ETV Bharat / state

১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ একত্ৰীকৰণৰ তালিকা প্ৰকাশ

author img

By

Published : Aug 26, 2022, 1:31 PM IST

নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়ক একত্ৰিকৰণ প্ৰক্ৰিয়াৰে আন বিদ্যালয়ৰ সৈতে চামিল কৰাৰ বাবে জাৰি কৰা হৈছে জাননী (List of secondary schools merged published) । মাধ্যমিক শিক্ষা সঞ্চালয়কালয়ে প্ৰকাশ কৰিছে সংশ্লিষ্ট বিদ্যালয়ৰ তালিকা । ২১খন জিলাৰ মুঠ ১৯৫ খন বিদ্যালয় আন বিদ্যালয়ৰে শীঘ্ৰে চামিলকৰণৰ নিৰ্দেশ (195 schools will be amalgamation with other schools)।

195 schools in 21 districts should be merged with other schools
একত্ৰীকৰণ: ১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ তালিকা প্ৰকাশ

গুৱাহাটী,২৬ আগষ্ট: ৰাজ্যত আৰম্ভ হ'ল চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া (Process of closure of government schools starts) । অৰ্থাৎ একত্ৰীকৰণৰ যোগেদি চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ কৰা হৈছে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ আঢ়ৈ হাজাৰ বিদ্যালয় বন্ধ কৰা হ'ব বুলি সদৰি কৰাৰ পাছতে নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়ক একত্ৰিকৰণ প্ৰক্ৰিয়াৰে আন বিদ্যালয়ৰ সৈতে চামিল কৰাৰ জাননী জাৰি কৰা হৈছে (195 schools will be amalgamation with other schools) ।

195 schools in 21 districts should be merged with other schools
একত্ৰীকৰণ: ১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ তালিকা প্ৰকাশ
195 schools in 21 districts should be merged with other schools
একত্ৰীকৰণ: ১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ তালিকা প্ৰকাশ

এই ক্ষেত্ৰত মাধ্যমিক শিক্ষা সঞ্চালয়কালয়ে প্ৰকাশ কৰিছে সংশ্লিষ্ট বিদ্যালয়ৰ তালিকা । শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ বাবেই এই ১৯৫ খন বিদ্যালয় সমীপৰ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে । এই ক্ষেত্ৰত বেচ বিদ্যালয়সমূহৰ তালিকাও প্ৰকাশ কৰা হৈছে । য'ত এই ১৯৫ খন বিদ্যালয় সংলগ্ন হ'ব ।

195 schools in 21 districts should be merged with other schools
একত্ৰীকৰণ: ১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ তালিকা প্ৰকাশ

মাধ্যমিক শিক্ষা সঞ্চালয়কালয়ে জাৰি কৰা জাননী অনুসৰি বৰপেটা জিলাৰ ৪৭ খন বিদ্যালয়, বঙাইগাঁও জিলাৰ ১৩ খন বিদ্যালয়, কাছাৰ জিলাৰ ৭ খন বিদ্যালয়, দৰং জিলাৰ ৭ খন, ধেমাজি জিলাৰ ২৩ খন, ধুবুৰী জিলাৰ ১৮ খন বিদ্যালয়, ডিব্ৰুগড় জিলাৰ এখন বিদ্যালয়, গোৱালপাৰাৰ ৫ খন বিদ্যালয়, গোলাঘাটৰ দুখন বিদ্যালয়, হাইলাকান্দিৰ তিনিখন বিদ্যালয় আৰু যোৰহাট জিলাৰ ১০ খন বিদ্যালয় ৷

আনহাতে কামৰূপ মহানগৰ জিলাৰ ৪ খন বিদ্যালয়, কামৰূপ গ্ৰ‍াম্যৰ ১৮ খন বিদ্যালয়, কৰিমগঞ্জ জিলাৰ ৪ খন, লখিমপুৰ জিলাৰ ১০ খন বিদ্যালয়, মৰিগাঁও জিলাৰ ৯ খন বিদ্যালয়, নগাঁও জিলাৰ তিনিখন বিদ্যালয়, নলবাৰী জিলাৰ এখন, শিৱসাগৰৰ ৭ খন বিদ্যালয়, শোণিতপুৰ জিলাৰ এখন আৰু তিনিচুকীয়া জিলাৰ দুখন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে চামিল হ'ল ।

২১খন জিলাৰ মুঠ ১৯৫ খন বিদ্যালয় একত্ৰীকৰণৰ বাবে জাননী জাৰি কৰি নিৰ্দেশ দিছে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে । সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শক সকলক একত্রীকৰণ এই প্ৰক্ৰিয়া শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে, জাননীখনত উল্লেখ কৰা অনুসৰি চামিল হ'বলগীয়া নতুনকৈ প্ৰাদেশিকীকৰণ কৰা বিদ্যালয়সমূহৰ ভূমি, ভৱন আৰু অন্যান্য সম্পত্তিবোৰ চৰকাৰৰ অধীনত থাকিব (195 schools in 21 districts should be merged with other schools)।

লগতে পঢ়ক: নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.