ETV Bharat / state

Assam’s interest burden increase : ঋণৰ সমান্তৰালকৈ ৰাজ্যৰ বৃদ্ধি পাইছে সুদৰ বোজা

author img

By

Published : Mar 25, 2023, 3:49 PM IST

২০১৯-২০ বৰ্ষত ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ বাবত সুদ পৰিশোধ কৰিছিল ৪৪৩৮.৫৮ কোটি টকা (Assam’s interest burden increase) । ২০২০-২১ চনত সুতৰ পৰিমাণ বৃদ্ধি পায় ৫১৯৯.০৬ কোটি টকালৈ । ৬০৫১.৪৮ কোটি টকাৰ সুদ আদায় দিয়া হয় ২০২১-২২ বৰ্ষত । ৰাজ্যখনৰ ঋণৰ বোজাই ১ লাখ ৩১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে । প্ৰতিগৰাকী লোকৰ বিপৰীতে ঋণৰ বোজা ৩৮ হাজাৰ টকা হৈছেগৈ (Assam's interest burden increased along with debt)।

Assam’s interest burden increase
চৰকাৰে ঋণৰ সুদ দিওতেই ৰাজকোষৰ এক বৃহৎ অংশ ব্যয়

গুৱাহাটী, ২৫ মার্চ : ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা অসম চৰকাৰে ঋণৰ সুদ দিওতেই ৰাজকোষৰ এক বৃহৎ অংশ ব্যয় কৰে (Assam Govt in Debt) । দিনক দিনে ৰাজ্যখনৰ ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে সুদৰ পৰিমাণ (Assam's interest burden increased along with debt) । ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্যতেই সুদৰ বোজাৰ উদ্বেজনক ছবিখন প্ৰতিফলিত হৈছে ।

তথ্য অনুসৰি, ২০১৯-২০ বৰ্ষত ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ বাবত মুঠ সুদ পৰিশোধ কৰিব লগা হৈছিল ৪৪৩৮.৫৮ কোটি টকা । ইয়াৰে বজাৰ ঋণৰ সুদ আছিল ২৫৪৩.৩০ কোটি টকা, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ সুদ আছিল ১৭৫.৫৭ কোটি টকা, কেন্দ্ৰীয় ঋণৰ সুদ আছিল ৯২.৫৯ কোটি টকা, ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণৰ সুদৰ পৰিমাণ আছিল ৮৬৬.৩৬ কোটি আৰু ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুদ আছিল ৭৬০.৯৬ কোটি টকা ।

সেইদৰে ২০২০-২১ চনত ৰাজ্য চৰকাৰে লোৱা ঋণৰ বিপৰীতে দিবলগীয়া সুদৰ পৰিমাণ বৃদ্ধি পায় ৫১৯৯.০৬ কোটি টকালৈ । উক্ত বৰ্ষত ৰাজ্য চৰকাৰৰ বজাৰ ঋণৰ সুদৰ পৰিমাণ বৃদ্ধি পায় ৩৩৫২.১১ টকালৈ, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ সুত বৃদ্ধি হয় ১৯২.৮০ কোটিলৈ, কেন্দ্ৰীয় ঋণৰ সুদ সামান্য হ্ৰাস পায় ১০.৬৭ কোটিলৈ, ৰাজ্যিক ভৱিষ্যনিধিৰ সুদ বৃদ্ধি হয় ৮৭৫.৩৩ কোটিলৈ আৰু ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ঋণৰ সুদ হয়গৈ ৬৮৮,২৬ কোটি টকা ।

লক্ষণীয় বিষয় যে, ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ২০২১-২২ বিত্তীয় বৰ্ষৰ সৰ্বাধিক ৬০৫১.৪৮ কোটি টকাৰ সুদ আদায় দিব লগা হয় (Assam’s interest burden increase)। এই বৰ্ষত ৰাজ্য চৰকাৰৰ বজাৰ ঋণ, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ, কেন্দ্ৰীয় ঋণ, ৰাজ্যিক ভৱিষ্যনিধি আৰু ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ঋণৰ বাবত পৰিশোধ কৰা সুদৰ পৰিমাণ আছিল ক্ৰমে ৪২৫০.৫৩, ২০৭.১০, ৮৯.৩১, ৮৮৮.৯৮ আৰু ৬১৫.৫ কোটি টকা ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত পৰিশোধ কৰা সুদৰ পৰিমাণ আবকাৰী বিভাগে সংগ্ৰহ কৰা ৰাজহৰ প্ৰায় দুগুণ আছিল । অৰ্থাৎ ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অন্যতম এটা উৎস আবকাৰী ৰাজহৰ উপৰি আন উৎসৰ পৰা ঋণৰ সুদ দিবলগীয়া হৈছে ।

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি আৰকাৰী বিভাগে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাই প্ৰায় ৩০০০ কোটি হৈছেগৈ । কিন্তু ইমান বৃহৎ পৰিমাণৰ ৰাজহো প্ৰায় অর্থহীন হৈ পৰিছে । কাৰণ ঋণৰ সুদ দিওতেই ব্যয় হৈছে ৬ হাজাৰ কোটিৰো অধিক টকা ।

ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ এনে শোচনীয় পৰিস্থিতিৰ পাচতো চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিন্তু অলপো কৃপনালি কৰা নাই । বৰ্তমান সময়ত ৰাজ্যখনৰ ঋণৰ বোজাই ১ লাখ ৩১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে আৰু প্ৰতিগৰাকী লোকৰ বিপৰীতে ঋণৰ বোজা ৩৮ হাজাৰ টকা হৈছেগৈ ।

লগতে পঢ়ক : Assam Govt in Debt : দুটা মাহতেই তিনি সহস্ৰাধিক কোটি টকাৰ ঋণ ল’লে অসম চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.