ETV Bharat / state

Samagra Shiksha Assam : ৰাজ্যৰ বিশেষভাৱে সক্ষম শিশুক প্ৰদান প্ৰয়োজনীয় আহিলা

author img

By

Published : Mar 26, 2023, 7:19 AM IST

Samagra Shiksha Assam
সমগ্ৰ শিক্ষা মিছনৰ অধীনত খানাপাৰাৰ ষ্টাফ কলেজত কেন্দ্ৰীয়ভাৱে আয়োজিত এক বিশেষ অনুষ্ঠান

সমগ্ৰ শিক্ষা মিছনৰ অধীনত খানাপাৰাৰ ষ্টাফ কলেজত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰা হয় এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানতে বিশেষভাৱে সক্ষম কেতবোৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হয় তেওঁলোকৰ বহু প্ৰয়োজনীয় সা-সঁজুলি (Distributed aids and appliances to children with special needs at Khanapara)৷

সমগ্ৰ শিক্ষা মিছনৰ অধীনত খানাপাৰাৰ ষ্টাফ কলেজত কেন্দ্ৰীয়ভাৱে আয়োজিত এক বিশেষ অনুষ্ঠান

গুৱাহাটী, 25 মাৰ্চ : শনিবাৰে সমগ্ৰ ৰাজ্যতে ‘‘সমগ্ৰ শিক্ষা মিছন’’ৰ অধীনত আয়োজিত কৰা হয় এক বিশেষ অনুষ্ঠান (Samagra Shiksha Assam)৷ এই অনুষ্ঠানতে বিশেষভাৱে সক্ষম কেতবোৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হয় তেওঁলোকৰ বহু প্ৰয়োজনীয় সা-সঁজুলি ৷ এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি খানাপাৰাৰ ষ্টাফ কলেজত কেন্দ্ৰীয়ভাৱে আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ সহস্ৰাধিক বিশেষভাৱে সক্ষম শিশু তথা কিশোৰ-কিশোৰীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হয় বহু সা-সঁজুলি (Distributed aids and appliances to children with special needs at Khanapara)।

সমগ্ৰ শিক্ষা মিছনৰ অধীনত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ এই অনুষ্ঠানত প্ৰদান কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে wheel chair, tricycle, cerebral palsy chair, elbow crutch, rollator, MSIED kit, braile kit, braile slate, smart cane, smart phone ইত্যাদি ৷ তথ্য অনুসৰি, সমগ্ৰ অসমত মুঠ 7023 গৰাকী বিশেষভাৱে সক্ষম শিশু আৰু কিশোৰ-কিশোৰীক প্ৰদান কৰা হয় এই আহিলাসমূহ । লগতে 3054 গৰাকী বিশেষভাৱে সক্ষম শিশু আৰু কিশোৰ-কিশোৰীক প্ৰদান কৰা হয় শ্ৰৱণ যন্ত্ৰও ।

এই অনুষ্ঠানতে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, ‘‘এজন ব্যক্তি 100% সম্পূৰ্ণ নহয় কেতিয়াও । প্ৰতিজন লোক কোনোবা নহয় কোনোবা ক্ষেত্ৰত মানসিক অথবা শাৰীৰিকভাৱে অক্ষম । আমাৰ যিখিনি আছে সেইখিনি লৈয়েই আমি জীয়াই থাকি আগবাঢ়িব লাগিব । জন্ম দিয়া সন্তানৰ প্ৰতিপালন ভালদৰে কৰাটো প্ৰতিগৰাকী অভিভাৱকৰ দায়িত্ব’’ ।

লগতে মন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘‘বিশেষভাৱে সক্ষম সন্তানক সমস্যা ৰূপে জ্ঞান নকৰিব । প্ৰয়োজনত আন শিশুতকৈ তেওঁলোকক সমাজে বেছিকৈ মৰম কৰিব লাগে । কেতিয়াবা চৰকাৰৰ জৰীপত অন্তৰ্ভুক্ত নহয় বহু বিশেষভাৱে শিশু ৷ সেয়ে পাবলগীয়া সুবিধাৰ পৰা বঞ্চিত হয় বহু বিশেষভাৱে সক্ষম শিশু । সমগ্ৰ শিক্ষা মিছনে সকলোকে সামৰি ল’ব পাৰিব লাগিব । বিশেষভাৱে সক্ষমসকলক চৰকাৰে দিয়া সুবিধাসমূহ সাহাৰ্য বুলি জ্ঞান কৰাটো ভুল, এয়া তেওঁলোকে পাব লগা অধিকাৰ’’ ।

লগতে পঢ়ক : Assam’s interest burden increase : ঋণৰ সমান্তৰালকৈ ৰাজ্যৰ বৃদ্ধি পাইছে সুদৰ বোজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.