক লাখ নিযুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । লগতে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনিয়মৰ‌ সন্দৰ্ভত প্ৰশ্ন কৰে ।

ইপিনে এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে এম জি এন ৰেগাৰ কাম-কাজ নিয়াৰীকৈ পৰিচালনাৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰসংগত সদনত এক প্ৰশ্ন উত্থাপনৰ লগতে এক বিতৰ্কতো অংশ লয় । ইয়াৰ উপৰি তেওঁ চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ সুতৰ ধনসমূহ ব্যৱহাৰৰ প্ৰসংগতো প্ৰশ্ন উত্থাপন কৰে ।

আনহাতে, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই "বহিঃৰাজ্যত কৰ্মৰত কৰ্মচাৰীৰ ভাট্টা আদি দিয়া সম্পৰ্কত" আৰু "PMAY গৃহ আৱণ্টনত হোৱা বেমেজালি" সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীক প্ৰশ্ন কৰে ।

বিভাগীয় মন্ত্ৰীসকলে প্ৰশ্নসমূহৰ উত্তৰ দিয়ে যদিও তেওঁলোকৰ উত্তৰত বিৰোধী বিধায়কসকলে অসন্তুষ্টি প্ৰকাশ কৰে । ইয়াকে লৈ সদনত বাক বিতণ্ডাৰ সৃষ্টি হয় । এই সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ বাহিৰত কয় যে, শাসকীয় দলে বিধানসভাত বিৰোধীক প্ৰশ্ন কৰাত বাধা প্ৰদান কৰিছে । যাৰ সঠিক প্ৰশ্নৰ উত্তৰ পোৱাত অসুবিধা হৈছে ।

উল্লেখ্য যে, বিধানসভাত আজিৰ দিনটোত কেবাখনো বিধায়ক‌ উত্থাপন হয় । বুধবাৰে বিধানসভাৰ চতুৰ্থ দিনৰ কাৰ্যসূচী অনুযায়ী ৰাজ্যপালৰ‌ ভাষণৰ ওপৰত ধন্যবাদ সূচক মন্তব্য প্ৰদান কৰা‌ হ’ব । লগতে থাকিব প্ৰশ্নোত্তৰ শিতান । অহা ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল‌ কৰিব (Finance Minister Ajanta Neog to present annual state budget on March 16, 2023)।

লগতে পঢ়ক : Assam Govt Recruitment 2023 : মে' মাহত ৪০ হাজাৰ পদত নিযুক্তি দিব অসম চৰকাৰে, সদনত ঘোষণা বিত্তমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.