ETV Bharat / state

GUPGSU election result 2023 : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:33 PM IST

Declared GU PGSU election result 2023
গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা ৷ আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ অধিক সংখ্যক পদত জয়লাভ কৰে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

গুৱাহাটী, 29 ছেপ্টেম্বৰ : শুকুৰবাৰে ঘোষণা কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ৷ সদ্য ঘোষিত নিৰ্বাচনৰ ফলাফল অনুযায়ী নিৰ্বাচনত এইবাৰ আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ অধিক সংখ্যক পদত জয়লাভ কৰি নিৰ্বাচনত প্ৰভুত্ব ৰখা দেখা যায় ৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত জয়লাভ কৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে ৷

বিশ্ববিদ্যাখনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত আছু সমৰ্থিত প্ৰাৰ্থী জিন্টু দাস আৰু সাধাৰণ সম্পাদকৰ পদত এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী হিমানজিৎ ডেকাই বিজয় সাব্যস্ত কৰে ৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত অধিকাংশ পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে বিজয়ী হয় ৷ ইফালে নিৰ্বাচনত এন এছ ইউ আই, অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়েও জয় লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ 2023-24 বর্ষৰ নিৰ্বাচনত এইবেলি 15 টা পদৰ বিপৰীতে 32 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল ৷ শুকুৰবাৰে ঘোষিত ফলাফল অনুযায়ী উপ-সভাপতি পদত আৰিফ হুছেইন মীৰ (অসম ছাত্ৰ পৰিষদ), সহকাৰী সাধাৰণ সম্পাদক পদত নীহাৰিকা দেৱী (এ বি ভি পি), সাহিত্য বিভাগৰ সম্পাদক পদত নৱকান্ত বৰুৱা (আছু), সংগীত বিভাগৰ সম্পাদক পদত ঋষভজ্যোতি কাথাৰ ( এন এছ ইউ), সাংস্কৃতিক সম্পাদক পদত লক্ষ্যজিৎ শইকীয়া (আছু), তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পদত বৰষা বৰগোঁহাই (আছু ), গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদত হিমাক্ষী ৰাভা (আছু), লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত পল্লব প্ৰতীম হাজৰিকা (আছু), ক্ৰীড়া বিভাগৰ সম্পাদক পদত ঋষভ নাৰ্জাৰী, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত সুৰজ ফুকন (অসম ছাত্ৰ পৰিষদ), ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত উইনী ডেকা (আছু), শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত ভাৰ্গব কেওট, সমাজসেৱা বিভাগৰ সম্পাদক পদত দেবাঙ্গনা চক্ৰৱৰ্তীয়ে (আছু) জয় লাভ কৰিছে ৷

যোৱা বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ উল্লেখনীয় যে এইবেলি কোনো এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত নহ'ল ৷ নিৰ্বাচনত মুঠ 59.15 শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ নিশ্চিত কৰিছিল ৷ সৰ্বমুঠ ভোট আছিল 4,000 ৷ ইয়াৰে 2,366 গৰাকী ভোটাৰে ভোটদান কৰিছিল ৷

লগতে পঢ়ক : International Arm wrestling Competition 2023 : আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ দুজনকৈ খেলুৱৈৰ পদক জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.