ETV Bharat / state

Mayur Hazarika: ভাৰতীয় বৈদেশিক সেৱাৰ নিৰ্বাচিত তালিকাৰ শীৰ্ষত অসমৰ ডাঃ ময়ূৰ হাজৰিকা

author img

By

Published : Jul 22, 2023, 10:35 PM IST

Updated : Jul 22, 2023, 10:52 PM IST

selected Indian Foreign Service officers
ভাৰতীয় বৈদেশিক সেৱাৰ নিৰ্বাচিত তালিকাৰ শীৰ্ষত অসমৰ ডাঃ ময়ূৰ হাজৰিকা

ভাৰতীয় বৈদেশিক সেৱাৰ নিৰ্বাচিত তালিকাৰ শীৰ্ষত অসমৰ ডাঃ ময়ূৰ হাজৰিকা ৷ যোৱা 23 মে’ত ঘোষণা কৰা সৰ্বভাৰতীয় লোকসেৱা আয়োগ (ইউ পি এছ চি) ৰ পৰীক্ষা, 2022 ৰ ফলাফলত অসমৰ ভিতৰতে ইতিহাস ৰচনা কৰি দেশৰ ভিতৰত সৰ্বোচ্চ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ময়ূৰ হাজৰিকাই ৷

নিউজ ডেস্ক, 22 জুলাই: ভাৰতীয় বৈদেশিক সেৱাৰ নিৰ্বাচিত তালিকাৰ শীৰ্ষত অসমৰ ডাঃ ময়ূৰ হাজৰিকা ৷ যোৱা 23 মে’ত ঘোষণা কৰা সৰ্বভাৰতীয় লোকসেৱা আয়োগ (ইউ পি এছ চি) ৰ পৰীক্ষা, 2022 ৰ ফলাফলত অসমৰ ভিতৰতে ইতিহাস ৰচনা কৰি দেশৰ ভিতৰত সৰ্বোচ্চ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ময়ূৰ হাজৰিকাই ৷ ময়ূৰ তেজপুৰৰ মাজখোৱাৰ নিবাসী ৷ ইতিমধ্যে নগাঁৱত চিকিৎসক হিচাপে কৰ্মৰত আছিল ময়ূৰ ৷ তেজপুৰৰ অভিযন্তা কৃষ্ণ হাজৰিকা আৰু মৌচুমী হাজৰিকাৰ পুত্ৰ ময়ূৰ হাজৰিকা ৷

2013 চনত তেজপুৰ ডন বস্কোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ দশম স্থান দখল কৰিছিল ৷ ইয়াৰ পিচত 2015 চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান বিভাগৰ পৰা শীৰ্ষ নৱম স্থান দখল কৰে ময়ূৰে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS পাছ কৰি এজন চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল ময়ূৰ ৷

লগতে পঢ়ক: Mayur Hazarika: UPSC পৰীক্ষাত পঞ্চম স্থান দখলেৰে অসমক গৌৰৱান্বিত কৰা ময়ূৰ হাজৰিকাক উষ্ম আদৰণি

Last Updated :Jul 22, 2023, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.