ETV Bharat / state

Ready for Durga immersion : মহানগৰীৰ 8 টাকৈ ঘাটত আৰম্ভ দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:45 PM IST

মহালয়াৰ দিনা এইবাৰে ঘোঁৰাত উঠি ধৰালৈ অহা দেৱী দুৰ্গাই আজি পুনৰ ঘোঁৰাত উঠিয়েই কৈলাশলৈ গতি কৰিলে ৷ ভক্তগণেও আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে মা দুৰ্গাক ৷ মহানগৰীৰ 8 টাকৈ ঘাটত আজি পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া ৷

Ready for Durga immersion
শাৰদীয় দুৰ্গোৎসৱৰ উচাহ

মহানগৰীৰ 8 টাকৈ ঘাটত আৰম্ভ দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া

গুৱাহাটী , 24 অক্টোবৰ : আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে ভক্তসকলে । অন্ত পৰিল 5 দিনীয়া দুৰ্গোৎসৱৰ ব্যস্ততা । যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূজা-অৰ্চনাৰ অন্তত আজি অশ্ৰুসিক্ত নয়নেৰে মা দেৱী দুৰ্গাক বিদায় দিলে ভক্তসকলে ।

প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ল শাৰদীয় দুৰ্গোৎসৱৰ উচাহ । মহানগৰীত দেৱীৰ বিসৰ্জনৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত লোৱা হৈছে বিশেষ ব্যৱস্থা । বিজয়া দশমীৰ দিনা পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া ।

মহানগৰীৰ 8 টাকৈ ঘাটত হৈছে দেৱীৰ বিসৰ্জনৰ ব্যৱস্থা । পাণ্ডু, কাছমাৰী, চূণশালী আদিকে ধৰি 8 টা ঘাটত বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে । বিসৰ্জনৰ হকে মূৰ্তিসমূহ লৈ যোৱাৰ বাবে প্ৰশাসনে নিয়োজন কৰিছে বহু কৰ্মচাৰীও । কাছমাৰী ঘাটত জল পৰিবহন বিভাগৰ উদ্যোগত দুখনকৈ যেটিৰ ব্যৱস্থা কৰা হৈছে । বিসৰ্জনৰ পিচত মূৰ্তিসমূহ নদীৰ মাজত লৈ যোৱা হ'ব ।

গুৱাহাটী মহানগৰীত দুদিনীয়াকৈ হ’ব দেৱী বিসৰ্জন । প্ৰতিটো ঘাটত থাকিব প্ৰশাসনৰ নিৰাপত্তাৰ ব্যৱস্থা । ঘাটে ঘাটে সাজু হৈ আছে এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীৰ লোক । আনহাতে, বিসৰ্জনৰ বাবে প্ৰশাসনে গুৱাহাটীত জাৰি কৰিছে পথ নিৰ্দেশনাও । এই নিৰ্দেশনা অনুসৰি, নিৰ্দিষ্ট পথৰেহে বিসৰ্জনৰ বাবে নিব পাৰিব দেৱীৰ মূৰ্তি ।

আনহাতে, গুৱাহাটী মহানগৰীৰ লগতে নগাঁৱৰ প্ৰতিমা বিসৰ্জন দিবলৈ সম্পূৰ্ণ সাজু নগাঁৱৰ নেহেৰুবালিৰ বিসৰ্জন ঘাট । এই ঘাটত প্ৰতিমা বিসৰ্জনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসন আৰু পৌৰ সভাই । নগাঁও চহৰৰে প্ৰায় শতাধিক পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব নেহেৰুবালিৰ এই বিসৰ্জন ঘাটত ।

লগতে পঢ়ক : Ready for Durga immersion : প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নগাঁৱৰ নেহেৰুবালি বিসৰ্জন ঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.