ETV Bharat / state

Durga Puja 2023: 8 অক্টোবৰৰ পৰা কামাখ্যা ধামত আৰম্ভ শাৰদীয় দুৰ্গা পূজা

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:27 PM IST

Durga Puja 2023
8 অক্টোবৰৰ পৰা মা কামাখ্যা ধামত পষেকযোৰা দুৰ্গা পূজাৰ আয়োজন

দুৰ্গতিনাসিনীক আদৰিবলৈ সমগ্র ৰাজ্যতে ধুম ধামেৰে চলিছে প্ৰস্তুতি । দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী। 8 অক্টোবৰৰ পৰা মা কামাখ্যা ধামত পষেকযোৰা দুৰ্গা পূজাৰ লগতে নৱৰাত্ৰীৰ আয়োজন কৰা হৈছে ৷

8 অক্টোবৰৰ পৰা মা কামাখ্যা ধামত পষেকযোৰা দুৰ্গা পূজাৰ আয়োজন

গুৱাহাটী, 8 অক্টোবৰ : উখল-মাখল মা কামাখ্যা ধাম । দেওবাৰৰ পৰা আৰম্ভ মা কামাখ্যা ধামত এপষেকযোৰা দুৰ্গা পূজা । দুৰ্গতিনাসিনীক আদৰিবলৈ সমগ্র ৰাজ্যতে ধুম ধামেৰে চলিছে প্ৰস্তুতি । দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী । পূজালৈ সাজু হৈছে ৰাজ্যবাসী । দেশৰ 51 খন দেৱীপীঠৰ অন্যতম এই মা কামাখ্যা ধামতো এতিয়া চলিছে দুৰ্গা পূজাৰ মহা আয়োজন ।

আজিৰ পৰা অৰ্থাৎ কৃষ্ণা নৱমীৰ দিনাৰ পৰা মা কামাখ্যা ধামত আৰম্ভ হৈছে শৰৎকালীন দুৰ্গা পূজা। মা কামাখ্যা ধামত প্ৰতিবছৰে এপষেকজোৰা দুৰ্গা পূজা অনুষ্ঠিত কৰা হয় । আজিৰে পৰা অমাৱস্যালৈ একাদিক্ৰমে পূজা অব্যাহত থাকিব ৷ আনহাতে প্ৰতিপদৰ পৰা নৱমীলৈ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব নৱৰাত্রী পূজা । লগতে নৱৰাত্ৰীৰ প্ৰথম দিনাৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ’ব কুমাৰী পূজা । প্রথম দিনা এগৰাকী কুমাৰীক পূজা কৰা হ'ব, দ্বিতীয় দিনা দুগৰাকী, ঠিক তেনেদৰেক একাদিক্ৰমে নৱমীৰ দিনা 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব ।

নৱৰাত্রীৰ সময়ছোৱাত নীলাচলৰ বুকুলৈ বহু ভক্তৰ আগমন ঘটে । সেইবাবে ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ পৰিচালনা সমিতিয়ে কিছু নিৰ্দেশনা জাৰী কৰিছে । সপ্তমী পূজাৰ দিনা পুৱা 9.30 বজাত মন্দিৰৰ মূলদ্বাৰ খোলা হ'ব আৰু আবেলি মন্দিৰৰ মূলদ্বাৰ বন্ধ কৰা হ'ব । ঠিক তেনেদৰে অষ্টমী পূজাৰ দিনা পুৱা 10.30 বজাত আৰু আবেলি 4 বজাত মন্দিৰৰ মূলদ্বাৰ বন্ধ কৰা হ'ব । নৱমীৰ দিনা দিনৰ 11 বজাত আৰু আবেলি 4 মন্দিৰ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এতিয়া এনেদৰে নৱৰাত্রী আৰু দুৰ্গা পূজাৰ বাবে সাজু হৈছে কামাখ্যা ধাম কৰ্তৃপক্ষ ।

লগতে পঢ়ক: Durga Puja 2023 : তেজপুৰত মৃন্ময় প্ৰতিমা গঢ়াত ব্যস্ত নৱম শ্ৰেণীৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.