ETV Bharat / state

জামিন লাভ কৰিলে ডাঃ নভনীল বৰুৱাই

author img

By

Published : Oct 11, 2021, 8:23 AM IST

dr navnil baruah gets bail
জামিন লাভ কৰিলে ডাঃ নভনীল বৰুৱাই

মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত অভিযুক্ত চিকিৎসক ডাঃ নভনীল বৰুৱাৰ জামিন লাভ ৷ দিছপুৰ থানাৰ গোচৰ নং 3720/21ত IPC 201/212/120(b) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল চিকিৎসকগৰাকীক ৷ কিন্তু, আৰক্ষী থানাৰ পৰাই জামিন লৈ ঘৰলৈ উভতিল মডেলগৰাকীক ৰক্ষণাবেক্ষণ দিয়াত অভিযুক্ত GNRCৰ চিকিৎসকগৰাকী ৷

নিউজ ডেস্ক , 11 অক্টোবৰ : গুৱাহাটীৰ হিট এণ্ড ৰান কাণ্ডৰ মূল অভিযুক্ত তথা মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত অভিযুক্ত চিকিৎসক ডাঃ নভনীল বৰুৱাৰ জামিন লাভ ৷ দেওবাৰে প্ৰায় 6 ঘন্টীয়া জেৰাৰ অন্তত আৰক্ষীয়ে জি এন আৰ চিৰ চিকিৎসক ডাঃ নভনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল ৷ দিছপুৰ থানাৰ গোচৰ নং 3720/21ত IPC 201/212/120(b) ধাৰাত চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

অৱশ্যে আৰক্ষী থানাৰ পৰাই জামিন লৈ ঘৰলৈ উভতিল মডেলগৰাকীক ৰক্ষণাবেক্ষণ দিয়াত অভিযুক্ত GNRCৰ চিকিৎসকগৰাকী ৷ উল্লেখ্য যে, তিনিদিনৰ জেৰাৰ অন্তত দিছপুৰ আৰক্ষীয়ে চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰিছিল ৷ শুকুৰবাৰে জেৰাৰ বাবে দিছপুৰ আৰক্ষীয়ে মাতি পঠিয়াইছিল ডাঃ বৰুৱাক ৷

প্ৰায় 11 ঘন্টীয়া জেৰাৰ পিছত শনিবাৰে পুনৰ জেৰা কৰা হৈছিল চিকিৎসক গৰাকীক ৷ ইয়াৰ পিছতে দেওবাৰেও চিকিৎসক ডাঃ বৰুৱাক প্ৰায় 6 ঘন্টা ধৰি জেৰা কৰে দিছপুৰ আৰক্ষীয়ে ৷ দিছপুৰ আৰক্ষীৰ নিৰ্দেশ অনুসৰি দেওবাৰে পুৱা প্ৰায় 10.30 বজাত দিছপুৰ থানাত হাজিৰ হৈছিল ডাঃ নভনীল বৰুৱা ৷

উল্লেখ্য যে, যোৱা 1 ছেপ্তেম্বৰত সুৰামত্ত হৈ ৰাজপথত কৰ্মৰত 8 গৰাকীকৈ শ্ৰমিকক বাহনেৰে মহতিয়াই নিছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই ৷ কিন্তু আৰক্ষীৰ গাফলতিৰ বাবে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল মডেলগৰাকী ৷ পাচত মডেল ৰাজকন্যাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল দিছপুৰ থানাত ৷

কিন্তু শাৰীৰিক অসুস্থতাৰ অচিলাৰে থানাত উপস্থিত নহৈ জি এন আৰ চিৰ আই চি ইউতহে ভৰ্তি হয় ৰাজকন্যা ৷ অৱশেষত যোৱা 5 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা যোৱা চিকিৎসকৰ দলে ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰি মডেলগৰাকী অসুস্থ নহয় বুলি প্ৰমাণপত্ৰ দিয়াৰ পিছতে আই চি ইউৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মডেলগৰাকীক ৷

ইয়াৰ পিছতে ৰাজকন্যাক ভুৱা চিকিৎসা প্ৰমাণ পত্ৰ দি আই চি ইউত ৰখাৰ বাবে আৰক্ষীৰ দৃষ্টিত পৰে চিকিৎসক ডাঃ নভনীল বৰুৱা ৷ তেওঁৰ উপৰিও দিছপুৰ আৰক্ষীয়ে জেৰা কৰিছিল জি এন আৰ চিৰ অধীক্ষককো ৷ আনহাতে, চিকিৎসকগৰাকীয়ে ৰাজকন্যাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভস্কৰজ্যোতি মহন্তৰ সৈতে আলোচনা কৰা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক : ৰাজকন্যাক ৰাজ আতিথ্য : গ্ৰেপ্তাৰ হ’ল ডাঃ নভনীল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.