ETV Bharat / state

তুংগত উঠিছে কেজৰীৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ টুইটযুদ্ধ

author img

By

Published : Aug 26, 2022, 4:14 PM IST

CMs Twitter War
টুইটাৰত চলিছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যুঁজ

টুইটাৰত চলিছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যুঁজ । অসমত বিদ্যালয় একত্ৰীকৰণৰ প্ৰসংগত ২৪ আগষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিছিল এটা টুইট (CMs Twitter War) । প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হিচাপে তেওঁৰ দিনত এতিয়ালৈ অসম চৰকাৰে ৮৬১০ খন নতুন স্কুল স্থাপন কৰাৰ কথা সদৰী কৰিছিল । ৭ বছৰত দিল্লী চৰকাৰে কিমান নতুন বিদ্যালয় আৰম্ভ কৰিছে বুলি প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীৰ । কেজৰিৱালে পুনৰ দিলে উত্তৰ ।

গুৱাহাটী, ২৬ আগষ্ট : অসমত চৰকাৰী খণ্ডৰ বহু শিক্ষানুষ্ঠান বন্ধ কৰিব বিচৰা চৰকাৰী সিদ্ধান্তক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত চলি আছে টুইটাৰ যুদ্ধ (Delhi and Assam CMs Twitter war) । মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালক প্ৰশ্ন কৰাৰ পিছত এইবাৰ কেজৰিৱালেও উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

CMs Twitter War
টুইটাৰত চলিছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যুঁজ

এইবাৰ কেজৰিৱালে মুখ্যমন্ত্ৰীক উদ্দেশ্যি টুইটযোগে কয়, ‘‘হয়তো আপুনি বেয়া পালে । আপোনাৰ দোষবোৰ দেখুওৱাৰ উদ্দেশ্য মোৰ নাছিল । আমি সকলো এখন দেশ । আমি ইজনে সিজনৰ পৰা শিকিব লাগিব । তেতিয়াহে ভাৰত এক নম্বৰ দেশ হ’ব’’ (CMs Twitter War) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰা কেজৰিৱালে লগতে কয়, ‘‘মই অসমলৈ যাম । কেতিয়া আহিব লাগে কওক । আপুনি কৰা শিক্ষা খণ্ডৰ ভাল কামবোৰ দেখুৱাব । আপুনি দিল্লীলৈ আহক, মই আপোনাক দিল্লীত হোৱা কাম দেখুৱাম’’ (Delhi CM offers to visit Assam following Twitter war with Assam CM)।

CMs Twitter War
হিমন্ত কেজৰিৱালৰ টুইটাৰ যুদ্ধ

উল্লেখ্য যে অসমত বিদ্যালয়ৰ একত্ৰীকৰণৰ প্ৰসংগত ২৪ আগষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা টুইট কৰিছিল । টুইটত কেজৰিৱালে লিখিছিল, ‘‘স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয় । আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন । স্কুল বন্ধ কৰাৰ সলনি স্কুলৰ সংস্কাৰ সাধন কৰক’’ ।

কেজৰিৱালৰ এই টুইটৰ পিছতে উভতি ধৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই । কেজৰিৱালৰ টুইটৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল, ‘‘প্ৰথম কথা, অসমৰ স্কুল বন্ধ কৰা হোৱা নাই, শৈক্ষিক বাতাবৰণ উন্নত কৰাৰ বাবে একত্ৰিত কৰা হৈছে । দ্বিতীয়তে অৰবিন্দ কেজৰিৱালৰ অসমৰ শিক্ষা ব্যৱস্থাক লৈ কথা কোৱাৰ কোনো অধিকাৰ নাই’’।

লগতে পঢ়ক : নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

লগতে তেওঁ দিল্লী মডেল স্কুলক ভুৱা আখ্যা দিছিল । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ সেই টুইটৰ প্ৰত্যুত্তৰ দিয়ে । মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰত কেজৰিৱালক প্ৰত্যুত্তৰ দি কৈছিল, ‘‘আপুনি কোনো এটা বিষয়ত হোমৱৰ্ক নোহোৱাকৈ মন্তব্য দিয়ে । শিক্ষা মন্ত্ৰী হিচাপে মোৰ দিনত এতিয়ালৈ অসম চৰকাৰে ৮,৬১০ খন নতুন স্কুল স্থাপন কৰিছে । যোৱা ৭ বছৰত দিল্লী চৰকাৰে কিমান নতুন বিদ্যালয় আৰম্ভ কৰিছে’’ ।

ত‍াৰ পাচতে আজি পুনৰ মুখ্যমন্ত্ৰী শৰ্মাৰ টুইটৰ প্ৰত্যুত্তৰ দি অৰবিন্দ কেজৰিৱালে কয়, ‘‘আপুনি বেয়াই পালে, মোৰ উদ্দেশ্যে আপোনাক বেয়াকৈ কোৱা নাছিল ৷ আমি একেখন দেশতে থাকো । আমি এজনে আনজনৰ পৰা শিকিব লাগে । তেতিয়াহে ভাৰত নাম্বাৰ ৱান দেশ হ’ব’’ ।

লগতে তেওঁ অসমলৈ অহাৰ কথাও কৈছে আৰু কেতিয়া মাতিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰশ্নও কৰিছে । আনহাতে, তেওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ নিমন্ত্ৰণ জনাইছে তেওঁ কৰা কামবোৰ দেখুৱাবৰ বাবে । এনেদৰে টুইটাৰ যুদ্ধ চলিছে দুই মুখ্যমন্ত্ৰীৰ ।

ইফালে আজি সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে দিল্লীৰ লগত অসমৰ তুলনা কৰি লাভ নাই । দিল্লীত ১,২০০ বিদ্যালয় থকাৰ বিপৰীতে অসমত ৬০-৭০ হাজাৰ বিদ্যালয় আছে । পাঞ্জাৱ আদি ৰ‍াজ্যৰ লগত তুলনা কৰি লাভ আছে বুলি তেওঁ কয় ।

লগতে পঢ়ক : ১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ একত্ৰীকৰণৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.